Breaking News

সোৱণশিৰিৰ বলিয়া বানে তচনচ কৰিলে গেৰুকামুখ প্ৰকল্প


এক ভয়াৱহ সংকটৰ দিশে আগবাঢ়িছে উত্তৰ অসম। ৰাইজৰ হাজাৰ  আপত্তিক উপেক্ষা কৰি নিৰ্মাণ কৰা বৃহৎ সোৱণশিৰি নদীবান্ধৰ ভয়াৱহ পাৰ্শ্বক্ৰিয়াৰ কবলত পৰাৰ আশংকা ঘনীভূত হৈছে উত্তৰ অসমবাসী। যোৱা তিনি দিন ধৰি গেৰুকামুখত সৃষ্টি হোৱা প্ৰাকৃতিক প্রলয়ে তাৰেই উমান দিছে। বিজুলী উৎপাদনৰ দিশে আগবঢ়া গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত বান আৰু ভূমিস্খলন অব্যাহত আছে। নাও বুৰিলেও টিঙৰ পৰা ননমা নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিৰ মিথ্যাচাৰ উদঙাই, দৰ্প-চূৰ্ণ কৰি গেৰুকামুখৰ বৃহৎ নদীবান্ধ প্রকল্প বেয়াধৰণে ক্ষতিগ্ৰস্ত হৈছে ভয়াৱহ ভূমিস্খলন আৰু সোৱণশিৰিৰ বলিয়া বানত। নদীখনৰ উৎসৰ লগতে অৰুণাচলত হোৱা মুষলধাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনত গেৰুকামুখৰ বৃহৎ নদীবান্ধ আৰু জলবিদ্যুৎ প্ৰকল্পত ইটোৰ পাচত সিটো ভয়ংকৰ অথন্তৰ সংঘটিত হৈ আছে। কালি ভূমিস্খলনৰ ফলত বৃহৎ নদীবান্ধটোৰ বাওঁপাৰে গেৰুকামুখৰ ঠুনুকা পাহাৰৰ বৃহৎ অংশ খহি পৰে। ফলত ডাইভাৰ্ছন টানেলৰ ওপৰত প্ৰভাৱ পৰে। আনহাতে সোৱণশিৰিৰ বলিয়া বানে এক আৰু দুই নং ডাইভাৰ্ছন টানেলৰ দুখন গেট উটুৱাই লৈ যায়। আনহাতে নদীখনৰ কোবাল সোঁতৰ উপৰ্যুপৰি আঘাতত ডেম নিৰ্মাণৰ টাৱাৰৰ কেইবাকোটিটকীয়া বৃহৎ কণ্টেইনাৰ এটা নদীৰ পানীত পৰি উটি যায়। দুখন এক্সকেভেটৰ পানীত ডুবি থকাৰ বিপৰীতে গাইডবান্ধ ভাঙি পাৱাৰ হাউছত পানী সোমোৱাত তৃতীয় দিনাও দুটাকৈ টার্বাইন পানীৰ তলতে আছে। এন এইচ পি চিয়ে প্ৰকল্পটোৰ কাম-কাজ বন্ধ ৰাখিবলগীয়া হৈছে। গেৰুকামুখত বলিয়া বানৰ প্ৰভাৱত বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ আৰু অধিক ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। প্ৰতিবছৰে গেৰুকামুখৰ বৃহৎ নদীবান্ধ আৰু জলবিদ্যুৎ প্রকল্পই প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন হৈ আহিছে যদিও নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে এইবোৰ সাধাৰণ ঘটনা বুলি টুলুঙা মন্তব্য কৰি ৰাইজক আভুৱা ভাৰিবলৈ যত্ন কৰি আহিছে। চলিত জুন মাহতে ৰিজাৰ্ভাৰত পানী আবদ্ধ কৰি প্ৰথম পৰ্যায়ত দুটা ইউনিটত পাঁচশ মেগাৱাট বিজুলী উৎপাদন কৰাৰ কথা আছিল যদিও গেৰুকামুখত হোৱা বান আৰু ভূমিস্খলনৰ বাবে চলিত মাহত বিজুলী উৎপাদনৰ মৰসাহ কৰিব নোৱাৰি অহা ডিচেম্বৰ মাহলৈ বিজুলী উৎপাদনৰ সময় পিচুৱাই দিয়া হৈছে। এই সময়ত বিজুলী উৎপাদন কৰিলে নিসন্দেহে বান্ধৰ কু-প্ৰভাৱ উত্তৰ অসমত পৰিব। ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ আগতে বিদ্যুৎ উৎপাদন আৰম্ভ কৰি  কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে  বিপদ চপাই নোলোৱাটো একপ্ৰকাৰ খাটাং হৈ পৰিছে। সেয়ে খৰালিলৈ বিজুলী উৎপাদনৰ সময় পিচুৱাই দিয়া হৈছে। উত্তৰ অসমৰ ৰাইজক একপ্ৰকাৰে খেলৰ পুথলা সজাব খোজা এই বৃহৎ নদীবান্ধটোৰ পৰা বিজুলী উৎপাদন কৰিবলৈ চৰকাৰে বিচাৰিলেও প্রকৃতিয়ে সেই কথা বাস্তৱায়িত হ'ব নিদিয়াটো সাম্প্রতিক বান-ভূমিস্খলনে যেন একপ্ৰকাৰ নিশ্চিত কৰিছে। উল্লেখযোগ্য যে সোৱণশিৰি নৈৰ বুকুৰে আজি প্ৰতি ছেকেণ্ডত ৫,০১৫ ঘনমিটাৰ পানী প্ৰবাহিত হৈছে। আনহাতে ডাইভাৰ্ছন টানেলেৰে প্ৰবাহিত হয় কেৱল ৯৫০ ঘনমিটাৰ পানী। ইয়াৰ পৰাই পৰিস্ফুট হৈ পৰিছে ভয়াৱহতাৰ প্ৰকৃত ছবি।

      শাসনলৈ আহিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প কেতিয়াও হ'বলৈ নিদিয়া, বৃহৎ নদীবান্ধ ভাঙি দিয়াৰ ছলাহী কথাৰে ৰাইজৰ সমৰ্থন আদায় কৰা বিজেপিৰ শীৰ্ষ নেতৃত্বই এতিয়া প্ৰতিশ্ৰুতি পাহৰিলে। গেৰুকামুখৰ নদীবান্ধৰ কাম শীঘ্ৰে সম্পন্ন কৰি বিদ্যুৎ উৎপাদনৰ বাবে সাজু হোৱা কেন্দ্ৰীয় চৰকাৰে ধেমাজি জিলা, মাজুলী জিলা, লখিমপুৰ জিলাকে ধৰি উত্তৰ অসমৰ ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ প্ৰশ্নলৈ পিঠি দিছে। প্রকৃতিয়ে ফেপেৰি পাতি ধৰিছে ৰাইজ, দল-সংগঠনৰ কথাক গুৰুত্ব নিদিয়া শাসকীয় পক্ষক। গেৰুকামুখৰ প্ৰাকৃতিক প্রলয়ে ৰাজ্যৰ নদীবান্ধ বিশেষজ্ঞৰ মতামতৰ সত্যতা প্ৰতিপন্ন কৰি প্ৰমাণ কৰে যে গেৰুকামুখত বৃহৎ নদীবান্ধৰ স্থায়িত্ব মুঠেও নাই। সেই কথা বৰ্তমানৰ ধাৰাবাহিক প্রলয়ে প্ৰমাণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰেও বুজি উঠিছে।প্ৰকৃতিৰ এই তাণ্ডৱ দেখি ভয়াৱহ বিপদৰ আশংকাত বান্ধৰ নামনিৰ ৰাইজ এক প্ৰকাৰ ত্ৰস্তমান হৈ পৰিছে। 

No comments