Breaking News

ভাদমহীয়া বানৰ কবলত দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চল



কুমুদ বৰা, দেৰগাঁওঃ ভাদমহীয়া বানৰ কবলত পৰি দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ লগতে সমীপৱৰ্তী দক্ষিণ আহঁতগুৰি বাসী দিশহাৰা হৈ পৰিছে। খৰাং পৰিস্থিতিৰ বাবে কৃষিজীৱি অঞ্চলটোত শেহতীয়াকৈ  কৃষকে গাঁঠিৰ ধন ভাঙি মেছিনেৰে পানী সিঁচি দুই এডৰা শালি খেতি ৰুই ভৱিষ্যতৰ সপোন ৰচিছিল যদিও সেই সপোন ৰাতিৰ ভিতৰতে তচনচ কৰি পেলালে।অঞ্চলটোৰ লেমচাপৰি, গড়মৰা, শলাবোৱা,চমুৱা,ছিৰিশটিকা, সদাৰ,বহিখোৱা, নতুন চাপৰি, বোকোৰা আদি গাঁও সমুহৰ লগতে সমীপৱৰ্তী দক্ষিণ আহঁতগুৰিৰ বহু কেইখন গাঁও প্লাৱিত কৰি পেলাইছে ভদীয়া বানে।


কৃষি কৰ্মৰ উপৰিও পশুধন পালন কৰি জীৱন নিৰ্বাহ কৰা লোক সকলে এতিয়া পশুধনৰ লগতে নিজৰ জীৱন বচাবলৈ সুৰক্ষিত আশ্ৰয় স্থলী বিচাৰি হাহাকাৰ কৰি ফুৰিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে। ৰাতিৰ ভিতৰতে বিপদ সীমা অতিক্ৰম কৰা  ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠক লৈ এতিয়া আতংকিত নৈ পৰীয়া জনসাধাৰণ।

No comments