Breaking News

বিজ্ঞান প্ৰযুক্তি বনাম আধ্যাত্মিকতা


 উন্নতিৰ শিখৰত জয়ধবজা উৰুৱাই জৈৱপ্ৰযুক্তিৰ জগতত যিমানেই ন ন সৃষ্টি নহওক কিয় চিন্তনীয় বিষয় এইয়েই যে আজি পৰ্যন্ত “জীৱনৰ” প্ৰকৃত ৰহস্যৰ সম্ভেদ কোনেও দিব পৰা নাই 


                   

চয়নিকা শৰ্মা খাউণ্ড

        

            “জীৱন” এক ৰহস্য ৷ জীৱন , জীৱনৰ অস্তিত্ব আৰু উদ্দেশ্য সম্বন্ধে সভ্যতাৰ ফেহুঁজালিৰে পৰাই বিভিন্ন দাৰ্শনিক পণ্ডিতে বিভিন্ন চিন্তাধাৰাৰে মত পোষণ কৰি আহিছে যদিও আজি পৰ্যন্ত এক নিৰ্ভৰযোগ্য সমাধান সূত্ৰৰ আৱিষ্কাৰ হোৱা নাই।যোৱা তিনিটা শতক ধৰি বৈজ্ঞানিক সকলৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাইও জীৱনৰ এই চৰম গূঢ়াৰ্থ নিৰূপনত ব্যৰ্থ হৈছে৷

        জৈৱপ্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ ন ন সন্ধিক্ষণত জীৱনৰ বহু নতুন ৰহস্যই উন্মুক্ত হৈছে ৷জিনৰ বংশানুক্ৰমিক সূত্ৰ আৰু Watson আৰু Crick ৰ double helical DNA ম’ডেল আৱিষ্কাৰৰ পিছত জৈৱ প্ৰযুক্তি(Biotechnology),

জৈৱ ৰসায়ন (Biochemistry) তথা আণৱিক বংশগতি বিজ্ঞান(molecular genetics)ৰ জগত খনত এক নতুন যুগৰ সূচনা হ’ল ৷

অনেক বৈজ্ঞানিক আৱিষ্কাৰৰ সংযোজনৰ ভিতৰত ১৯৮৫ চনত Karli Mullis ৰ PCR(polymer chain reaction)আৰু ১৯৯৭ চনত Wilmut আৰু তেওঁৰ সহযোগী সকলৰ আৱিষ্কাৰ Clonning অন্যতম ৷

PCR প্ৰযুক্তিৰ সহায়ত বৃহৎ পৰিমানৰ DNA ৰ টুকুৰা (segment)প্ৰস্তুত কৰিব পাৰি ৷PCR ৰ আৱিষ্কাৰে আণৱিক জীৱবিজ্ঞানক আৰু এধাপ আগুৱাই লৈ গ’ল।বৰ্তমান সময়ত অণুজীৱবিজ্ঞানী (molecular biologist)সকলে  বিভিন্ন প্ৰজাতিৰ কিছুমান “বিশেষ জিন ” (specific gene) বিছাৰি উলিয়াবলৈ আৰু গৱেষণাৰ খাটিৰত এটুকুৰা DNAৰ বহুবোৰ নকল(copy) প্ৰস্তুত কৰাত PCR ব্যৱহাৰ কৰাত গুৰুত্ব প্ৰদান কৰিছে।বৰ্তমান ক’ৰণাকালত মানুহৰ শৰীৰত ক’ভিড ভাইৰাছৰ উপস্থিতি  আৰু C.T.value (cycle tresh hold value) নিৰূপন কৰাৰ বাবে RTPCR (reverse transcriptase polymer chain reaction)ৰ বহুল আৰু ফলপ্ৰসূ ব্যৱহাৰ কৰা হৈছে। 

    জৈৱপ্ৰযুক্তিৰ জগত খনত আন এক চমকপ্ৰদ আৱিষ্কাৰ হ’ল clonning ৷Clonningৰ দ্বাৰা সমান পৈতৃক গুণ সম্পন্ন(genetically similar)জীৱৰ সৃষ্টি কৰা হয়।১৯৯৭ চনত Ian Willmut আৰু তেওঁৰ সহযোগী সকলে পোনপ্ৰথম বাৰৰ বাবে ভেড়াছাগলীৰ এটা clone“ ডলী”ৰ আৱিষ্কাৰ কৰে ৷

     উন্নতিৰ শিখৰত জয়ধবজা উৰুৱাই জৈৱপ্ৰযুক্তিৰ জগতত যিমানেই ন ন সৃষ্টি নহওক কিয় চিন্তনীয় বিষয় এইয়েই যে আজি পৰ্যন্ত “জীৱনৰ” প্ৰকৃত ৰহস্যৰ সম্ভেদ কোনেও দিব পৰা নাই ৷ধৰা হওক জৈৱপ্ৰযুক্তিৰ নৱতম আৱিষ্কাৰেৰে আইনষ্টাইনৰ দৰে সম্পূৰ্ণ একে শাৰিৰিক অৱয়ব আৰু জিনীয় বিন্যাসৰ ব্যক্তিৰ জন্ম দিব পাৰে কিন্তু জিনীয় বিন্যাসে কস্মিনকালেও আইনষ্টাইনৰ দৰে হুবহু ব্যক্তিত্বৰ ,সত্বাৰ অথবা সমমেধা সম্পন্ন ব্যক্তি প্ৰস্তুত কৰিব নোৱাৰে ৷অৰ্থাৎ জৈৱপ্ৰযুক্তিৰ নৱতম আৱিষ্কাৰ সমূহেও মানুহৰ আধ্যাত্মিক সত্তাকে নকল কৰাত ব্যৰ্থ হৈছে ৷ হয়তো ইয়াতেই নিহিত আছে আত্মা আৰু পৰমাত্মাৰ ৰহস্য।অন্যহাতে বেদান্ত দৰ্শনেও DNA ৰ পৃথিৱীৰ সিপাৰে “জীৱন”ৰ আন এক সত্য নিহিত থকাৰ কথাতেই বিশ্বাস আৰোপ কৰিছে ৷

      প্ৰনিধানযোগ্য যে কেইজনমান ইউৰোপীয় বৈজ্ঞানিকৰ সমীক্ষা মতে পৰিবেশত জৈৱপ্ৰযুক্তি ফলশ্ৰুত জীৱ সমূহৰ বৃদ্ধিও বৰ্তমান সময়ত বিভিন্ন নতুন অতি সংক্ৰামক (virulent) ৰোগৰ জীৱানু(disease pathogen)সৃষ্টিৰ এক প্ৰধান কাৰণ হ’ব পাৰে ৷ এনে জীৱানু বোৰৰ বেছিভাগেই এণ্টিবায়টিক ৰেজিষ্টেণ্ট হয়৷সমগ্ৰ বিশ্বজুৰি বৰ্তমান সময়ত ত্ৰাসৰ সৃষ্টি কৰা Covid 19 ভাইৰাছৰ সৃষ্টিও এই সন্দেহৰ আৱৰ্তৰ বাহিৰত নহয়। অন্যহাতে জৈৱপ্ৰযুক্তিজাত শস্য সমূহৰপৰা বিভিন্ন পোক পতঙ্গৰ স্বাভাৱিক গঠনত বাধা হোৱাৰ লগতে এনেবোৰ আহাৰ গ্ৰহণ কৰাৰ ফলত অস্বাভাৱিক এলাৰ্জী , খাদ্যনলীৰ কষ্ট,এণ্টিবায়টিক ৰেজিষ্টেঞ্চ,মূখ্য অংগসমূহৰ অস্বাভাৱিক বৃদ্ধি আৰু বিকাশ ইত্যাদি বহুতো উপসৰ্গই দেখা দিব পাৰে ৷

    কুৰিশতিকাৰ অন্যতম এক সংযোজন হ’ল ১৯৯০ চনত Francis Collins ৰ নেতৃত্বত আৰম্ভ হৈ ২০০৩ চনত শেষ হোৱা Human genome project ৷এই বিশ্ববিখ্যাত বিজ্ঞানী জনে যেতিয়া প্ৰায় ৩ বিলিয়ন জৈৱ ৰসায়নিক আক্ষৰৰ মানৱদেহৰ genetic blue print ৰছনা কৰিছিল স্বতঃস্ফূৰ্ত ভাৱে তেওঁ সৃষ্টিকৰ্তা সেই অদৃশ্য অপ্ৰকট পৰমশক্তিৰ ওচৰত শিৰনত কৰিছিল_“I have found there is a wonderful harmony in the complementary truths of science and faith....God can be found in the cathedral or in the laboratory.By investing God's majestic and awesome creation,science can actually be a means of worship”৷R.L Clarck ৰ “Life and times of Einstein”গ্ৰন্থ খনত উল্লেখ আছে যে আইনষ্টাইণেও ঈশ্বৰৰ(পৰমশক্তিৰ) অস্তিত্বৰ কথা উল্লেখ কৰিছে এনেদৰে “Knowing the plan of God is most important and the rest are details”

     জিনসমূহ হৈছে এটা জীৱৰ গঠনৰ বাবে আৱশ্যকীয় আনুশবংশীয় সাংকেতিক জৈৱ ৰসায়নিক অনু ৷জিন’ম হৈছে জিন সমূহৰ সংগ্ৰহালয় ৷নৱেল বঁটা বিজয়ী অনুজীৱ বৈজ্ঞানী Werner Arber মতে “জীৱন” এই জৈৱ ৰসায়নিক পদাৰ্থ সমূহৰ সিপাৰৰ এক ৰহস্য ৷ জিন থেৰাপিৰ পিতৃপুৰুষ W.French Andersonৰ তেওঁৰ অভিজ্ঞতাপুষ্ট অনুভৱ ব্যক্ত কৰিছিল এনেদৰে যে জিনীয় প্ৰযুক্তি বিদ্যাৰে “মানৱতাবাদ” অথবা মানৱীয় প্ৰমূল্যবোধৰ সৃষ্টি কৰা অসম্ভৱ৷ যি মানৱীয় সত্তা বা মানৱীয় গুণ সমূহে মানৱ জীৱনক অন্য জীৱৰ পৰা এক অনন্য মাত্ৰা প্ৰদান কৰিছে-এই প্ৰমূল্যবোধক আমি জুখিব নোৱাৰোঁ ই শ্বাশ্বত আৰু সৰ্বজন বিদিত ৷ জিনীয় বিন্যাস অথবা জিন’মৰ দ্বাৰা নিৰ্মিত শাৰিৰিক অৱয়ৱৰ ওপৰিও প্ৰত্যেক জীৱই এক আধ্যাত্মিক কণা(spritual particle)ৰে গঠিত _যাক আমি“ আত্মা”(soul) বুলি কওঁ ৷চেতনা আৰু স্বাধীন ইচ্ছা শক্তি আত্মাৰ বৈশিষ্ট্য৷ আত্মাৰ গঠন ৰসায়নিক অথবা আণৱিক নহয় ৷ই বুদ্ধি,মন আৰু সংস্কাৰৰ দ্বাৰা গঠিত আৰু পৰিচালিত।পদাৰ্থৰ  এই আত্মা বা চেতনা শক্তি নাথাকে ৷ আত্মা এক চিৰস্ৰোতস্বিনী প্ৰৱাহ ৷চেতনাৰ বিকাশ অনুযায়ী এই প্ৰৱাহ নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ হয় ৷ মানৱ জীৱনত আত্মাৰ চেতনাৰ পূৰ্ণবিকাশ

  ঘটে  ৷ বেদান্ত দৰ্শনৰ মতে-

      জীৱন=জিন’ম       +মন,বুদ্ধি+আত্মা

       (শাৰিৰীক অবয়ৱ) (মিঠ্যা অহং) (আধ্যাত্মিকণা)

    মানুহৰ দৰে উন্নত জীৱত মস্তিস্ক এনে এক তাৎপৰ্য পূৰ্ণ অংগ য’ত আত্মাৰ বোধ অথবা চেতনাৰ লক্ষণ সমূহ প্ৰৱাহিত হয় ৷ জীৱবিজ্ঞানৰ ধাৰণা মতে জীৱৰ বৃদ্ধি কোষ সমূহৰ বিভিন্ন বিভাজন প্ৰক্ৰিয়া মাইট’চিছ বা মিয়’চিছ ৰ দ্বাৰা হয় কিন্তু প্ৰশ্ন হ’ল কি কাৰণে এটা কোষে পোন প্ৰথম বাৰৰ বাবে বিভাজিত হয়কি শক্তিৰ আধাৰত?কি কাৰণে এটা নিষেচিত ডিম্ব(শুক্ৰাণু আৰু ডিম্বানুৰ মিলনৰ ফল) বিভাজন হয় আৰু ফলশ্ৰুতিত এক সম্পূৰ্ণ শৰীৰৰ সৃষ্টি হয় ? বেদান্তৰ মতে কেৱল আত্মাৰ উপস্থিতিৰ বাবেহে শৰীৰত প্ৰাণৰ সঞ্চাৰ হয় আৰু কাৰ্যক্ষম হয় ৷জীৱৰ জন্ম হয়,জীয়াই থাকে,বৃদ্ধি হয় আৰু উত্তৰ পুৰুষৰ সৃষ্টি হয়-নিৰ্দিষ্ট জীৱন কালৰ অন্তত ক্ৰমশঃ অৱক্ষয় ঘটে আৰু বিস্মৃতিৰ গৰ্ভত  লুপ্ত হয় ৷ এইয়াই জন্মৰ পৰা মৃত্যুৰ পৰিক্ৰমা ৷ এই পৰিক্ৰমাক এখন গাড়ী আৰু ড্ৰাইভাৰৰ সম্পৰ্কৰ লগত তুলনা কৰিব পাৰি ৷যেনেকৈ ড্ৰাইভাৰ অবিহনে এখন গাড়ীৰ গতি স্থবিৰ,অৰ্থহীন তেনেকৈ আত্মা অবিহনে জীৱৰ জীৱন স্থবিৰ অৰ্থহীন, প্ৰাণস্পন্দনহীন অথবা মৃত ৷ বেদান্ত দৰ্শনৰ মতে আত্মাৰ বিজ্ঞান (science of soul) হৈছে পৰম আধ্যাত্মিকতাৰ সাৰমৰ্ম আৰু ভাগৱত গীতাৰ মতে এই পৰম জ্ঞানেই হৈছে সকলো জ্ঞানৰ উৰ্ধত সকলো গোপনীয়তাৰ মূল গোপন সত্য ৷(The knowledge is the king of education the most secret of all secret It is the purest knowledge, and because it gives direct perception of the self by realization,it is the perfection of religion.It is everlasting and it is joyfully performed.)

          শ্ৰী মদ্‌ভাগৱত গীতা আৰু গৰ্ভউপনিষদত ভ্ৰূণবিজ্ঞানৰ (embryology)এনে কিছুমান সংক্ষিপ্ত ব্যৱস্থাপনাৰ(concise treaties) বিৱৰণ আছে যিবোৰৰ আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ লগত বহুখিনি প্ৰাসংগিকতা আছে ৷

           বেদান্তৰ মতে গৰ্ভধাৰণৰ মূহূৰ্তৰ পৰাই জীৱৰ পাৰ্থিৱ জীৱন আৰম্ভ হয় ৷মহাভাৰতত বৰ্ণিত অৰ্জুন পুত্ৰ মহাবীৰ অভিমন্যুৰ মাতৃ গৰ্ভত থাকোতেই শিক্ষালাভ আৰু সম্পূৰ্ণ মানসিক বিকাশৰ কাহিনীয়ে এই কথাকে সূচায় ৷অন্যহাতে আধুনিক বংশবিজ্ঞানৰ পিতৃপুৰুষ (father of modern genetics)Dr W.French Andersonৰ মতেও গৰ্ভধাৰণৰ মুহূৰ্তৰ পৰাই জীৱত “জীৱন” ৰ সঞ্চাৰ হয় ৷নিষেচনৰ (fertilization)ঠিক ৭ দিনৰ পিছতেই ভ্ৰূণানু বা zygote সৃষ্টি হয় ৷গতিকে zygote স্তৰৰ পৰাই জীৱত প্ৰাণৰ সঞ্চাৰ হয়-যদিওবা এই অৱস্থাত অস্থি,চৰ্ম,লিভাৰ আদি আৰু মানৱদেহৰ আন ২২০কোষৰ বিকাশ নহয় ৷তথাপিতো zygote তথা ভ্ৰূণানুও জীৱন  আৰু ইয়াক ধ্বংস কৰা নিষিদ্ধ ৷সেয়েহে হয়তো বৰ্তমান stem cell therapy ও জৈৱপ্ৰযুক্তিবিজ্ঞানৰ উত্তৰণত নীতিশাস্ত্ৰ বৰ্হিভূত কিছুমান অসমাধানকৃত প্ৰশ্নৰ আৱৰ্তত সোমাই পৰিছে৷stem cell therapy ত ভ্ৰূণৰ অন্তৰ্ভাগত থকা আন্তঃকোষীয় পুঞ্জ(inner cell mass)ৰ পৰা stem cell নিষ্কাষণ কৰা হয় ৷ আৰু এই প্ৰক্ৰিয়াত ভ্ৰূণটো সম্পূৰ্ণ ধ্বংস প্ৰাপ্ত হয় ৷গতিকে এই দৃষ্টিকোণৰ পৰা stem cell therapyয়েও ভ্ৰূণহত্যাৰ দৰে অনৈতিক কৰ্মকাণ্ডৰ পোষকতা কৰিছে ৷আৰু ই মানৱ সভ্যতাৰ স্বাভিমান খৰ্ব কৰিছে ৷

      বৰ্তমান সময়ত সমাজত দেখা দিয়া বিভিন্ন সমস্যা,অসন্তুষ্টি,ৰাজনৈতিক,সামাজিক সংঘাত আদি সকলোৰে মূলতে হৈছে মানুহৰ প্ৰকৃত আধ্যাত্মিক গুণৰ অভাৱ ৷গৰ্ভউপনিষদ তথা চৰকসংহিতা ইত্যাদি গ্ৰন্থত আধ্যাত্মিক পুষ্টি সম্বলিত মানৱ শিশুক জন্ম দিয়াৰ আগতে পিতৃ মাতৃয়ে নিজ নিজ মন,সত্বা কেনেকৈ সংশোধিত কৰিব লাগে আৰু গৰ্ভ ধাৰণৰ পিছতো কেনেকৈ কিছুমান নিয়ম পালন কৰিব লাগে সেই বিষয়ে উল্লেখ আছে ৷মানৱ জীৱন কেৱল জিনৰ সমষ্টিয়েই নহয় ৷বৰ্তমান সময়ত জীৱবিজ্ঞানী সকলৰ ধাৰণাৰ পৰিবৰ্তনৰ সময় আহি পৰিছে ৷পৃথিৱীত কেনেকৈ সৎ,শুদ্ধ মানৱ সন্তানৰ জন্ম দিব পৰা যায় সেই বিষয়ে বৈজ্ঞানিক চিন্তা চৰ্চাৰ অতি প্ৰয়োজন হৈ পৰিছে ৷জীৱবিজ্ঞানৰ ক্ৰমবিৱতৰ্নত বৰ্তমান মানৱ জীৱনৰ জিনীয় বিন্যাস তথা ন ন চিন্তা উদ্ৰেককাৰী অধ্যয়নৰ লগতে সেই আধ্যাত্মিক কণা যি মানৱ সত্তাক এক স্বকীয়তা প্ৰদান কৰে সেই বিষয়ে আলোকপাত কৰাৰ সময় আহি পৰিছে ৷ তেতিয়াহে হয়তো মানৱ সভ্যতাৰ প্ৰকৃতাৰ্থত উত্তৰণ ঘটিব ৷ মানৱ জীৱন দুষ্প্রাপ্য ৷মানৱ জীৱনৰ পাৰ্থিৱ আৰু আধ্যাত্মিক সত্তাক সকলো পৰিস্থিতিতে ৰক্ষণাবেক্ষণ দিয়াতো প্ৰতি জনৰে দায়িত্ব ৷দৰাচলতে বৰ্তমান ধৰ্ম আৰু বিজ্ঞানৰ তথাকথিত যোগসূত্ৰ বা আন্তঃ সম্পৰ্ক সমূহক জনসাধাৰণৰ মাজত পৰিচয় কৰি দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷মানৱ সভ্যতাৰ উত্তৰণৰ যাত্ৰাত ধৰ্ম আৰু বিজ্ঞানে খোজত খোজ মিলাই একে পথেৰে ধাৱমান হ’ব পাৰিলেহে এটাই আনটোৰ শক্তি বৰ্ধনৰ সহায়ক হ’ব পাৰিব আৰু প্ৰকৃতাৰ্থত মানৱ সভ্যতাৰ উত্তৰণ ঘটিব ৷



No comments