Breaking News

মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাই কঁপাইছে সমগ্ৰ বিশ্ব: আমেৰিকাৰ প্ৰতিক্ৰিয়া


মণিপুৰত অব্যাহত আছে গোষ্ঠীসংঘৰ্ষ তথা হিংসাত্মক কাৰ্যকলাপ।সমগ্র বিশ্ব কঁপাই তোলা আৰু ভাৰতক বিশ্ববাসীৰ আগত লজ্জানত কৰা মণিপুৰৰ নাৰী নিৰ্যাতনৰ যি ঘটনা এটা ভিডিঅ'ৰ জৰিয়তে ভাইৰেল হৈ পৰিছিল, সেই ঘটনাক আমেৰিকাই বৰ্বৰ আৰু ভয়ংকৰ বুলি অভিহিত কৰিছে। কেন্দ্ৰত শাসনাধিষ্ঠিত মোদী চৰকাৰৰ মন্ত্ৰীজনে আৰু বিভিন্ন ৰাজ্যৰ বিজেপি মুখ্যমন্ত্রীয়ে মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনা প্রকাশ পোৱাৰ পাছত অবিজেপিশাসিত কোন কোন ৰাজ্যত নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে তাৰ অনুসন্ধানত ব্যস্ত হৈ আছে। আনকি মণিপুৰতকৈ পশ্চিমবংগ, ৰাজস্থান, বিহাৰত অধিক নাৰী নিৰ্যাতন হয় বুলি নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী আৰু সাংগো পাংগোৱে বিৰোধী দলক ওভতাই আক্ৰমণ কৰিছে।থৰযএনে সময়তে ভাৰতৰ সাম্প্ৰতিক কালৰ ঘনিষ্ঠতম বন্ধুৰাষ্ট্ৰ আমেৰিকাই মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি উদ্বিগ্নতা প্রকাশ কৰিছে। উল্লেখ্য যে যোৱা ৪ মে'ত মণিপুৰৰ থৌবাল জিলাত তিনিগৰাকী কুকি মহিলাক বিবস্ত্ৰ কৰি পেৰেড কৰাইছিল এদল মেইটেই মণিপুৰীয়ে। তাৰে ২১ বছৰীয়া যুৱতীগৰাকীক সেই উন্মত্ত লোকসকলে দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল। মণিপুৰত আংশিকভাৱে ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ পাছত যোৱা বুধবাৰে বিয়লি সেই ঘটনাটোৰ ভিডিঅ' প্ৰকাশ হয় আৰু নিমিষতে ই ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। সেই ভিডিঅ'ই সমগ্ৰ দেশৰ সচেতন লোকক জোকাৰি পেলাইছে। সেই পাশৱিক ভিডিঅ' দেখি আমেৰিকাৰ গৃহবিভাগৰ মুখপাত্রই সোমবাৰে দেশখনৰ হৈ কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সেই ঘটনাটোক বৰ্বৰ আৰু ভয়ংকৰ বুলি অভিহিত কৰে। আমেৰিকাই ঘটনাৰ ভুক্তভোগীক সমবেদনা জ্ঞাপন কৰে। এটা বিবৃতিত আমেৰিকাৰ গৃহদপ্তৰৰ মুখপাত্ৰজনে কয়— আমি মণিপুৰৰ হিংসাত্মক ঘটনাৰ শান্তিপূৰ্ণ আৰু ইতিবাচক সমাধান বিচাৰো। মণিপুৰৰ ঘটনাত ক্ষতিগ্রস্ত সকলো সম্প্রদায় আৰু সকলো ধৰ্মৰ লোকক ভাৰত চৰকাৰে সমানে নিৰাপত্তা দিব লাগে বুলি আমি আহ্বান জনাওঁ। ৰাজ্যখনৰ সকলো জনগোষ্ঠী, সকলোৰে বাসস্থান আৰু সকলোৰে উপাসনাস্থলী ভাৰত চৰকাৰে সমানভাৱে সুৰক্ষা দিয়ক। অশান্ত মণিপুৰত পুনৰ আৰম্ভ হৈছে হিংসাত্মক ঘটনা। দেওবাৰে বিয়লি আৰু নিশাৰ ভাগত চূড়াচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ সীমামূৰীয়া অঞ্চলত এদল দুষ্কৃতিকাৰীয়ে এখন স্কুল জ্বলাই দিয়ে। আনহাতে আন এটা ঘটনাত দুটা সশস্ত্ৰ দলৰ মাজত ভয়ংকৰ গুলীয়াগুলী হয়। গুলীয়াগুলীৰ এই ঘটনাত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। ইপিনে মণিপুৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ বাসভৱনত দেওবাৰে পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীজনৰ বাসভৱন উত্তেজিত জনতাই জ্বলাই ভস্মীভূত কৰিছিল। দেওবাৰে এদল প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীজনৰ বাসভৱনৰ দিশে আগবাঢ়ে আৰু সংসদত বিজেপি চৰকাৰে মণিপুৰৰ ঘটনা আলোচনা নকৰাৰ বাবে তেওঁৰ বাসভৱনত আক্রমণ সংঘটিত কৰে। সেই সময়ত কেন্দ্রীয় মন্ত্ৰীজনৰ বাসভৱনত নিৰাপত্তা বাহিনী উপস্থিত আছিল। তেওঁলোকে প্ৰতিবাদকাৰীত বাধা প্ৰদান কৰে। ইপিনে মণিপুৰৰ ঘটনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতি দাবী কৰি আৰু বিষয়টো ২৬৭ ধাৰাৰ অধীনত গুৰুত্বসহকাৰে আলোচনা কৰাৰ বাবে দাবী জনাই সোমবাৰে সংসদৰ বর্ষাকালীন অধিবেশন বিৰোধী দলসমূহে উত্তাল কৰি তোলে। বিৰোধী দলৰ তীব্ৰ প্ৰতিবাদৰ ফলত ৰাজ্যসভা আৰু লোকসভাৰ কাৰ্যক্ৰমণিকা এখোজো আগনাবাঢ়িল। বিৰোধীৰ প্ৰতিবাদত উভয় সদন সোমবাৰে অচল হৈ পৰিল। তাৰ মাজতে ৰাজ্যসভাৰ আম আদমি পাৰ্টীৰ সদস্য সঞ্জয় সিঙক অধ্যক্ষ জগদীপ ধনখড়ে চলিত অধিৱেশনৰ পৰা নিলম্বিত কৰে। সঞ্জয় সিঙে প্রধানমন্ত্ৰীৰ বিবৃতিৰ দাবীত ৰাজ্যসভাত প্ৰতিবাদ সাব্যস্ত কৰিছিল। সঞ্জয় সিঙৰ মতে তেওঁলোকৰ প্ৰতিবাদৰ মুখামুখি হোৱাৰ চৰকাৰীপক্ষৰ সাহস নথকাৰ বাবেই তেওঁক ৰাজ্যসভাৰ অধিৱেশনৰ পৰা নিলম্বিত কৰিছে। এজন বিৰোধী দলৰ সাংসদক নিলম্বিত কৰিলেও নীৰৱে বহি থকা নাই বিৰোধী ৰাজনৈতিক দলসমূহ। বিৰোধী দল কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খৰ্গেই ৰাজ্যসভাৰ বিধি অনুসৰি ২৬৭ ধাৰাৰ অধীনত মণিপুৰৰ বিষয়টো আলোচনা কৰিব লাগে বুলি ন’টিচ দিয়ে। উল্লেখ্য এই অনুচ্ছেদ অনুসৰি ৰাজ্যসভাৰ কোনো সদস্যই জৰুৰী বা আপদকালীন বিষয় লৈ ৰাজ্যসভাত গুৰুত্বসহকাৰে আৰু দীঘলীয়া সময়ৰ বাবে সংশ্লিষ্ট বিষয়টোক লৈ আলোচনাৰ বাবে ন'টিচ দি আবেদন জনাব পাৰে। পিছে চৰকাৰী পক্ষৰ মণিপুৰৰ বিষয়টো সংসদত সাধাৰণভাৱে আলোচনা কৰাৰহে পক্ষপাতী। সম্পূর্ণ দিনটো বা আলোচনা পূৰা নহ'লে আৰু এটা দিনত মণিপুৰৰ বিষয়টো সদনত আলোচনা কৰিবলৈ আগ্ৰহী নহয় মোদী চৰকাৰ। তেওঁলোকে সংসদৰ অন্যান্য বিষয়ৰ সৈতে একেলগে মণিপুৰৰ বিষয়টো আলোচনা কৰিব বুলি বিৰোধী পক্ষক জনাইছে। পিছে চৰকাৰৰ এই আহ্বানত সন্মতি জনোৱা নাই বিৰোধী পক্ষই। ইয়াৰ ফলত চৰকাৰী আৰু বিৰোধীৰ সাংসদৰ তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হোৱাত সোমবাৰে সংসদৰ কাৰ্যক্ৰমণিকা সম্পূৰ্ণ দিনটোৰ বাবে বন্ধ ৰাখিবলগীয়া হয়। অৱশ্যে বিৰোধী দলৰ সাংসদসকল এনেই বহি নাথাকিল। তেওঁলোকে সংসদৰ বাহিৰত মণিপুৰৰ আলোচনা বিচাৰি আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিবৃতি দাবী কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অলপতে বেংগালুৰুত ২৬টা বিৰোধী ৰাজনৈতিক দল মিলি ‘ইণ্ডিয়া' নামৰ বিৰোধী জোঁট গঠন কৰিছিল। তেওঁলোকে সোমবাৰে ‘ইণ্ডিয়াই মণিপুৰৰ সুৰক্ষা বিচাৰে’, ‘ইণ্ডিয়াই মণিপুৰৰ নাৰীৰ নিৰাপত্তা বিচাৰে’, ‘ইণ্ডিয়াই মণিপুৰৰ বিষয়টো সংসদত গুৰুত্বসহকাৰে আলোচনা কৰা বিচাৰে' ইত্যাদি প্লে-কার্ড লৈ সংসদ ভৱনৰ সন্মুখত ধর্ণা দিয়ে। বিৰোধী ৰাজনৈতিক দলসমূহে কয় যে, প্রধানমন্ত্রীয়ে মণিপুৰৰ প্ৰসংগত তেনেই সামান্য বক্তব্য সংসদৰ বাহিৰত ৰাখিছে। গণতান্ত্রিক দেশত প্ৰধানমন্ত্ৰীৰ তেনে কার্য শোভা নাপায়। কিয়নো প্রধানমন্ত্ৰীৰ সেই প্রতিক্রিয়া অনানুষ্ঠানিক, সংসদৰ বাহিৰত কৰা মন্তব্য সদনৰ কাৰ্যক্ৰমণিকাত অন্তৰ্ভুক্ত নহয়। সংসদৰ ভিতৰত মণিপুৰৰ সন্দৰ্ভত প্রধানমন্ত্ৰীয়ে মন্তব্য কৰিলে সেয়া লিখিত আকাৰত চৰকাৰৰ দুৰ্বলতা হিচাপে স্থায়ী হৈ ৰৈ যাব বুলি ভয় খাই মোদীয়ে সংসদৰ বাহিৰত মন্তব্য কৰা বুলি বিৰোধী ৰাজনৈতিক দলে অভিযোগ কৰে। বিৰোধী দলৰ বিক্ষোভ প্ৰসংগত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয়, আমি বিৰোধী পক্ষক অনুৰোধ জনাইছো, আপোনালোক সংসদলৈ আহক আৰু গঠনমূলক আলোচনাত অংশগ্রহণ কৰক। আনহাতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সংসদত মণিপুৰৰ বিষয়ত আলোচনা আৰু বিতৰ্কত ভাগ ল'বলৈ চৰকাৰ সাজু থকা বুলি মন্তব্য কৰে। অৱশ্যে তেওঁ ২৬৭ ধাৰাৰ অধীনত কেৱল মণিপুৰৰ বিষয়টোকে সদনত আলোচনা হ'ব বুলি নিশ্চয়তা প্ৰদান নকৰিলে। 

No comments