Breaking News

ভদীয়া বানত বোকাখাতৰ উত্তৰাঞ্চলত প্লাৱিতঃ বাঢ়ি আছে ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ জলপৃষ্ঠ



অজন্তা তালুকদাৰ, বোকাখাত: খেতিৰ বাবে পানীৰ অভাৱত বোকাখাতৰ কৃষকে মুৰে কপালে হাত দি থকাৰ সময়ত হঠাতে নিশাৰ ভিতৰতে ব্ৰহ্মপুত্ৰ আৰু ধনশিৰিৰ জলপৃষ্ঠ ওফন্দি উঠি বোকাখাতৰ উত্তৰাঞ্চল  জল মগ্ন হৈ পৰাত থৰকাচুতী হেৰুৱাই ৰাইজে লাম লাকটু লৈ নিশাই মথাউৰি আৰু ওখ ঠাইত আশ্ৰয় লৈছে। যোগনীয়া, দ্বিতীয় পৰঙণীয়া,শিলজুৰি কাকজুৰিৰ প্ৰায় ৩৫ হাজাৰ বিঘা অঞ্চল বানত বুৰ গৈছে। এই অঞ্চলটোৰ শালি খেতি বানৰ কৱলত পৰিছে। ইফালে বোকাখাতৰ চিকণ আটা থানৰ পৰা মৰিয়াহোলাহৈ নিকৰি ঘাটলৈকে থকা পকী পথ,৩৭ নম্বৰ ঘাই পথৰ পৰা মৰিয়াহোলা সংযোগী পথ,নিকৰি ঘাটৰ পৰা চগুৰি সংযোগী পথৰ যাতায়ত বন্ধ হৈ পৰিছে। বানাক্ৰান্ত অঞ্চলৰ শতাধিক পৰিয়ালে অস্থায়ী চালি সাজি মথাউৰিত শিৱিৰ পাতিছে।বাতৰি লিখাৰ পৰললৈকে পানী দ্ৰুত গতিত বাঢ়ি আছে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কুৰি শতাংশ অঞ্চল বানত ডুব গৈছে যদিও এই মূহুৰ্তলৈকে উদ্যান খনত বানে ভাবুকিৰ সৃষ্টি কৰিব পৰা নাই।জল পৃষ্ঠ এই গতিত বৃদ্ধি পালে নিশাৰ ভাগলৈ উদ্যান খনৰ ৫০ ভাগ অঞ্চল প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে। বতৰ বিজ্ঞানৰ খৱৰ অনুসৰি অহা২৪ ঘন্টাত ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ বাঢ়নী পানী আৰু বঢ়াৰ সম্ভাৱনা আছে।

No comments