Breaking News

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ স্থগিতাদেশ জাৰি কৰিবলৈ অসন্মতি প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ

 


সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য তোলপাৰ লাগি থকাৰ সময়তেই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সাংবিধানিক বৈধতা চালিজাৰি চাবলৈ উচ্চতম ন্যায়ালয়ে কালি সন্মতি ব্যক্ত কৰে। বিশেষকৈ নির্বাচন আয়োগে যি পদ্ধতিৰে সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিছে সেয়াও পৰীক্ষা কৰিবলৈ সন্মতি ব্যক্ত কৰিছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে। পিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত হৈ যোৱাৰ পাছত সমগ্ৰ প্ৰক্ৰিয়াটোত স্থগিতাদেশ জাৰি কৰিবলৈ ন্যায়ালয়ে পোনে পোনে অসন্মতি ব্যক্ত কৰে। মন কৰিবলগীয়া যে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁই আৰু সাংসদ অজিত কুমাৰ ভূঞাৰ পাছত অলপতে ৰাজ্যত থকা অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোৰ বিৰোধী দলসমূহে নির্বাচন আয়োগৰ বিৰুদ্ধে উচচতম ন্যায়ালয়ৰ কাষ চাপিছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠত গ্ৰহণ কৰা আজিৰ শুনানিত আবেদনকাৰীসকলৰ হৈ যুক্তি আগবঢ়োৱা জ্যেষ্ঠ অধিবক্তা কপিল চিবালে মূলত ২০০৮ চনত সংশোধীত ১৯৫০ চনৰ জনপ্রতিনিধি আইনৰ ৮ক ধাৰাটোক প্ৰত্যাহ্বান জনায়। য'ত ভাৰত চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সম্পূৰ্ণ কৰ্তৃত্ব নির্বাচন আয়োগক অৰ্পণ কৰিছিল। লগতে জনসংখ্যাৰ ঘনত্বৰ আধাৰত আয়োগে যিদৰে ৰাজ্যৰ জিলাসমূহৰ শ্ৰেণী বিভাজন কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্রস্তুত কৰিছে তাকো প্ৰত্যাহ্বান জনায়। পিছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে চিৰালৰ যুক্তি খণ্ডন কৰি কয় যে ১৫ বছৰৰ আগত এখন সংশোধীত আইন অনুসৰি নিৰ্বাচন আয়োগে ইতিমধ্যে খচৰা প্ৰস্তুত কৰি উলিয়াইছে। সেয়েহে এই মুহূৰ্তত প্ৰক্ৰিয়াটোত বাধা সৃষ্টি কৰাটো উচিত নহ'ব। পিছে সমগ্ৰ প্ৰক্ৰিয়াটোত থকা সাংবিধানিক প্রত্যাহ্বানক মান্যতা প্ৰদান কৰি মুখ্য ন্যায়াধীশে বিষয়টো সংৰক্ষিত ৰাখি কেন্দ্ৰীয় চৰকাৰ, নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰলৈ জাননী জাৰি কৰে। ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে অহা তিনি সপ্তাহৰ ভিতৰত সংশ্লিষ্ট সকলোপক্ষক শপতনামাযোগে উত্তৰ প্ৰদান কৰিব লাগিব। ইয়াৰ পাছত কেন্দ্ৰ, ৰাজ্য আৰু আয়োগে দাখিল কৰা শপতনামাৰ বিৰুদ্ধে আবেদনকাৰীসকলে দুসপ্তাহৰ ভিতৰত প্ৰতি শপতনামা দাখিল কৰিব পাৰিব । মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে এয়াও স্পষ্ট কৰি দিয়ে যে ন্যায়ালয়ে নির্বাচন আয়োগে চলাই থকা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোত কোনোধৰণৰ বাধা নিষেধ আৰোপ নকৰে। পিছে প্ৰক্ৰিয়াটোক প্ৰত্যাহ্বান জনোৱা বিষয়সমূহও যে পৰীক্ষা কৰিবগীয়া বিষয় সেই কথাও তেওঁ দোহৰাই দিয়ে । ইয়াৰ পৰিপ্ৰেক্ষিতত আবেদনকাৰীসকলক প্রতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কপিল চিবালে বিচাৰপীঠৰ সন্মুখত অনুৰোধ জনায় যে যিহেতু নির্বাচন আয়োগে খটকীয়াৰে সমগ্র প্রক্রিয়াটো আগবঢ়াই নিছে সেয়েহে ন্যায়ালয়ে যাতে অনতিবিলম্বে পৰৱৰ্তী শুনানী গ্রহণ কৰে। মুখ্য ন্যায়াধীশে চিৰালৰ অনুৰোধক সঁহাৰি জনাই দিল্লী চৰকাৰে কেন্দ্ৰই জাৰি প্রতি কৰা অধ্যাদেশক প্রত্যাহ্বান জনোৱা আবেদনৰ সাংবিধানিক করে বিচাৰপীঠৰ শুনানী সমাপ্ত হোৱা মাত্ৰই ৰাজ্যৰ সমষ্টি পুনৰ বি নিৰ্ধাৰণকলৈ পৰৱৰ্তী শুনানী গ্রহণ কৰাৰ আশ্বাস প্ৰদান কৰে । উল্লেখ্য, আজিৰ শুনানীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰে চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। ইপিনে শুনানীকালত উপস্থিত থকা অসম জাতীয় পৰিষদ তথা বিৰোধী দলসমূহৰ সন্মিলিত মঞ্চৰ অন্যতম নেতা ভা লুৰীণজ্যোতি গগৈয়ে শুনানীৰ পাছত সাংবাদিকৰ আগত কয় যে আমি উত্থাপন কৰা বিষয়সমূহ উচ্চতম ন্যায়ালয়ে চালি-জাৰি চাবলৈ সন্মতি ব্যক্ত কৰিছে। তাৰ বাবেই সংশ্লিষ্ট সকলোপক্ষলৈ জাননী জাৰি কৰিছে। নিৰ্বাচন আয়োগে যে দুটা অবৈধভাৱে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো চলাই ঘট আছে সেয়া পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ মাজতেই স্পষ্ট হৈ মন্ত্র পৰিব। পিছে নির্বাচন আয়োগে ইতিমধ্যে সমগ্র প্রক্রিয়াটো সং আগবঢ়াই নিয়াৰ বাবে ন্যায়ালয়ে তাত স্থগিতাদেশ জাৰি জ্বল কৰিবলৈ সন্মিত হোৱা নাই যদিও আমি ন্যায়ালয়ৰ মন্ত্র নিৰ্দেশনাক সঁহাৰি জনাইছোঁ তথা অতি সোনকালে পৰৱৰ্তী মণি শুনানী কামনা কৰিছোঁ। আনহাতে, আবেদনকাৰী হিচাপে অসম জাতীয় পৰিষদক প্রতিনিধিত্ব কৰা অধিবক্তা মনীষ বাহি গোস্বামীয়ে কয় যে এয়া সঁচা যে আজিৰ শুনানীৰ পাছত নির্বাচন আয়োগে যদি বিচাৰে তেওঁলোকে সমষ্টি পুনৰ কি নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্রকাশ কৰিব পাৰিব। পিছে নির্বাচন বাে আয়োগও হৈছে এখন সাংবিধানিৰ প্ৰতিষ্ঠান। তেওঁলোকেও জানে যে সমগ্র বিষয়টো এতিয়া বিচাৰাধীন (চাব জুডিছ) হৈ ৰাজ আছে তথা প্ৰক্ৰিয়াটো কিমান বৈধ। তেনেস্থলত ন্যায়ালয়ৰ বিে চূড়ান্ত নির্দেশনা নহালৈকে আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাজ চূড়ান্ত তালিকা প্রকাশ নকৰিবও পাৰে বুলি গোস্বামীয়ে চলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে। ইপিনে উচ্চতম দাব ন্যায়ালয়ৰ ৱেবচাইটত প্ৰকাশ পোৱা মতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰৱৰ্তী শুনানী ৮ ছেপ্টেম্বৰত গ্ৰহণ কৰা হ'ব।

No comments