Breaking News

কাজিৰঙা ত বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে টাইমকাৰ্ড প্ৰৱৰ্তন



ডিজিটেল সংবাদ, কলিয়াবৰঃ আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘাইপথত বলৱৎ কৰা হৈছে টাইম কাৰ্ডৰ প্ৰচলন। কলিয়াবৰৰ ৰাঙলু বন সুৰক্ষা শিবিৰৰ পৰা পানবাৰীলৈকে মুঠ ৪৫ কিলোমিটাৰ পথচোৱা ১ ঘন্টা ৮ মিনিট সময় ধাৰ্য কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত এই বিধি প্ৰযোজ্য কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে। CRPC আইনৰ ১৪৪  ধাৰা বলৱৎ কৰি প্ৰৱৰ্তন কৰা নিয়ম ভঙ্গ কৰা সকলৰ বিৰুদ্ধে জৰিমনা বিহাৰো ব্যৱস্থা কৰিছে উদ্যান কতৃপক্ষই।

No comments