Breaking News

ডিফুত বিজেপিৰ দলীয় সভাত মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শর্মাঃ সভাৰ অন্তত বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙক সাক্ষাৎ


আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপি দলে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰখাৰ সময়তে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই কালি কাৰ্বি আংলং জিলাৰ এখন সভাত দলীয় কর্মীসকলৰ সৈতে মত বিনিময় কৰে। ডিফুৰ সমীপৰ চুতীয়ানলাত থকা ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত সভাখনত প্ৰায় কুৰি মিনিট সময় ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে মূলতঃ কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ শাসনত হোৱা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে। বিশেষকৈ বিজেপিৰ ৯ বছৰীয়া শাসন কালত সমগ্ৰ উত্তৰ-পূব ভাৰততে উন্নয়নৰ নতুন দিগন্তৰ সূচনা হোৱা বুলি মত প্রকাশ কৰি বিজেপিৰ আমোলত আকাশী ভ্ৰমণৰ সুবিধাৰ বাবে উত্তৰ-পূবত কেইবাটাও বিমান বন্দৰ নিৰ্মাণৰ উদ্যোগ লোৱা বুলি তেওঁ কয়। অসমৰ বাট-পথৰ প্ৰভূত উন্নয়ন হোৱা বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা অনুসৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ প্রক্রিয়া চলি থকা বুলি সভাত অৱগত কৰে। অসমত সম্প্ৰতি ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে আন ১২ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা লোৱা বুলি তেওঁ উল্লেখ কৰে। তদুপৰি অসমৰ বিভিন্ন আত্মসহায়ক গোটত জড়িত হৈ থকা ৪০ লাখ মহিলাৰ প্ৰতিগৰাকীকে ক্ষুদ্র ব্যৱসায় আৰম্ভ কৰাৰ বাবে দহ হেজাৰকৈ টকা দিয়াৰ কথা ঘোষণা কৰাৰ লগতে এই প্ৰচেষ্টাৰে সফলতা লাভ কৰিলে পৰৱৰ্তী সময়ত বেংকসমূহে এইসকল মহিলাৰ ব্যৱসায় বৃদ্ধিৰ বাবে ঋণ প্রদান কৰাৰ লগতে উক্ত ঋণসমূহৰ সমুদায় সুত ৰাজ্য চৰকাৰে আদায় দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। আনহাতে অসমৰ এক লাখ নিবনুৱা যুৱকক দুই লাখ টকাকৈ ঋণ প্ৰদান কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সূৰ্য অবিহনে চন্দ্ৰই পোহৰ বিলাব নোৱাৰে বুলি মন্তব্য কৰি সেইদৰে প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ অবিহনে অসমৰ উন্নয়ন সম্ভৱপৰ নহয় বুলি মত প্ৰকাশ কৰি পৰৱৰ্তী কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোডীক দেশৰ প্ৰধানমন্ত্রী পদত অধিষ্ঠিত কৰোৱাৰ বাবে মুখ্যমন্ত্রীয়ে সকলোকে আহ্বান জনায়। সভাত ভাষণ দি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপি চৰকাৰৰ তৎপৰতাৰ বাবে পাহাৰীয়া এলেকাটোৰ ছটাকৈ বিদ্রোহী সংগঠনে অস্ত্ৰ ত্যাগ কৰি শাস্তিৰ পথ লোৱাৰ ফলত এলেকাটোত স্থায়ী শান্তিৰ বাতাৱৰণ সৃষ্টি হোৱা বুলি উল্লেখ কৰে। কালিৰ সভাত অন্য দলৰ পৰা আহি বিজেপিত যোগদান কৰা ভালেসংখ্যক লোকক মুখ্যমন্ত্ৰীয়ে দলৰ মজিয়ালৈ আদৰণি জনায়। সভাৰ অন্তত সাংবাদিকেৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে এছ আই ইউ নথকা বাবে কাৰ্বি আংলঙৰ টেট শিক্ষক নমাহে দৰমহাৰ পৰা বঞ্চিত হৈ থকাৰ বিষয়ে কালিহে অৱগত হোৱা বুলি প্ৰকাশ কৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে দলৰ জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ বাসগৃহত উপস্থিত হৈ সাহিত্যিকগৰাকীৰ কুশল বাৰ্তা লোৱাৰ লগতে বাৰ্তালাপত মিলিত হয়। সভাত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গালোছা, মন্ত্রী নন্দিতা গালোছা, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments