Breaking News

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বজাৰত লাগাইছে জুই

 


অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি তোলাৰ সময়তেই ৰাজ্যবাসীৰ মূৰত ৰাম টাঙন শোধাই পুনৰ বৃদ্ধি পালে চাউল, দাইল, মিঠাতেল, চেনি আদিৰ দৰে খাদ্য সামগ্ৰীৰ মূল্য। ইয়াৰ পূৰ্বে চলিত সপ্তাহত ২০ শতাংশ পর্যন্ত বৃদ্ধি পাইছিল জীৱন দায়িনী ঔষধৰ দাম । ইয়াৰে ভিতৰত জ্বৰ, চৰ্দি, কাহৰ লগতে মধুমেহ, ৰক্তচাপ, গেষ্ট্ৰিকৰ ঔষধ অন্যতম। ঔষধৰ সমান্তৰালভাৱে বৃদ্ধি পায় গাখীৰৰ মূল্য। প্রতিলিটাৰ গাখীৰৰ দাম ৪ টকাকৈ বৃদ্ধি কৰা হয় কিছুদিন পূর্বে। শাক-পাচলি, ফল-মূল, কণীৰ নিৰন্তৰ মূল্যবৃদ্ধিৰ লগত ফেৰ মাৰি বৃদ্ধি পায় জিৰা, জালুক, মগজ আদি মছলাৰ দাম। প্রতিকেজি জিৰা ৩০০-৩৫০ টকাৰ পৰা বৃদ্ধি হৈ ৮০০ টকা, প্রতি কেজি জালুক ৬০০ টকাৰ পৰা বৃদ্ধি হৈ ৯০০ টকা আৰু প্ৰতিকেজি মগজ ৮০০ টকাৰ পৰা বৃদ্ধি হৈ ১,১০০ টকা হয়। দুমাহৰ ভিতৰত অভাবনীয়ভাৱে বৃদ্ধি পায় মছলাৰ এই মূল্য। শাক-পাচলিৰ মূল্য আজিও নিয়ন্ত্রণলৈ আনিব নোৱাৰিলে ৰাজ্য প্ৰশাসনে। শাক- পাচলিৰ মূল্যবৃদ্ধিৰ সৈতে যোগান বিভাগৰ কোনো সম্পৰ্ক নাই বুলি যোগান মন্ত্রী ৰঞ্জিত কুমাৰ দাসে সদম্ভে ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত গুৱাহাটীৰ বজাৰে বজাৰে যোগান বিভাগৰ বিষয়াসকলে ঘূৰি শাক-পাচলি নিয়ন্ত্রিত মূল্যত বিক্ৰী কৰিবলৈ ব্যৱসায়ীসকলক নির্দেশ দিয়ে যদিও কার্যক্ষেত্ৰত সেয়া ফুটুকাৰ ফেনহে হৈ পৰিল। আজিৰ তাৰিখতো গুৱাহাটীৰ কোনো এখন বজাৰৰ সৈতে কোনো এখন বজাৰৰ মূল্যৰ সামঞ্জস্য নাই। বিশেষকৈ খুচুৰা ব্যৱসায়ীসকলে নিজৰ খেয়াল খুচি মতে বৃদ্ধি কৰি গৈ আছে শাক-পাচলি ফল-মূলৰ মূল্য। ফলত পাইকাৰী আৰু খুচুৰা বজাৰত মূল্যৰ আকাশ পাতাল পার্থক্য। ৰাজ্য চৰকাৰৰ খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত চৰমভাৱে ব্যর্থ হোৱাৰ পিছত এইবাৰ প্ৰতিকিলো চাউলৰ দাম গড়ে ১২ টকা, প্রতিকিলো ৰহৰ দাইলৰ দাম গড়ে ৪০ টকা, প্রতিকিলো মাটি দাইলৰ দাম গড়ে ১০ টকা, প্রতিকিলো চেনিৰ দাম গড়ে ২ টকা আৰু প্ৰতিলিটাৰ মিঠাতেলৰ দাম গড়ে ৫ টকাকৈ বৃদ্ধি পাইছে। এয়া কেৱল উদাহৰণহে। পাইকাৰী বজাৰৰ তথ্য মতে প্রতিদিনে বিভিন্ন সামগ্ৰীৰ মূল্য ১/২ টকাকৈ বৃদ্ধি পাইয়ে আছে। বিগত দুটা মাহ ধৰি অব্যাহত আছে দাম বৃদ্ধিৰ এই পৰিক্ৰমা। ৪ টকাকৈ মূল্য বৃদ্ধিৰ পিছত আজিৰ তাৰিখত গুৱাহাটীত প্ৰতিলিটাৰ গাখীৰ বিক্ৰী হৈ আছে ৬৪ টকাকৈ । অভাবনীয় দাম বৃদ্ধি আৰু নিয়ন্ত্রণহীন বজাৰে সৰ্বসাধাৰণ লোকৰ জীৱন দুৰ্বিহত কৰি তোলাৰ পিছতো ৰাজ্য প্ৰশাসন এই ক্ষেত্ৰত যেন সম্পূর্ণ নিৰ্বিকাৰ। ৰহস্যজনক মৌনতা অবলম্বন কৰিছে চৰকাৰখনে। অথচ সমাজৰ প্ৰতিটো স্তৰৰ লোককে চুই গৈছে অভাবনীয় দাম বৃদ্ধিয়ে। লক্ষণীয়ভাৱে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰাৰ পৰিৱৰ্তে মূল্যবৃদ্ধি সমগ্ৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ ঠেলি দি যেন হাত সাৰিব বিচাৰিছে অসম চৰকাৰে। ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে শনিবাৰে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়—মূল্যবৃদ্ধি হ'লে আমিও বেয়া পাও। ৰাইজক মূল্যবৃদ্ধিৰ পৰা কেনেদৰে সকাহ দিব পাৰি তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে চেষ্টা কৰি আছে। ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে এনেদৰে দায়সৰা মন্তব্য কৰিলেও দামবৃদ্ধিয়ে হয়তো অসমত সৰ্বকালৰ অভিলেখ সৃষ্টি কৰিবলৈয়ে গৈ আছে সেয়া নিশ্চিত। কিন্তু এনেদৰে নিয়ন্ত্রণহীন দাম বৃদ্ধিৰ মূল কাৰণ কি? বৰ্তমান ৰাজ্যত বানৰ দৰে কোনো ধৰণৰ প্রাকৃতিক দুৰ্যোগৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ নাটনি হ'ব আৰু যাৰ সুযোগ লৈ ব্যৱসায়ীসকলে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিব। নে সন্মুখত লোকসকলৰ নিৰ্বাচনৰ ফলত অনিয়ন্ত্ৰিত হৈ পৰিছে বজাৰ সমূহ। চৰকাৰৰ জ্ঞাতসাৰে বা গোপন বুজাবুজিৰ ফলতে ব্যৱসায়ী সকলে সামগ্ৰীৰ মূল্য নিৰন্তৰ বৃদ্ধি কৰি গৈয়ে আছে নেকি? শাসনাধিষ্ঠ দলৰ নিৰ্বাচনী পুঁজি সংগ্ৰহৰ যি অভিযান, সেই অভিযানৰ অংশ হিচাপে বৃদ্ধি পাইছে নেকি অভিলেখ হাৰত সামগ্ৰীৰ মূল্য? যাৰ বাবে চৰকাৰে চকুমুদা কুলিৰ ভাও দিবলৈ বাধ্য হৈছে সামগ্ৰীৰ অভাবীনয় মূল্যবৃদ্ধিক লৈ ৰাজ্যৰ সৰ্বত্ৰতে ক্ষোভ আৰু অসন্তুষৰ সৃষ্টি হোৱাৰ পিছতো।

No comments