Breaking News

সোণাৰিত অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট পেভিলিয়নৰ আধাৰশিলা স্থাপন



মৃত্যুঞ্জয় দাস,সোণাৰিঃ অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া, উপ সভাপতি পৰিক্ষিত দত্ত, কোষাধ্যক্ষ ত্ৰিদীপ কোঁৱৰ আৰু যুটীয়া সম্পাদক কামাখ্যা শইকীয়া আদিৰ উপস্থিতিত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই সন্থাৰ অৰ্থ সাহাৰ্য্যত ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত  নিৰ্মাণ কৰিবলৈ লোৱা প্ৰস্তাৱিত সোণাৰি ক্ৰিকেট পেভেলিয়নৰ আজি আধাৰশিলা স্থাপন কৰে । এই উপলক্ষে ক্ৰীড়া সংগঠক মুক্তাবুল হুছেইনে আঁতধৰা এক সভাত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিৎ শইকীয়াই ভাষণ দি জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ খনত প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে পেভিলিয়নটোৰ উপৰিও খেলপথাৰ, ক্ৰিকেট পিটছ আদি নিৰ্মাণ কৰি দিয়া হ'ব বুলি অৱগত কৰে। কম দিনৰ ভিতৰত যাতে খেলপথাৰ খনক BCCIৰ মানদণ্ডৰ খেলপথাৰলৈ উন্নীত কৰিব পৰা যায় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বক্তাদ্বয়ে কয়।

No comments