Breaking News

বিজেপি চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ: ১.২১ লাখ কোটি টকা ঋণৰ কবলত ৰাজ্য


উন্নয়নৰ শ্লোগানেৰে শাসনলৈ আহা বিজেপি চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপে মাধমাৰ শোধাইছে ৰাজ্যবাসীক ।হিতাধিকাৰী সৃষ্টিৰে অভিলেখ গঢ়াৰ সময়তে এইবাৰ সংসদৰ মজিয়াত উন্মোচন হৈছে অসমৰ বিত্তীয় দুৰৱস্থাৰ ছবি। হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে চমক সৃষ্টি কৰিলেও আর্থিক দুৰৱস্থাত যেন লাওলোৱা অৱস্থাৰ সন্মুখীন হৈছে। যি সময়ত অসম চৰকাৰৰ অৰুণোদয় আঁচনিক দেশৰ আন আন ৰাজ্যই অনুকৰণ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভা-সমিতিয়ে প্ৰচাৰ কৰিছে, ঠিক তেনে সময়তে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক মাহেকত ধন দিয়াৰ বাবদ ঋণ লৈ তত্‌ নোপোৱা অৱস্থাৰো সৃষ্টি হৈছে ৰাজ্য চৰকাৰৰ । ৰাজ্য সভাত কেন্দ্ৰীয় বিত্ত মন্ত্রণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষৰ মাৰ্চ পর্যন্ত অসমৰ মুঠ ঋণৰ পৰিমাণ ১ লাখ ২১ হাজাৰ ২৭৬ কোটি টকা স্পৰ্শ কৰিছে। অথচ ২০২১ বৰ্ষত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত অসমৰ ঋণৰ পৰিমাণ আছিল ৮৯ হাজাৰ ৭০৯ কোটি টকা। অর্থাৎ বিগত দুটা বছৰতে চৰকাৰে ৩১ হাজাৰ ৫৬৭ কোটি টকা ঋণ লয়। তাৎপর্যপূর্ণ বিষয়টো হৈছে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ কাৰ্যকালত অসমৰ ঋণৰ পৰিমাণ আছিল মাত্ৰ ৩৬ হাজাৰ কোটি টকা । সেই দৃষ্টিত পৰিৱৰ্তনৰ শ্লোগানেৰে ক্ষমতালৈ অহা বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দুটা কাৰ্যকালত প্ৰায় ১ লাখ কোটি টকা ঋণ লৈ ৰাজ্যবাসীৰ মূৰৰ ওপৰত বোজা জাপি দিলে। নকলেও হ'ব যে হিতাধিকাৰীক সন্তুষ্ট কৰাৰ নামত অসম চৰকাৰে লোৱা এই ঋণ অসমৰ সর্ব সাধাৰণ জনতাই কৰ কাটলৰ জৰিয়তে পৰিশোধ কৰিব লাগিব । ঋণ সংগ্ৰহেৰে অবাঞ্ছিত অভিলেখ ৰচনা কৰাৰ সময়ত ৰাজ্য চৰকাৰ ৰাজকোষ উপাৰ্জন শূন্য হৈ পৰিছে। ৰাজ্যসভাত কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্রী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নিজস্ব ৰাজহৰ ক্ষেত্ৰতো অসমৰ স্থান তলৰ ফালৰ পৰাহে শীৰ্ষত। ৰাজ্য সভাত দাখিল কৰা তথ্য মতে নিজা ৰাজহ সংগ্ৰহৰ অসমৰ স্থান দেশৰ বৃহৎ ৰাজ্যসমূহৰ তালিকাত তলৰ পৰা চতুৰ্থ স্থানত। প্রাকৃতিক সম্পদ আৰু কৃষি ক্ষেত্ৰত সম্ভাৱনাপূৰ্ণ ৰাজ্য অসম ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বিহাৰতকৈ তলত । তথ্য অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ নিজা সংগৃহীত ৰাজহ হৈছে মাত্র ২৯ হাজাৰ ৬১ কোটি টকা। অসমৰ তলতেই আছে ক্রমে উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু গোৱা। ২০২২-২৩ বিত্তীয় বৰ্ষত উত্তৰাখণ্ডৰ নিজস্ব ৰাজহ ২০ হাজাৰ ৮৯১ কোটি টকা সংগ্ৰহ হোৱাৰ বিপৰীতে হিমাচল প্রদেশে ১৩ হাজাৰ ৬৫০ কোটি টকা নিজা ৰাজহ সংগ্ৰহ কৰিছে। ইয়াৰ বিপৰীতে গোৱাই ১১ হাজাৰ ৩৬৭ কোটি টকা নিজস্ব ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বিগত বিত্তীয় বৰ্ষটোত। তাৎপর্যপূর্ণভাৱে অসমৰ বিপৰীতে কৰ্ণাটক, অন্ধপ্রদেশ, গুজৰাট কেৰালা, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ বাৰ্ষিক নিজস্ব ৰাজহ ১ লাখৰ পৰা ২ লাখ কোটি টকাতকৈ অধিক। অৱশ্যে অতি শামুকীয়া গতিৰে অসমৰ নিজস্ব ৰাজহ বৃদ্ধি পোৱা দেখা গৈছে। ২০২০-২১ বৰ্ষত অসমৰ নিজস্ব ৰাজহ ২০ হাজাৰ কোটি টকা আছিল যদিও ২০২১-২২ বৰ্ষত ৰাজহৰ পৰিমাণ ২৭ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছিল। 

No comments