Breaking News

ৰাজ্যত বৃদ্ধি পাইছে ডেংগীৰ সংক্ৰমণ: ২‌ জনৰ মৃত্যু


ৰাজ্যৰ ক্ৰমাৎ সংহাৰী ৰূপ ধাৰণ কৰিছে জাপানিজ এনকেফেলাইটিছ আৰু ডেংগীয়ে। উজনি-নামনি সর্বত্র বাহক জনিত ৰোগ দুবিধে ত্ৰাসৰ সৃষ্টি কৰিছে। মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বাধীন বিয়াগোম স্বাস্থ্য বিভাগৰ গুৰুত্বহীনতাৰ বাবেই ডেংগী আৰু এনকেফেলাইটিছৰ বিভীষিকা আৰম্ভ হৈছে। ডেংগীয়ে বিগত বৰ্ষৰ সকলো অভিলেখ অতিক্ৰম কৰিছে। আপুনি শুনিলে আচৰিত যেন লাগিলেও শুকুৰবাৰ পৰ্যন্ত ৰাজ্যত ডেংগীত আক্ৰান্ত হৈছে ২,১২২ জন লোক। অথচ বিগত বৰ্ষৰ অসমত ডেংগীত আক্ৰান্ত হৈছিল সৰ্বমুঠ ১,৮২৬ জন লোক। এক কথাত বছৰৰ ৭টা মাহতে ডেংগী পজিটিভ ৰোগীৰ সংখ্যাই দুহাজাৰৰ ঘৰ অতিক্ৰম কৰিলে। স্বাস্থ্য বিভাগৰ তথ্য মতে কাৰ্বি আংলং জিলাতে এই পর্যন্ত ডেংগিত ১,৮৫৩ জন লোক আক্ৰান্ত হৈছে। ডিফুৰ ঘৰ ঘৰে এতিয়া ডেংগী ৰোগী। চৰকাৰী তথ্যত জিলাখনত ডেংগীত দুজন ৰোগীৰ মৃত্যু হৈছে। ইয়াৰ বিপৰীতে ডিমা হাচাওত ৪৯ জন, কামৰূপ মহানগৰত ৩৩ জন, কামৰূপত ২৫ জন আৰু যোৰহাটত ১৯ জন লোকৰ দেহত ডেংগী পজিটিভ ধৰা পৰিছে। ডেংগীৰ সমান্তৰালভাৱে এনকেফেলাইটিছ সদৃশ আৰু জাপানিজ এনকেফেলাইটিছে সমগ্র ৰাজ্যতে ঘাটক ৰূপ লৈছে। স্বাস্থ্য বিভাগে প্রকাশ কৰা তথ্য অনুসৰি ৰাজ্যত এই পর্যন্ত জাপানিজ এনকেফেলাইটিছত ২৭৪ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১১ জন ৰোগীৰ মৃত্যু হৈছে। অৱশ্যে বেচৰকাৰী তথ্য মতে অসমত জাপানিজ এনকেফেলাইটিছত মৃত্যু হোৱা ৰোগীৰ সংখ্যাই দুকুৰি অতিক্ৰম কৰিছে। গোলাঘাট আৰু যোৰহাটত জাপানিজ এনকেফেলাইটিছত সর্বাধিক ২৫ জনকৈ লোক আক্ৰান্ত হৈছে। নগাঁৱত ২৩ জন ৰোগী আক্ৰান্ত হোৱাৰ বিপৰীতে মৰিগাঁৱত ১২ জন লোকৰ দেহত জাপানিজ এনকেফেলাইটিছ পজিটিভ ধৰা পৰিছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে জে ইতকৈ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত আৰু মৃত ৰোগীৰ সংখ্যা অধিক যদিও স্বাস্থ্য বিভাগে এনকেফেলাইটিছ সদৃশ ৰোগীৰ তথ্য গাপ দি ৰাখিছে। মূলতঃ মহে কামুৰাৰ ফলতেই জে ই আৰু ডেংগি সংক্ৰমণ হয় যদিও ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে প্রাণ-নাশক মহৰ বংশ বৃদ্ধি প্ৰতিৰোধত কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে। এন এইচ এমে ৰাইজৰ মাজত ক্ষেত্ৰ ভিত্তিক সজাগতাৰ পৰিৱৰ্তে কেৱল দুই এটা বিজ্ঞাপন প্ৰকাশ কৰিয়েই দায়িত্ব সামৰিছে।

No comments