Breaking News

অসমৰ ১৮ খনকৈ জিলাত শীঘ্ৰেই আৰম্ভ কৰা হ’ব পাম অইল পাম খেতি


ভাৰত চৰকাৰে ২৫ জুলাইৰ পৰা ৫ আগষ্টলৈ ৰাষ্ট্ৰীয় ভোজ্য তেল-তেল পাম অভিযান (এনএমইঅ’-অ’পি)ৰ অধীনত মেগা অইল প্লেন্টেচন ড্রাইভ আৰম্ভ কৰিছে। এই অভিযানৰ বিষয়ে বিশদভাৱে আলোচনাৰ বাবে গুৱাহাটীত বুধবাৰে এখন ঘূৰণীয়া মেজৰ আয়োজন কৰা হয়। এই বৈঠকত গডজে এগ’ভেট লিমিটেড, ইণ্ডিয়ান ইনষ্টিটিউট অৱ অইল পাম ৰিচাৰ্ছ, দ্য ছলভেণ্ট এক্সট্ৰেক্টছ' এছ'চিয়েচন অৱ ইণ্ডিয়া আৰু ছলিডাৰিদাদ নেটৱৰ্কৰ বিষয়ববীয়া উপস্থিত থাকে। এই মেজমেলত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে পাম অইল খেতিৰ গুৰুত্ব আৰু ই কেনেদৰে অঞ্চলটোৰ কৃষকসকলক উন্নীত কৰিব পাৰে সেই সন্দৰ্ভত আলোচনা কৰা হয়। উত্তৰ-পূৰ্বাঞ্চৰ ভিতৰত মিজোৰামত এই খেতিৰ জৰিয়তে বহুসংখ্যক কৃষক উপকৃত হোৱাৰ লগতে আর্থিকভাবে যথেষ্ট লাভান্বিত হৈছে বুলি উল্লেখ কৰা হয়। লগতে অসমৰ ১৮খন জিলাত  শীঘ্ৰে এই খেতি আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে। এই মেজ মেলত ভিডিঅ' কনৰেঞ্চযোগে বৈচিত্র্যপূৰ্ণ, গৱেষণা আৰু উন্নয়ন । কেন্দ্ৰীভূত খাদ্য আৰু কৃষি ব্যৱসায় সংঘবদ্ধ সংস্থা গডজে এগ্র’ভেট চ. লিমিটেডৰ পৰিচালন সঞ্চালক বলৰাম সিং যাদৱে কয়-এন এম ই অ’ আঁচনিৰ অধীনত গডজে এগু’ভেট লিমিটেডে ২০০৬ চনৰ পৰা অঞ্চলটোত পাম খেতিৰ সৈতে জড়িত আৰু ২০১৪ চনৰ পৰা ১ মিজোৰামত কাৰ্যকৰী মিল থকা একমাত্র কোম্পানী। এনএমইঅ’- অ'পি আঁচনিৰ অধীনত অঞ্চলটোত অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা চৰকাৰৰ সৈতেও বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। ভাৰত ৰ হৈছে পাম তেলৰ বিশ্বৰ সৰ্ববৃহৎ আমদানিকর্তা আৰু পাম তেলৰ รี দ্বিতীয় সর্ব বৃহৎ উপভোক্তা থকা দেশ। স্থানীয় উৎপাদন ৩০০, ০০০ টনৰ পাছতো ভাৰতে বৰ্তমান ৭৫,০০,০০০ টন আমদানি কৰে । মেজমেলত আইচিএআৰ-আই আইঅ’পিআৰৰ সঞ্চালক ডাঃ কে সুৰেশে কয়— "২০২০ চনৰ ভিতৰত যেতিয়া আইচিএআৰ - আইআইঅ’পিআৰ আৰু ডিএ এণ্ড এফডব্লিউৱে তেলপামৰ সম্ভাৱ্য অঞ্চলৰ মূল্যায়ন কৰিছিল, তেতিয়া ভাৰতত মুঠ ২৭.৯৯ লাখ হেক্টৰ তেলপাম খেতিৰ বাবে উপযোগী বুলি বিবেচিত হৈছিল, ইয়াৰে ৯.৬২ লাখ হেক্টৰ উত্তৰ-পূব ৰাজ্যত চিনাক্ত কৰা হৈছে। বৰ্তমান উঃ-পূবত ৩৮, ৯৯২ হেক্টৰ এলেকাত তেলপামৰ খেতি কৰা হৈছে, যাৰ ফলত এতিয়াও সম্প্ৰসাৰণৰ বহু সুযোগ আছে। ২০২১ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে খাদ্য তেল সম্পৰ্কীয় ৰাষ্ট্ৰীয় অভিযান - তেল পাম 7 (এনএমইঅ' অ'পি) আৰম্ভ কৰিছিল। অইল পামৰ পৰা খাদ্য তেলৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা এনএমইঅ’-অ’পি হৈছে কেন্দ্রীয় পৃষ্ঠপোষকতা কৰা আঁচনি আৰু সাধাৰণ ৰাজ্যসমূহৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ৬০:৪০ আৰু উত্তৰ-পূব ৰাজ্যৰ বাবে ৯০:১০ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ বাবে ১০০ শতাংশ হিচাপে খৰচৰ ভাগ-বতৰা কৰা হ'ব। এই সকলোৰে মাজত মাটিৰ মালিকীস্বত্ব কৃষকৰ হাততে আছে আৰু তেলপাম খেতিৰ বাবে অঞ্চল আবণ্টন কৰা বা দিয়া কোনো কৰ্প'ৰেটৰ সৈতে ।। নহয়। আমাৰ দেশে চাহিদা আৰু যোগানৰ মাজত এতিয়াও যথেষ্ট ব্যৱধানৰ সন্মুখীন হৈছে, যাৰ ফলত বছৰি প্ৰায় ১৪০ লাখ টন বিভিন্ন খাদ্য তেল আমদানি কৰিব লগীয়া হয়। এই আমদানি ব্যয়ৰ পৰিমাণ [ পাম আৰু অন্যান্য তেলৰ ওপৰত ১২০, ০০০কোটি টকা।"মেজমেলত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আশিষ ভুটানিয়ে- গডজে এগ্ৰ’ভেট লিমিটেড, ইণ্ডিয়ান ইনষ্টিটিউট অৱ অইল পাম ৰিচাৰ্ছ, দ্য ছলভেণ্ট এ’ট্ৰে”ৰছ' এছ'চিয়েচন অৱ ইণ্ডিয়া আৰু ছলিডাৰিদাদ নেটৱৰ্কক অসমত পাম আইল বিষয়ে সজাগতা সৃষ্টি কৰা বাবে ধন্যবাদ জনায়। এই মেজমেলত প্রাক্তন এ ভি পি (আৰ এণ্ড ডি), গডজে এগ্ৰ’ভেট লিমিটেডৰ টেকনিকেল কনচালটেণ্ট ড০ টি নৰেন্দ্ৰ ৰাও, গডজে এগ্ৰ’ভেট লিমিটেডৰ অইল পাম বিজনেছৰ চি ই অ' এছ  নেওগী, ছলিদাৰিদাদ নেটৱৰ্ক ভেজ অইল প্রগ্রেম ইণ্ডিয়াৰ মুৰব্বী ড০ সুৰেশ মটৱানী, দ্য ছলভেণ্ট এক্সট্রেক্টৰ্ছ এছ'চিয়েচন অৱ ইণ্ডিয়াৰ । কার্যবাহী সঞ্চালক ড° বি ভি মেহতা আদিয়ে বক্তব্য আগবঢ়ায় ।

No comments