Breaking News

ধনশিৰি ঘাটত প্ৰৱেশ কৰা প্ৰথমটো কাৰ্গ'ক আদৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

 


শুক্ৰবাৰে গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত মৰঙিত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ এখন বিশাল জনসভাত অংশগ্রহণ কৰাৰ পাছতে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ধনশিৰি নদীৰ নুমলীগড় ঘাটত গুজৰাটৰ পৰা জাহাজেৰে অহা ৪৮৫ মেট্রিক টনৰ এটি বৃহৎ আকাৰৰ টাৰ্বান মেচিন পৰিদৰ্শন কৰে। নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ কামত ব্যৱহাৰ কৰা মেচিনটো গুজৰাটৰ পৰা জাহাজেৰে নুমলীগড়লৈ অনা হৈছে বুলি জানিব পৰা গৈছে। এখন জাহাজত গুজৰাটৰ পৰা বহু সাগৰ-মহাসাগৰ অতিক্ৰম কৰি ধনশিৰি নদীয়েদি কালি বিয়লি প্রায় ৩ বজাত নুমলীগড় ঘাটত উপস্থিত হোৱাৰ পাছতে মেচিনটো নুমলীগড় শোধনাগাৰৰ  পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনে আনুষ্ঠানিকভাৱে চমজি লোৱাৰ পাছতে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল উক্ত স্থানত উপস্থিত হৈ মেচিনটো পৰিদৰ্শন কৰে। নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণৰ বাবে এনেকুৱা মুঠ ১০ টা মেচিন গুজৰাটৰ পৰা অনা হ'ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বৃহৎ আকাৰৰ মেচিনটো স্থলপথেৰে অনাটো সম্ভৱ নহয় কাৰণে জলপথেৰে অনা হৈছে। উক্ত মেচিনটো পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ কামাখ্যাপ্রসাদ তাছা সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালককে ধৰি ভালেসংখ্যক উচ্চপদস্থ বিষয়াই।

No comments