Breaking News

অইল ইণ্ডিয়াক লিমিটেডলৈ 'মহাৰত্ন' সন্মান


ভাৰতৰ অন্যতম তেল উৎপাদন আৰু উন্মেষনকাৰী তৈল প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডলৈ প্ৰদান কৰা হৈছে মহাৰত্ন সন্মান ৷ ইয়াৰ পূৰ্বে ৰাজহুৱা খণ্ডৰ বি এইছ ই এল, বি পি চি এল, চি আই এল, জি এ আই এল, এইছ পি চি এল, আই অ চি এল, এন টি পি চি, অ এন জি চি.পি এফ চি, পাৱাৰগ্ৰীড়, আৰ ই চি এল আৰু এছ এ আই এলে এই সন্মান লাভ কৰিছিল। ইয়াৰ আগতে ২০১০ চনত নৱৰত্ন স্বীকৃতি লাভ কৰা অইল ইণ্ডিয়া লিমিটেডে বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত মুঠ উপাৰ্জন কৰিছিল ৪১,০৩৯ কৌটি টকা ।তেনেদৰে মুঠ লাভ কৰিছিল ৯,৮৫৪ কোটি টকা। এন আৰ এলত অ অধিকাংশ শ্বেয়াৰ থকা অইল ইণ্ডিয়া লিমিটেড সম্প্রতি এটা ইন্টিগ্রেটেড শক্তি কোম্পানীলৈ ৰূপান্তৰিত হৈছে। এই সন্দৰ্ভত কোম্পানীটোৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড° ৰঞ্জিত ৰথে জানিবলৈ দিয়া মতে এই সন্মানে প্রতিষ্ঠানটোৰ অংশীদাৰ সকলক উৎসাহিত কৰিব । প্রায়ছটা দশকৰ গৌৰবময় যাত্ৰাক মহিমামণ্ডিত কৰা অইল ইণ্ডিয়া লিমিটেডক এই বিৰল সন্মানৰ অধিকাৰী হোৱাৰ ক্ষেত্ৰত সহযোগিতা কৰা বাবে ভাৰত চৰকাৰৰ পেট্রোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রালয়কো ড° ৰথে ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে ১৮৮৯ চনত ডিগবৈত খাৰুৱা তেল আৱিষ্কাৰ, স্বাধীনোত্তৰ কালত ১৯৫৩ আৰু ১৯৫৬ চনত নাহৰকটীয়া আৰু মৰাণত তেল আৱিষ্কাৰ কৰা অইল ইণ্ডিয়া লিমিটেডৰ আছে এক বৰ্ণিল গৌৰৱময় ইতিহাস। বৰ্তমান হাইড্ৰকাৰ্বন খণ্ডৰ উৎপাদনত গুৰুত্ব আৰোপ কৰা অইল ইণ্ডিয়া লিমিটেডে দেশৰ শক্তি খণ্ডৰ উন্নয়নত অধিক মনোনিবেশ কৰিছে।

No comments