Breaking News

চন্দ্ৰত খোজ দিয়া প্ৰথমজন ব্যক্তি নীল আৰ্মষ্ট্ৰঙৰ ওপজা‌ দিনতেই জোনৰ দেশত প্ৰৱেশ চন্দ্ৰযান-৩


চন্দ্ৰ পৃষ্ঠত খোজ দিয়া প্ৰথমজন মানৱ নীল আৰ্মষ্ট্ৰঙৰ ওপজা দিন অৰ্থাৎ ৫ আগষ্টৰ দিনটোতেই  ভাৰতৰ চন্দ্ৰযান-৩ য়ে জোনৰ দেশত প্ৰৱেশ কৰে।পৃথিৱীৰ পৰা খালী চকুৰেই চন্দ্ৰৰ যি কলংক আমাৰ দৃশ্যমান হয়, সেয়া হৈছে ‘মাৰে’ বা ‘ছি অব ট্ৰেংকুইলিটী'। চন্দ্ৰৰ বুকুত থকা শান্তিৰ সাগৰ ৷ কোৱা বাহুল্য মাথোঁ, সেই শান্তিৰ সাগৰ বা 'ছি অব ট্ৰেংকুইলিটী’ত যিজন মানৱে প্ৰথমে ভৰি থৈছিল, তেওঁৰ নাম আছিল নীল আর্মষ্ট্ৰং আৰু কালি আছিল তেওঁৰ জন্মদিন। ১৯৩০ চনৰ ৫ আগষ্টত তেওঁ আমেৰিকাৰ অহায়ত জন্মগ্ৰহণ কৰিছিল আৰু ১৯৬৯ চনৰ ২১ আগষ্টত চন্দ্ৰপৃষ্ঠত প্ৰথম মানৱ হিচাপে ভৰি হৈ ইতিহাসৰ সৃষ্টি কৰিছিল। ইতিহাসৰ কিতাপ অক্ষত থকালৈকে অবিস্মৰণীয় হৈ থাকিব পৰা সেই নীল আর্মষ্ট্ৰঙৰ জন্মদিনতে, কালি সংযোগবশতঃ ভাৰতৰ চন্দ্ৰযান-৩ য়ে জোনবাইৰ দেশত প্ৰৱেশ কৰিলে। যোৱা ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰি কোটাৰ পৰা উৎক্ষেপন কৰা ভাৰতৰ চন্দ্রযান-৩ যে ৫ দিন পূৰ্বে পৃথিৱীৰ কক্ষপথ এৰি চন্দ্ৰ অভিমুখে ধাৱমান হৈছিল। সোমবাৰৰ পৰা শুক্ৰবাৰৰ সন্ধিয়ালৈ চন্দ্ৰযান-৩ আছিল পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ পথত। শনিবাৰে সন্ধিয়া ইছৰ'ৰ বিজ্ঞানীয়ে চন্দ্রযান- ৩ ক সফলতাৰে চন্দ্ৰৰ কক্ষপথত নিক্ষেপ কৰে। ইছৰৱে প্ৰকাশ কৰা অনুসৰি শনিবাৰে সন্ধিয়া ৭ বজাত চন্দ্ৰযান-৩ ক চন্দ্ৰৰ কক্ষপক্ষত নিক্ষেপ কৰাৰ পদক্ষেপ সুকলমে সম্পন্ন কৰা হয়। সেই সময়ত চন্দ্ৰযান-৩ য়ে পৃথিৱীৰ পৰা চন্দ্ৰৰ দুৰত্ব ৩,৮৪,৪০০ কিলোমিটাৰৰ দুই তৃতীয়াংশ পথ অতিক্ৰম কৰিছিল। এতিয়া চন্দ্ৰযান-৩ য়ে চন্দ্ৰৰ ক্ষীণ মধ্যাকর্ষন শক্তিৰ সহায়ত চন্দ্ৰৰ চাৰিওফালে উপবৃত্তাকাৰ পথত প্রদক্ষিণ কৰিব। এনেদৰে চন্দ্ৰৰ চাৰিওদিশে অহা ২৩ আগষ্টলৈকে প্ৰদক্ষিণ কৰাৰ পাছত চন্দ্রযান-৩ য়ে সেইদিনা সন্ধিয়া ৫ বাজি ৪৭ মিনিটত চন্দ্ৰত অৱতৰণৰ প্ৰয়াস কৰিব। অৱশ্যে তাৰ পূৰ্বেই ‘লেণ্ডাৰ মডিউল’ৰ ‘ৰাফ ব্রেকিং’ আৰু কণ্ট্ৰলড ব্রেকিঙৰ জৰিয়তে গতি হ্রাস কৰা হ'ব। চন্দ্ৰপৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ দুৰত থকা অৱস্থাত ‘লেণ্ডাৰ'ৰ গতি শূন্য কৰা হ'ব আৰু ৩০ কিলোমিটাৰ দুৰৰ পৰা ‘লেণ্ডাৰে’ ওপঙি ওপঙি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। ভাৰতৰ চন্দ্রযান-২ ক দক্ষিণ মেৰুৰে ‘ছিমপেলিয়াছ এন’ আৰু ‘মেনজিনাছ চি’ নামৰ দুটা গহ্বৰৰ মাজৰ ঠাইত অৱতৰণ কৰোৱা হৈছিল যদিও ‘ক্ৰেছ লেণ্ডিঙৰ ফলত ‘লেণ্ডাৰ’ ধ্বংস হৈছিল।

No comments