Breaking News

নটসূৰ্য্য দিৱস অবজ্ঞা কৰা হ'ল নেকি ?

 


এইবাৰ ৩১ জুলাইৰ ফণী শৰ্মা দিৱসটি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়ে অনুষ্ঠিত নকৰিলে।  ফণী শৰ্মাৰ নামত দিয়া বঁটাটো ২০০৪ চনৰ পৰা ফণী শৰ্মা দিৱসতে প্ৰদান কৰা হৈছিল আৰু ৰাজ্য চৰকাৰে সেই যুগন্ধৰ শিল্পী জনাক তেনেকৈয়ে আনুষ্ঠানিক ভাৱে শ্ৰদ্ধা জনাই আহিছিল। কিন্তু এইবাৰ এই দিৱস অনুষ্ঠিত কৰা নহ'ল কিয় ? আমি নাজানিলো !!

কৰ'নাৰ নামত হয়তো কিছু খেলি মেলি হৈছিল কিন্তু এতিয়াটো তেনে কোনো অজুহাত নাছিল। তেনে কিয় শিল্পী জনাৰ নামত দিৱস টি অনুষ্ঠিত কৰা নহ'ল সি এক প্ৰশ্ন হৈ ৰোৱাটো স্বাভাৱিক। যি জন শিল্পীৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে পৰিয়াল বৰ্গৰ লোকে পাঁচ বিঘা মাটি পৰ্যন্ত দান দিলে য'ত মন্ত্ৰী বিধায়কে বছৰি লাখ লাখ টকা দি যোৱা বুলি প্ৰতিটো দিৱসৰ দিনা প্ৰচাৰ হয় তাৰ পাছতো কিন্তু শিল্পী গৰাকীৰ মৃত্যুৰ ৫২ বছৰৰ পাছতো সমাধিক্ষেত্ৰ খন হৈ নুঠিল !!! অনুদানৰ খবৰ বোৰ কিন্তু ওলাই থাকে। কথাটো কি ? ইয়াৰ উত্তৰ ন্যাস সমিতিয়ে দিবনে ? 

   এইবাৰ আকৌ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ পৰা কেন্দ্ৰীয় ভাবে ফণী শৰ্মা দিৱসেই অনুষ্ঠিত কৰা নহ'ল। তাৰ মানে চৰকাৰী আওতাৰ পৰা ফণী শৰ্মাক পাহৰি যোৱাৰ চেষ্টা কৰা হৈছে নেকি ? এই প্ৰশ্নই তুলি অসন্তোষ ব্যক্ত কৰিছে তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই। সভাই পূৰ্বৰে পৰা নটসূৰ্য্যৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে চৰকাৰক হেঁচা দি আহিছে যদিও সি আজিলৈকে সাকাৰ ৰূপ নোপোৱাৰ পাছত আজি কি অজুহাতত দিৱস টি পালন কৰা নহল তাক তেজপুৰ  অ:ভা:উ:সা: সভাই প্ৰশ্ন কৰিছে। তেজপুৰৰ সকলো সাংস্কৃতিক  অনুষ্ঠানৰ দৃষ্টি আকৰ্ষণ কৰি তেজপুৰ  অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ তৰফৰ পৰা প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত সভাপতি আৰু সাধাৰণ সম্পাদক পুলিন ভট্টাচাৰ্য্য আৰু শান্তনু বৰুৱাই কয় যে এই ক্ষেত্ৰত তেজপুৰৰ শত বৰ্ষ গৰকা আটাইকেইটা অনুষ্ঠানে অন্ততঃ চৰকাৰৰ সংশ্লিষ্ট বিভাগ আৰু বিষয়াক প্ৰশ্ন কৰা উচিত। 

No comments