Breaking News

কেতিয়া অন্ত পৰিব মণিপুৰৰ হিংসাত্মক কাৰ্যকলাপ?? মণিপুৰত উন্মত্ত জনতাই জ্বলাই দিলে নিৰাপত্তাবাহিনীৰ বাছ


সংঘৰ্ষপীড়িত মণিপুৰত অব্যাহত আছে হিংসাত্মক কাৰ্যকলাপ। যোৱা ৪ মে'ত সংঘটিত হোৱা নাৰী নির্যাতন বা তাৰ ভিডিঅ' প্ৰকাশ অথবা পৰৱৰ্তী সময়ত সংঘটিত প্ৰৱল গোষ্ঠী সংঘৰ্ষতে থমকি ৰোৱা নাই মণিপুৰ। উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখনত আজিও অব্যাহত আছে হিংসা। আৰু উদ্বেগজনকভাৱে এই হিংসা বিয়পি পৰিছে ম্যানমাৰৰ সীমান্তৱৰ্তী চহৰ মোৰেলৈ। কেন্দ্ৰ আৰু ৰাজ্য উভয়তে শাসনাধিষ্ঠিত 'ডাবল ইঞ্জিন' চৰকাৰে শেহতীয়াকৈ এনে এটা ‘তত্ত্ব’ প্ৰচাৰত মগ্ন হৈছে যে যি ভিডিঅ'-কাণ্ড উন্মোচিত হৈছে, সেয়া ৭৭ দিনৰ পুৰণি ঘটনা। মণিপুৰ এতিয়া আপেক্ষিকভাৱে শান্ত । বিৰোধী পক্ষই চৰকাৰক অস্থিৰ কৰিবলৈহে মণিপুৰৰ সংঘৰ্ষৰ বিষয়ে অহৰহ প্ৰচাৰ চলাই আছে । আনহাতে, আজিৰ পৰা ২৬ দিন পূৰ্বে বিজেপিৰ শীৰ্ষ নেতা তথা অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল, এসপ্তাহ বা ১০ দিনৰ ভিতৰত মণিপুৰলৈ শান্তি উভতি আহিব। বেচৰকাৰী সংবাদ সংস্থা এএনআইক দিয়া এটা সাক্ষাৎকাৰত তেওঁ কৈছিল— চৰকাৰে নীৰৱে শান্তি ঘূৰাই অনাৰ প্ৰচেষ্টা চলাই আছে। ৭-১০ দিনৰ ভিতৰত মণিপুৰ ঠাণ্ডা হৈ যাব। পিছে হিমন্ত বিশ্ব শৰ্মাৰ সেই ‘গেৰাণ্টী’ নৰজিল। ১ জুলাইৰ পৰা ২৬ জুলাই, অর্থাৎ আজিলৈ মণিপুৰত একাধিক হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু বহু নিৰপৰাধী লোকে প্ৰাণ হেৰুৱাইছে। তাতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, এইবাৰ হিংসাত্মক কাৰ্যকলাপ আৰু সংঘৰ্ষ সীমান্তৱৰ্তী চহৰ মোৰেলৈ বিয়পি পৰিছে। এই সংঘৰ্ষত বুধবাৰে এগৰাকী মহিলা কনিষ্টবলে সশস্ত্ৰ দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছে।

    বুধবাৰে ম্যানমাৰৰ সীমান্তৱৰ্তী ব্যৱসায়িক চহৰ মোৰেত উত্তেজিত জনতাই চিআৰপিএফ কঢ়িয়াই নিয়া দুখন বাছত অংগ্নিসংযোগ কৰে। এই ঘটনাত কোনো লোক হতাহত নহ'লেও উন্মত্ত জনতাই কেন্দ্ৰীয় সংৰক্ষিত বাহিনী থকা মোৰেৰ দুটা ঘৰত অগ্নিসংযোগ কৰি ভস্মীভূত কৰাত নিৰাপত্তাবাহিনী আৰু উন্মত্ত সশস্ত্ৰ লোকৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। সেই সংঘৰ্ষত মণিপুৰ আৰক্ষীৰ এগৰাকী মহিলা কনিষ্টবল নিহত হয়। ইয়াৰ পাছতে সমগ্ৰ মোৰে চহৰত উত্তেজনা বিয়পি পৰে। উন্মত্ত জনতাই মোৰে বজাৰৰ অসংখ্য ঘৰ, দোকান জ্বলাই ভস্মীভূত কৰে আৰু ব্যাপক লুটপাট কৰে। ব্যৱসায়িক চহৰ হোৱাৰ বাবে মোৰেত মেইটেই আৰু কুকি দুয়োটা সম্প্রদায়ে বাস কৰিছিল। বিগত ৩ মে'ত ৰাজ্যখনত গোষ্ঠীসংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত দুয়ো জনগোষ্ঠীৰ লোকেই ঘৰ-দুৱাৰ, দোকান- পোহাৰ এৰি পলায়ন কৰিছিল। বুধবাৰে দুয়োপক্ষই তেনে অসংখ্য পৰিত্যক্ত ঘৰ, দোকান আদি জ্বলাই ভস্মীভূত কৰে। পৰিস্থিতি শান্ত হোৱাৰ আশাত চহৰখনলৈ পলাই যোৱা একাংশ বাসিন্দা উভতি আহিছিল। এতিয়া তেওঁলোকৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে। ঘাইকৈ যোৱা বুধবাৰে তিনিগৰাকী কুকি মহিলাক বিবস্ত্ৰ কৰি পেৰেড কৰোৱা আৰু তাৰে ২১ বছৰীয়া যুৱতীগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ ঘটনাৰ ভিডিঅ' বিয়পি পৰাৰ ফলত ৰাজ্যখনত পুনৰ প্ৰৱল উত্তেজনাৰ সৃষ্টি হৈছে। এইবাৰ সেই উত্তেজনাৰ ফলত সৃষ্টি হোৱা সংঘৰ্ষৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মোৰে নামৰ মণিপুৰৰ কাষৰীয়া চহৰখন।

No comments