Breaking News

ৰাজ্যৰ লোক- নিৰ্মাণ বিভাগৰ কামৰ নমুনা: যোৰহাট-ডিব্ৰুগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক


অসমত উন্নয়নৰ কথা কৈ ঢাক-ঢোল বজোৱা বিজেপি‌ চৰকাৰৰ দিনত উজনিমুৱা যোৰহাট - ডিব্ৰুগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথে জ্বলা-কলা খুৱাইছে ৰাইজক।উজনিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি থকাৰ সময়তে পুনৰ আঁতৰিছে ঠিকাদাৰী সংস্থা। উজনি অসমত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম অতি লেহেমীয়া গতিত আগবঢ়াৰ সমান্তৰালভাৱে পথত সৃষ্টি হোৱা প্রকাণ্ড গাঁতৰ বাবে যাতায়াত দুর্বিষহ হৈ পৰিছে। গুৱাহাটীৰ পৰা বাছেৰে শিৱসাগৰ-তিনিচুকীয়ালৈ যাত্ৰা কৰা লোকে কেনে যমৰ যাতনা ভূগিবলগীয়া হয়, সেয়া ভুক্তভোগীয়ে জানে। উজনি অসমৰ যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত বোকা-পানীৰে উপচি পৰাত যান-বাহন চালকসকল তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে। বিশেষকৈ যোৰহাট জিলাৰ টীয়ক আৰু পাৰ্শ্বৱৰ্তী অঞ্চল, শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা মৰাণলৈকে, তেনেদৰে ডিব্ৰুগড় জিলাৰ দোৱাঙৰ পৰা লাহোৱাললৈকে ৰাষ্ট্ৰীয় ঘাইপথটো বিধ্বস্ত হৈ পৰিছে যদিও নিৰ্মাণকাৰী প্ৰতিষ্ঠানে যাতায়াতৰ বাবে উপযোগী কৰি তোলা নাই। উল্লেখ্য, ২০১৫ চনতে যোৰহাটত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্রী নীতিন গাডকাৰীয়ে আধাৰশিলা স্থাপন কৰাৰ আঠ বছৰ উকলি যোৱাৰ পাছতো উজনিত চাৰিলেনযুক্ত পথৰ নিৰ্মাণকার্য ৩০ শতাংশও আগবঢ়া নাই। শিৱসাগৰ জিলাত চাৰিলেনযুক্ত পথৰ এখনো দলং সম্পূৰ্ণকৈ নিৰ্মাণ কৰি উলিওৱা নাই। উল্লেখ্য, জিলাখনত জাঁজী, মিতং, দিখোঁ, দৰিকা, নিচাং আদি কেইবাখনো নৈ আছে যদিও এই নৈসমূহত দলঙৰ নিৰ্মাণ আজি পর্যন্তও নির্মাণ সম্পূৰ্ণ কৰা নাই। তেনেদৰে পথ নির্মাণত অনিয়ম সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছে। বিভিন্ন স্থানত পথৰ কাষত থকা খাৱৈ, বোকা-পানী নাওঁৰোৱাকৈয়ে মাটি দি চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰাত এনে পথৰ স্থায়িত্ব সম্পর্কে প্রশ্ন উত্থাপিত হৈছে। তদুপৰি, ডিব্ৰুগড় জিলাত ইতিমধ্যে পথৰ পৰা আঁতৰোৱা আলকতৰা গলাই পুনৰ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এনে অনিয়মৰ বাবেই বিভিন্ন স্থানত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ পাছতে পুনৰ বিধ্বস্ত হৈ পৰিছে। উল্লেখ্য, অসমৰ মাটিৰ গাঁথনি আৰু জলবায়ুৰ পৰিপ্ৰেক্ষিতত আলকতাৰে পথ নিৰ্মাণ কৰাটো অনুকূল নহয় বুলিও এজন বিশেষজ্ঞই সদৰী কৰিছে। যোৰহাটত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্রী নীতিন গাডকাৰীয়ে চাৰিলেনযুক্ত পথৰ আধাৰশিলা স্থাপন কৰি কংক্ৰিটৰ পথ নিৰ্মাণ কৰা হ'ব বুলি প্ৰকাশ কৰিছিল যদিও অজ্ঞাত কাৰণত আলকতৰাৰে পথ নিৰ্মাণ কৰা হৈছে। সেয়ে এই পথ নিৰ্মাণৰ পাছতে বিধ্বস্ত হৈ পৰিছে। পথৰ নিৰ্মাণ সম্পূর্ণ নৌহওঁতেই বিভিন্ন স্থানত পূর্বে নির্মিত পথ ভাঙি পুনৰ নির্মাণো কৰিবলগীয়া হৈছে। উল্লেখ্য, বৃহৎ প্রতিষ্ঠানে পথ নিৰ্মাণৰ ঠিকা লাভ কৰাৰ পাছত নিজে কাম নকৰি উপ-ঠিকাদাৰক দায়িত্ব অর্পণ কৰে। আনকি উপ-ঠিকাদাৰেও তেওঁলোকৰ তলত আন ঠিকাদাৰকহে পথ নিৰ্মাণৰ দায়িত্ব অর্পণ কৰে । ফলত তৃতীয়-চতুর্থ পক্ষহে পথ নির্মাণত নিয়োজিত হৈ থকাত নির্মাণকার্য লেহেমীয়া হোৱাৰ লগতে অনিময় সংঘটিত হৈছে। তদুপৰি কোনো মধ্যভোগী পক্ষই প্রকৃত নির্মাতাক প্রাপ্য ধন আদায় নিদিয়াৰ ফলত ইতিমধ্যে কেইবাজনো ঠিকাদাৰ সৰ্বস্বান্ত হৈ আধাতে কাম এৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে। আনকি নির্মাণ সামগ্রী যোগান ধৰা স্থানীয় ঠিকাদাৰ আৰু নিৰ্মাণকাৰ্যত নিয়োজিত শ্রমিককো প্রাপ্য ধন আদায় নিদিয়াকৈ একাধিক নির্মাতা উধাও হয়। এনে পৰিস্থিতিত উজনিত চাৰিলেনযুক্ত পথ নির্মাণক লৈ গভীৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে। উল্লেখ্য, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী গাডকাৰীয়ে ৰাজ্যসভাত সদৰি কৰা তথ্য মতে ৫ বছৰত অসমত নিৰ্মাণ হ'ল মাথোঁ ১১১ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ। সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীজনে ৰাজ্যসভাৰ মজিয়াত দিয়া তথ্যতহে ওলাই পৰিছে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লেহেমীয়া গতিৰ কথা। কেন্দ্রীয় মন্ত্রীজনে দাখিল কৰা তথ্য মতে ২০১৮ চনত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ আছিল ৩,৫৬৬ কিলোমিটাৰ। কিন্তু পাঁচ বছৰ পাছত অর্থাৎ ২০২৩ চনত অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য হয়গৈ ৩,৬৭৭ কিলোমিটাৰ। অৰ্থাৎ পাঁচ বছৰত অসমত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ হয় মাথো ১১১ কিলোমিটাৰ। বিজেপিৰ সাংসদজনে এনে প্রশ্ন উত্থাপন নকৰা হ'লে হয়তো দেশবাসীয়ে নাজানিলহেঁতেন অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ কথা। ইফালে, ৰাজ্যসভাত দেশৰ ড°নাৰ মন্ত্ৰীয়েও শুকুৰবাৰে উদঙালে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পয়ালগা অৱস্থা। ৰাজ্যসভাত খোদ বিজেপি দলৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই সোধা প্ৰশ্নৰ উত্তৰত ড'নাৰ মন্ত্ৰী জি কিষান ৰেড্ডীয়ে জনায় যে দহ বছৰত অসমত ৮৮০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। অর্থাৎ অসমত বছৰি গড়ে মাত্র ৮০ কিলোমিটাৰ পথহে নিৰ্মাণ কৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে । ৰেড্ডীয়ে সদনত উল্লেখ কৰা মতে ২০১৩ চনৰ পৰা চলিত বৰ্ষৰ জুলাই পর্যন্ত ৮৮০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। উল্লেখ্য, ২০১৫ চনৰ জানুৱাৰীৰ পৰা ২০২৩ চনৰ জুন পর্যন্ত ৫৯৫ বাৰ অসমলৈ আহিছে প্রধানমন্ত্রী, গৃহমন্ত্রী তথা আন কেন্দ্রীয় মন্ত্ৰীসকল। তাৰ পাছতো অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ গতি লেহেমীয়া হৈ থকাটো তাৎপর্যপূর্ণ।

No comments