Breaking News

গোলাঘাটৰ বেঙেনাখোৱা কৃষ্ণনগৰৰ সৰবৰহী মহিলা মহামায়া মিশ্ৰৰ মৃত্যুত শোক


ডিজিটেল সংবাদঃ গোলাঘাট বেঙেনাখোৱাৰ সৰবৰহী তথা ধৰ্মপ্ৰাণা মহিলা মহামায়া মিশ্ৰৰ বুধবাৰে পুৱা বাৰ্ধক্যজনিক কাৰণ নিজাবাসগৃহত পৰলোকপ্ৰাপ্তি হয়। মৃত্যুৰ সময়ত সৰবৰহী মহিলাগৰাকীৰ বয়স আছিল ৯৫ বছৰ। ধৰ্মপ্ৰাণা মহিলা গৰাকীৰ মৃত্যু সমগ্ৰ বেঙেনাখোৱা অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰে। মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগণন শুভাকাংশী তথা পৰিয়াল লোকে ভিৰ কৰে মিশ্ৰৰ বাসগৃহ। বাসগৃহতে বিভিন্নজন শুভাকাংশীয়ে  শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত মিশ্ৰই ৩ পুত্ৰ, এগৰাকী কন্যাসহ বহু আত্মীয়-স্বজনক এই সংসাৰত এৰি গৈছে।

ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ মৃত্যুত জননী লাইভে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ 

No comments