Breaking News

আৰণ্যকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পক প্ৰদান কৰিলে ৬ খন পালচাৰ বাইক


ডিজিটেল সংবাদ,কাজিৰঙাঃ আজি স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ সচিব প্ৰধান ড০ বিভৱ কুমাৰ তালুকদাৰ, আৰণ্যকৰ প্ৰকল্প প্ৰবন্ধক আৰিফ হুছেইনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য প্ৰকল্পৰ কৰ্তৃপক্ষক ৬ খন মটৰ চাইকেল প্ৰদান কৰে কাজিৰঙাৰ কহঁৰাস্থিত শতবৰ্ষ সমাৰোহ কেন্দ্ৰৰ সন্মুখত। 

মটৰ চাইকেল প্ৰদানৰ এই অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, DFO ৰমেশ কুমাৰ গগৈ, কহঁৰাৰ বনাঞ্চলিক বিষয়া বিভুতি ৰঞ্জন গগৈ, বনকৰ্মী আৰু স্থানীয় সংবাদ মাধ্যমৰ লোকসকল। উল্লেখযোগ্য যে, উক্ত মটৰচাইকেল কেইখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য প্ৰকল্পৰ অন্তৰ্গত ৬টা বিতত বনকৰ্মীয়ে বন্যপ্ৰাণীৰ সুৰক্ষা, দাঁতিকাষৰীয়া অঞ্চল তথা ঘাই পথত তহল দিবলৈ ব্যৱহাৰ কৰিব পাৰিব ।

No comments