Breaking News

অৱশেষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি বেদখলমুক্ত কৰাৰ যো-জা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ


ডিজিটেল ডেস্কঃ জননী লাইভৰ বাতৰিৰ প্ৰভাৱ। অৱশেষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি বেদখলমুক্ত কৰাৰ যো-জা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। উল্লেখ্য যে, যোৱা ১৮ আগষ্টত বোকাখাতস্থিত মেথনি চাহ বাগিচাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৫ বিঘা মাটি অবৈধভাৱে বেদখল কৰাৰ বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল জননী লাইভত। কেইবা দশক ধৰি চৰকাৰৰ চকুত ধূলি দি এই অবৈধ বেদখল চলাই আহিছিল মেথনি চাহ বাগিচা কৰ্তৃপক্ষই। সেইবাবেই কাজিৰঙাক বেদখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযান চলোৱাৰ যো-জা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। 

ক্ৰমবৰ্ধিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত পানবাৰী সংৰক্ষিত বনাঞ্চলৰ ৫ হেক্টৰ ভূমি চাহ বাগিছা স্থাপনেৰে অধিকাৰ কৰি ৰাখিছে মেথনি চাহ বাগিছা কৰ্তৃপক্ষই।দীৰ্ঘদিন ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ভূমি বেদখলমুক্ত কৰি দিবৰ বাবে পত্ৰ প্ৰেৰণ কৰি আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।কিন্তু তাৰ পাছতো গা লৰা নাছিল চাহ বাগিচাখনৰ কৰ্তৃপক্ষৰ। 

ইপিনে,বেদখল কৰা ভূমিত উচ্ছেদৰ খবৰ পাই চাহ বাগিচা কৰ্তৃপক্ষই অতি কৌশলগতভাৱে বাগিচাখনৰ শ্ৰমিকসকলৰ দ্বাৰা বসতিৰ অধিকাৰ কাঢ়ি লোৱা বুলি প্ৰতিবাদৰ সৃষ্টি কৰি সমগ্ৰ বিষয়টোক এটা অন্য ৰূপ দিব বিচৰাৰ অভিযোগ উত্থাপিত হৈছে।

ন্যস্তস্বাৰ্থ জড়িত এই প্ৰতিবাদক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক বাধা দিবৰ বাবে ব্যৱহাৰ কৰিব বিচাৰিছে মেথনি চাহ বাগিচা কৰ্তৃপক্ষ‌ই।পিছে,জননী লাইভত সবিস্তাৰে সম্প্ৰচাৰিত হোৱা বাতৰিৰ বাবেই এই উচ্ছেদৰ বাবে তৎপৰ হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।কিন্তু, সমগ্ৰ বিষয়টো কিমানদূৰ ফলপ্ৰসু হয়,সেইয়া সময়তহে হ'ব লক্ষণীয়।

No comments