Breaking News

অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ উল্লেখনীয় সাফল্য: খৰাংসদৃশ পৰিস্থিতিত খেতি কৰিব পৰা নতুন ধানৰ জাত উদ্ভাৱন


যোৰহাট,৫ আগষ্ট :-- জলবায়ু পৰিৱৰ্তনৰ ফলশ্ৰুতিত কৃষি উৎপাদন হ্ৰাস হৈ ৰাজ্যৰ খেতিয়কৰ জীৱন জীৱিকাৰ দিশত বিৰূপ প্ৰভাৱ পৰাৰ সময়তে খৰাংসদৃশ পৰিবেশতো খেতি কৰিব পৰা ধানৰ জাত উদ্ভাৱন কৰি কৃষকক সকাহ দিবলৈ আগবাঢ়িছে অসম কৃষি বিশ্ববিদ্যালয়ে । অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া গৱেষণা আৰু সম্পৰীক্ষাৰ জৰিয়তে এই নতুন জাতটো উদ্ভাৱন কৰি অহা বছৰ শালিখেতিৰ বতৰত  কৃষকৰ পথাৰলৈ নিবলৈ  প্ৰস্তুতি চলাইছে । ইতিমধ্যে উদ্ভাৱন,পৰীক্ষণ আৰু সম্পৰীক্ষাৰ সকলো পৰ্যায় শেষ হোৱাৰ পাছত কৃষকলৈ আগবঢ়াই দিবলৈ সাজু হৈছে।  অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী সকলে সাত বছৰজোৰা গৱেষণাৰ অন্তত কলং আৰু আয়াৰ ৬৪ খৰাং প্ৰতিৰোধী ক্ষমতা সন্নিৱিষ্ট থকা জাতৰ সংকৰণ ঘটাই মধ্যমীয়া  সময়ৰ এই নতুন জাত উদ্ভাৱন কৰিছে। জলবায়ু পৰিৱৰ্তনৰ ফলত খৰাংসদৃশ  পৰিস্থিতিৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত বহু মাটি চন পৰি থকা সময়তে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী সকলৰ এই উদ্ভাৱনে অসমৰ কৃষি অৰ্থনীতিক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ কৃষি প্ৰধান এলেকাত বৰষুণৰ পৰিমাণ কমি অহাত বছৰি পানীৰ অভাৱত খেতি কৰিব নোৱাৰা আৰু খেতি কৰিলেও উৎপাদন নোহোৱা কৃষিক্ষেত্ৰৰ পৰিমাণ বৃদ্ধি হৈ আহিছে। তাৰোপৰি সময়ত বৰষুণ নোহোৱা বা বেছি বৰষুণ হোৱাটো কৃষকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। এনে প্ৰেক্ষাপটত নতুনকৈ উদ্ভাৱিত এই জাতৰ জৰিয়তে অতি কম পানীতে খেতি আৰম্ভ কৰি ইয়াৰ পাছতো বৰষুণৰ পৰিমাণ কম হলেও বিঘাত ১৫-১৭ মোন উৎপাদন হৈ কৃষকক উপকৃত কৰিব।  এই জাতে প্ৰধানকৈ পানীৰ অভাৱৰ বাবে খৰাংপিড়িত হিচাপে চিহ্নিত কৰা বহু কৃষি এলেকাৰ খেতিয়কয় মাজত আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হব । অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী ড: সঞ্জয় কুমাৰ চেতিয়াই কয় যে জনবিস্ফোৰণ আৰু খাদ্য সুৰক্ষাৰ দিশত জলবায়ু পৰিৱৰ্তনে মাধমাৰ সোধোৱাৰ সময়ত এই জাতৰ ব্যৱহাৰে খাদ্য উৎপাদন আৰু কৃষিৰ দিশত দৃষ্টিভংগী সলনি কৰাৰ লগতে বিশেষকৈ ৰাজ্যৰ খৰাংপিড়িত হিচাপে চিহ্নিত ৩৪ হাজাৰ হেক্টৰ কৃষিভূমিৰ খেতিয়কক বিশেষভাৱে সহায় কৰিব বুলি আমি আশা কৰিছো। উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী সকলে বৰ্তমানলৈকে ৪৫ টা অধিক উৎপাদনক্ষম জাত উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। 

No comments