Breaking News

অসমৰ চাহ উদ্যোগলৈ অশনি সংকেত:ৰাজ্যৰ ২১ খনকৈ চাহ বাগিচা হস্তান্তৰ


অসম চাহখেতিৰ বাবে বিখ্যাত এখন ৰাজ্য আৰু অসমৰ চাহ উদ্যোগটোৱে অসমৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বৰ্তমান সময়তক ৰাজ্যৰ এই চাহ উদ্যোগটোলৈ নামি আহিছে এক অশনি সংকেত।বিশ্বৰ বুকুত অসমৰ পৰিচয় বহন কৰি অহা ৰাজ্যৰ চাহ বাগিচাসমূহ ধাৰাবাহিকভাবে বিক্ৰী হৈছে এখনৰ পিচত আন এখনকৈ। আশ্চর্যকৰ যেন লাগিলেও সত্য যে যোৱা তিনি বছৰত ৰাজ্যৰ ২১ খনকৈ চাহ বাগিচা হস্তান্তৰিত হৈছে বিভিন্ন কাৰণত। যোৱা সময়ছোৱাত বিক্ৰী হৈছে ওদালগুৰি জিলাৰ বাদলাপাৰা চাহ বাগিচা। পূৰ্বৰ স্বত্বাধিকাৰী এ পি জে টি লিমিটেডে বাগিচাখন বিক্ৰী কৰিছে এছিয়ান টি গ্রুপক। আনহাতে, শোণিতপুৰ জিলাৰ ৭ খন চাহ বাগিচা ৰাকী বিক্ৰী হৈছে বিগত সময়ছোৱাত। জিলাখনৰ বেলছিৰি চাহ বাগিচা বেল ছিৰি টি কোম্পানী লিমিটেডৰ পৰা ক্ৰয় কৰিছে টিউলিপ টি কোম্পানী লিমিটেডে। বাত আনহাতে, পাণবাৰী চাহ বাগিচা-পাণবাৰী টি কোম্পানী লিমিটেডৰ পৰা লিত বোকাহোলা টি কোম্পানী লিমিটেডে ক্ৰয় কৰাৰ সমান্তৰালকৈ শিৰী চাহ ইজন বাগিচা হুগ্রাজুলি টি কোম্পানী লিমিটেডৰ পৰা বোকাহোলা টি কোম্পানী গাষ্ঠীৰ লিমিটেডে ক্ৰয় কৰে। একেদৰে জিলাখনৰ বৰজুলি চাহ বাগিচা এ পি জে টি লিমিটেডে মকো এষ্টেট প্রাইভেট লিমিটেডৰ হাতত বিক্ৰী কৰাৰ সমান্তৰালকৈ ঘৈৰালী চাহ বাগিচা এ পি জে টি লিমিটেডৰ পৰা মকো এষ্টেট প্রাইভেট লিমিটেড, ধলাপাদুং চাহ বাগিচা এ পি জে টি লিমিটেডৰ পৰা চন্দ্ৰা টি কৰ্প'ৰেচন লিমিটেড আৰু চেঁচা চাহ বাগিচা এ পি জে টি লিমিটেডৰ পৰা চন্দ্ৰা টি কৰ্প'ৰেচন লিমিটেডে ক্ৰয় কৰে। যোৱা সময়ছোৱাত চৰাইদেউ জিলাৰ চাৰিখনকৈ চাহ বাগিচা বিক্ৰী কৰিছে পূৰ্বৰ স্বত্বাধিকাৰীয়ে। জিলাখনৰ নাফুক চাহ বাগিচা এ পি জে টি লিমিটেডৰ পৰা চিংলো এল এল পিয়ে ক্ৰয় কৰিছে। আনহাতে এ পি জে টি লিমিটেড মালিকানাধীন জবকা চাহ বাগিচা, চাঞ্জি চাহ বাগিচা আৰু মুখুৰাপুৰ চাহ বাগিচাও চিংলো এল এন পিয়ে ক্রয় কৰে। ইফালে, তিনিচুকীয়া জিলাৰ ৯ খনকৈ চাহ বাগিচা বিক্ৰী কৰা হৈছে। জিলাখনৰ বাদলাভেটা চাহ বাগিচা এ পি জে টি লিমিটেডৰ পৰা ক্ৰয় কৰে ধনশেৰী এণ্ড ইণ্ডাষ্ট্রিজ লিমিটেডে। আনহাতে, এ পি জে টি লিমিটেড মালিকানাধীন শুকানগুৰি চাহ বাগিচা আৰু শিলিখা চাহ বাগিচা এছিয়ান টি গ্রুপে ক্ৰয় কৰাৰ সমান্তৰালকৈ হাপজান চাহ বাগিচা ধনশেৰী এণ্ড ইণ্ডাস্ট্রিজ লিমিটেড আৰু পেংগাৰী চাহ বাগিচা-ডি পি জি গ্রুপে ক্রয় কৰে। আনহাতে ওৱাৰেন টি লিমিটেড মালিকানাধীন দেউহাল চাহ বাগিচা, দুৱামাৰা চাহ বাগিচা আৰু হাতীমাৰা চাহ বাগিচা ক্ৰয় কৰিছে ধনশেৰী এণ্ড ইন্ডাষ্ট্রিজ লিমিটেডে। মূলতঃ পূৰ্বৰ তুলনাত লাভৰ পৰিমাণ হ্ৰাস পোৱা আৰু প্ৰতিকূল বতৰৰ বাবেই একাংশ চাহ উদ্যোগীয়ে এখনৰ পিচত আন এখন চাহ বাগিচা বিক্ৰী কৰা বুলি জানিব পৰা গৈছে। যোৱা সময়ছোৱাত প্ৰতিকূল বতৰে চাহ খেতিত বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত চাহ উদ্যোগীসকল সংকটৰ সম্মুখীন হোৱাৰ লগতে চাহৰ উৎপাদন হ্ৰাস পাইছে। আনহাতে, চাহ খেতিৰ বাবে প্রয়োজনীয় কীটনাশক সাৰ তথা অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে চাহ উদ্যোগৰ পৰা আহৰণ কৰা লাভৰ পৰিমাণ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। অকল এয়াই নহয়, পৰিচালনাৰ বেমেজালি আৰু বিজ্ঞানসন্মত পদ্ধতিৰ অভাৱৰ বাবেও একাংশ চাহ উদ্যোগী পিচ হুঁহকিবলগীয়া হৈছে। এনে প্রেক্ষাপটতে বিক্ৰী হৈছে চাহ বাগিচাসমূহ। কিন্তু লক্ষণীয়ভাৱে উক্ত চাহ বাগিচাসমূহ ক্রয় কৰিছে পূৰ্বতে চাহ খেতিৰ কোনো অভিজ্ঞতা নথকা একাংশ ব্যক্তি তথা প্রতিষ্ঠানে। এনে প্রেক্ষাপটত তেনে ব্যক্তি বা প্রতিষ্ঠানে চাহ বাগিচাসমূহ পৰিচালনা কৰিব পাৰিব নে নাই সেয়া সম্প্রতি বিশেষভাৱে লক্ষণীয় হৈ পৰিছে। অকল ব্যক্তিগত মালিকানাধীন চাহ বাগিচা বুলিয়েই নহয়, ৰাজ্য চৰকাৰৰ অধীনস্থ অসম চাহ নিগমৰ ১০ খন বাগিচাও শেহতীয়াকৈ লীজত দিয়া হৈছে। নিগমৰ ১৫ খন বাগিচাৰ ১০ খন লীজত দিয়াৰ সমান্তৰালকৈ দুখন বাগিচা বিক্ৰীৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাৰ্যতঃ এইদৰেই এতিয়া অশনি সংকেত নামি আহিছে ৰাজ্যৰ অৰ্থনীতিৰ মূল ভেটিস্বৰূপ চাহ খণ্ডলৈ।

No comments