Breaking News

বিৰোধী ৰাজনৈতিক দলৰ নবগঠিত মঞ্চ‌‘ইণ্ডিয়া’ক সন্ত্ৰাসবাদী সংগঠনৰ লগত তুলনা প্ৰধানমন্ত্ৰীৰ

 


বিৰোধী ৰাজনৈতিক দলৰ নবগঠিত মঞ্চ, ইণ্ডিয়া'ক ইণ্ডিয়ান মুজাহিদিন হিচাপে আখ্যা দিছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইণ্ডিয়ান মুজাহিদিন হৈছে এটা মৌলবাদী ইছলামিক সন্ত্ৰাসবাদী সংগঠন, যাৰ কাৰ্যকালপ মূলতঃ ভাৰতৰ ভিতৰতে সীমাবদ্ধ। মঙলবাৰে সংসদৰ বৰ্ষাকালীন অধিবেশনৰ চতুৰ্থ দিনটো বিৰোধী দলৰ প্ৰতিবাদৰ বাবে স্থগিত ৰাখিবলগীয়া হোৱাত প্ৰধানমন্ত্রী মোদীয়ে বিজেপিৰ সংসদীয় দলৰ বৈঠকত অংশগ্ৰহণ কৰে আৰু উক্ত বৈঠকতে তেওঁ ২৬টা বিৰোধী ৰাজনৈতিক দলৰ নতুন মঞ্চক সন্ত্রাসবাদী সংগঠনৰ সৈতে তুলনা কৰে। বিৰোধী দলৰ  উক্ত বৈঠকত আক্ৰমণ কৰি মোদীয়ে কয় যে, বিৰোধীয়ে যিমানেই ‘ইণ্ডিয়া' নাম নলওঁক, সেই নামে একো কাম নিদিয়ে। তেওঁলোকে যি নাম লৈছে, সেয়া ইণ্ডিয়ান মুজাহিদিনৰ দৰেহে হৈছে। ইষ্ট ইণ্ডিয়া কোম্পানী, পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়ায়ো ‘ইণ্ডিয়া’ নামটো ব্যৱহাৰ কৰে। সেয়ে তেওঁলোকৰ এই নামৰ কাম আৰু কার্যকাৰিতা ইণ্ডিয়ান মুজাহিদিন, ইষ্ট ইণ্ডিয়া কোম্পানী, পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াতকৈ (পি এফ আই) পৃথক নহয় । বিজেপিৰ সংসদীয় দলৰ বৈঠকত ভাগ লৈ প্ৰধানমন্ত্রী মোদীয়ে কয় যে, মণিপুৰৰ ঘটনাক লৈ বিৰোধী দলে যিদৰে সদনৰ কাৰ্যক্ৰমণিকা বাধাপ্রাপ্ত কৰিছে সেয়া অসহ্যকৰ। তেওঁ এনে দিশাহীন বিৰোধী কেতিয়াও দেখা নাই বুলিও বৈঠকত মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত কৰা এই মন্তব্য এখন সংবাদ মেলত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ।

   প্রধানমন্ত্রী মোদীক ৰাজ্যসভাত প্রত্যাক্রমণ কৰে কংগ্ৰেছ সভাপতি তথা দলটোৰ ৰাজ্যসভাৰ নেতা মল্লিকার্জুন খৰ্গেই। তেওঁ কয়—"আমি প্রধানমন্ত্ৰীৰ পৰা মণিপুৰৰ ঘটনা সন্দৰ্ভত বিবৃতি দাবী কৰি আছোঁ আৰু তেওঁ সন্ত্ৰাসবাদী সংগঠন ইণ্ডিয়ান মুজাহিদিনৰ শৌৰ্য বৰ্ণনা কৰিছে। তেওঁ বিবৃতি দিব লাগে মণিপুৰৰ, দিছে ইষ্ট ইণ্ডিয়া কোম্পানী, নিষিদ্ধ সংগঠন পিএফআইৰ।' উল্লেখ্য, ২৬টা ৰাজনৈতিক দলৰ নৱগঠিত জোঁট ‘ইণ্ডিয়া’ৰ সদস্যই মণিপুৰৰ ঘটনা সন্দৰ্ভত সংসদত পূৰ্ণ ৰূপত আলোচনা আৰু প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ দাবীত কালি ওৰেনিশা সংসদ ভৱনৰ সন্মুখত ধর্ণা দিয়ে। বিৰোধী দলে ২৬৭ ধাৰাৰ অধীনত কেৱল মণিপুৰৰ বিষয়টো সংসদত আলোচনা কৰাৰ দাবী জনাইছে। চৰকাৰী পক্ষ সেই দাবীত সন্মত হোৱা নাই। চৰকাৰী পক্ষই অন্যান্য বিষয়ৰ লগতে একেলগে মণিপুৰৰ বিষয়ে আলোচনা কৰিব বুলি সন্মত হৈচে । বিৰোধীৰ মতে অন্যান্য বিষয়ৰ সৈতে আলোচনা কৰিলে মণিপুৰৰ ঘটনাই গুৰুত্ব নাপাব। বিৰোধীৰ এই আপত্তিৰ ফলত মঙলবাৰে চতুৰ্থ দিনাও ৰাজ্যসভা আৰু লোকসভাৰ কাম-কাজ দিনটোৰ বাবে বন্ধ হৈ পৰে।

   ইপিনে প্রধানমন্ত্ৰীৰ মণিপুৰ সন্দৰ্ভত বিবৃতিৰ নিশ্চয়তা নোপোৱা আৰু ২৬৭ ধাৰাৰ অধীনত মণিপুৰৰ ঘটনাৱলী সদনত আলোচনা কৰাৰ বাবে চৰকাৰী পক্ষ সন্মত নোহোৱাত বিৰোধী ৰাজনৈতিক দলে মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ গুণা-গাঁঠা কৰিছে। বিৰোধীৰ এই তৎপৰতা দেখি বিতত হৈ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এটা বিবৃতি আৰু টুইটাৰত জনায় যে, মণিপুৰৰ বিষয়ত আলোচনা কৰিবলৈ চৰকাৰ সাজু আৰু তেওঁ সেই কথা জনাই উভয় সদনৰ বিৰোধী দলৰ নেতালৈ পত্ৰ প্ৰেৰণ কৰিছে। পিছে সেই পত্ৰত অমিত শ্বাহে প্রধানমন্ত্রী মোদীৰ বিবৃতি নিশ্চিত কৰা নাই আৰু ২৬৭ ধাৰাৰ অধীনত এদিন বা প্রয়োজনবোধে দুদিন ধৰি মণিপুৰৰ ঘটনাৱলী সন্দৰ্ভত বিতৰ্ক আৰু আলোচনা হ'ব বুলিও নিশ্চিতি প্ৰদান কৰা নাই। এনে পৰিস্থিতিত বিৰোধী ৰাজনৈতিক দলে মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ পৰিকল্পনা কৰিছে।

No comments