Breaking News

দেশৰ ভিতৰতেই দ্বিতীয় সৰ্বনিম্ন জনমূৰি আয়ৰ ৰাজ্য হিচাপে পৰিগণিত অসম: অধিক হিতাধিকাৰীৰ বাবেই হ্ৰাস হৈছে জনমূৰি আয়


যোৱা কেইটামান বছৰত অধিক হিতাধিকাৰীৰ সংখ্যাই অসমৰ জনমূৰি আয়ৰ অৱস্থা শোচনীয় কৰি তুলিছে । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এটা বছৰৰ ভিতৰত অসমৰ জিডিপি প্রায় ৫ লাখ ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধিৰ সপোন দেখুওৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ প্রতিবেদনত প্ৰকাশ পাইছে অসমৰ জনমূৰি আয়ৰ শোচনীয় অৱস্থা । আজিৰ তাৰিখত অসমৰ মুঠ জনমূৰি আয় তালিকাৰ শেষৰ ফালৰ পৰা দ্বিতীয় স্থানত আছে। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে ৰাজ্যখনৰ অৰ্থনীতিৰ লাওলোৱা অৱস্থা আৰু উন্নয়নৰ প্ৰকৃত স্বৰূপ । ৰাজ্যসভাত পৰিসংখ্যা আৰু প্ৰকল্প ৰূপায়ণ মন্ত্রণালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে প্ৰকাশ কৰা অনুসৰি দেশৰ ১৬ খন ৰাজ্যৰ ভিতৰত অসমৰ জনমূৰি আয় অতি শোচনীয়। 2022-23 বৰ্ষত অসমৰ জনমূৰি আয় মাত্র ১,১৮,৫০৪ টকা হোৱাৰ বিপৰীতে মেঘালয়ৰ জনমুখি আয় ৯৮,৫৭২ টকা। অসমৰ তলত মেঘালয়হে আছে জনমূৰি আয়ৰ এই তালিকাত । অসমৰ এনে শোচনীয় অৱস্থাৰ বিপৰীতে অন্ধ প্রদেশ, ছত্তীশগড়, হাৰিয়ানা, কৰ্ণাটক, মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ, ওড়িশা, পাঞ্জাব, ৰাজস্থান, তামিলনাড়ু, তেলেংগানা, উত্তৰাখণ্ড, পশ্চিমবংগ আৰু জন্মু-কাশ্মীৰৰ জনমূৰি আয় বহু ওপৰত আছে। জনমূৰি আয়ৰ ক্ষেত্ৰত তেলেংগানাৰ স্থান ৩,০৮,৭৩২ টকাৰে শীৰ্ষত আছে। ৩,০১,৬৭৩ টকাৰে দ্বিতীয় স্থানত আছে কর্ণাটক। কিন্তু জনমূৰি আয়ৰ তালিকাত দেশৰ ভিতৰতে অসমৰ অৱস্থা ইমান শোচনীয় কিয়? প্রকৃতাৰ্থত অসমৰ জনমূৰি আয় বৃদ্ধি পোৱা নাই কিয়? ইয়াৰ বাবে হিতাধিকাৰী সৃষ্টিয়ে মূল কাৰণ নেকি? অসমৰ জনমূৰি আয়ৰ বৃদ্ধি যে পোৱা নাই সেইটো স্পষ্ট হৈ পৰিছে অভাবনীয় হাৰত বৃদ্ধি পোৱা হিতাধিকাৰীৰ সংখ্যাই। চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত ৰাজ্যত ৪০ লাখতকৈ অধিক পৰিমাণৰ হিতাধিকাৰীৰ সংখ্যা পুনৰ বৃদ্ধি পাব খাদ্য সুৰক্ষা আইনৰ অধীনত। ইয়াৰ বিপৰীতে বিভিন্ন আঁচনিৰ অধীনত ৰাজ্যত বৰ্তমান হিতাধিকাৰীৰ সংখ্যা প্রায় ২ কোটি। ইয়াৰ ভিতৰত খাদ্য সুৰক্ষা আইনৰ অধীনতে ৫৬ লাখ ১৯ হাজাৰ পৰিয়ালে চৰকাৰী চাউল লাভ কৰি আছে। হিতাধিকাৰীক অন্যান্য ধৰণে সহায় কৰাৰ লগতে নগদ ধন বিতৰণৰ ব্যৱস্থাও অব্যাহত আছে ৰাজ্যত । প্ৰায় ২৮ লাখ পৰিয়ালে লাভ কৰি আছে অৰুণোদয়ৰ ধন। প্ৰতিমাহে এই আঁচনিৰ অধীনত দৰিদ্র সীমাৰেখাৰ তলৰ পৰিয়ালে ১২৫০ টকাকৈ বর্তমানে লাভ কৰি আছে। ইয়াৰ উপৰিও চৰকাৰৰ আন বহু হিতাধিকাৰী আঁচনি আছে যাৰ জৰিয়তে লাখ লাখ লোকে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰি আছে। এই আঁচনিৰ বাবদ চৰকাৰে প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিবলগীয়া হৈছে ৰাজকোষৰ পৰা। হিতাধিকাৰীৰ এই বোজাৰ প্ৰত্যক্ষ প্রভাব পৰিছে জনমূৰি আয়ৰ ওপৰত। 

    হিতাধিকাৰী সৃষ্টিৰে চৰকাৰে নিজৰ ভোটবেংক শক্তিশালী কৰিব বিচাৰিছে যদিও ইয়াৰ দ্বাৰা ৰাজ্যবাসীৰ জনমূৰি আয় বৃদ্ধি পোৱাৰ কোনো অবকাশ নাই । ২০২৩-২০২৪ বিত্তীয় বৰ্ষত চৰকাৰে প্ৰায় ১০ হাজাৰ কোটি টকা নগদ ধন বিতৰণৰ লক্ষ্য কৰি লৈছে বাজেটত। অৱশ্যে ধনৰ এই পৰিমান বৃদ্ধিও হ'ব পাৰে। ১ লাখ নিবনুৱাক ২ লাখকৈ টকা দিব বিচাৰিছে চৰকাৰে। ইয়াৰ বাবদ তিনি বছৰত ব্যয় হ’ব ৫ হাজাৰ কোটি টকা ৷ অসম মাইক্রফাইনেন্স উদগনি আৰু সকাহ আঁচনি, স্কুটী বিতৰণ, শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তি আৰু হোষ্টেল মাছুল, চাহ বাগিচাৰ বাবে বিভিন্ন আঁচনি, আত্ম সহায়ক গোটক নগদ ধন প্ৰদানৰ দৰে হিতাধিকাৰীৰ বাবে থকা আঁচনিৰ নামতো চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি আছে। ইয়াৰ প্ৰত্যক্ষ প্রভাব জনমূৰি আয়ৰ ওপৰত পৰাৰ ফলত আজিৰ তাৰিখত দেশৰ ভিতৰত সৰ্বনিম্ন হৈ পৰিছে অসমৰ স্থান। 

No comments