Breaking News

গোলাঘাটত এটা অত্যাধুনিক ডায়লেচিচ কেন্দ্ৰ মুকলি কৰে মন্ত্রী অজন্তা নেওগে


ডিজিটেল সংবাদ,গোলাঘাটঃ আজি গোলাঘাটত উপস্থিত হয় ৰাজ্যৰ বিত্ত তথা সমাজকল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ।মন্ত্ৰীগৰাকীৰ উপস্থিতিত আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মুকলি হয় এটা অত্যাধুনিক ডায়লেচিচ কেন্দ্ৰ। ৩ টা চিফটত ৬ জনকৈ মুঠ ১৮ গৰাকী ৰোগীক এদিনত ডায়লেচিচ প্ৰদানৰ সুবিধা থাকিব এই কেন্দ্ৰটোত।সম্পূৰ্ণ বিনামূলীয়াকৈ এই ডায়লেচিচ কেন্দ্ৰটোৱে গোলাঘাটৰ ৰোগীসকললৈ এক নতুন মাত্ৰা প্ৰদান কৰিব।


ইপিনে,আজি দ্বিতীয়টো পৰ্যায়ত কভিডত স্বামীহাৰা হোৱা মুঠ ৭ গৰাকী মহিলাক আঢ়ৈ লাখ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।আনহাতে,ৰাজ্য চৰকাৰে পুনৰ কভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক ১ লাখ টকাকৈ প্ৰদানৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।এতিয়ালৈ গোলাঘাটৰ মুঠ ৪২টা পৰিয়ালক এই আওতাত সামৰি লোৱা হৈছে।

ইফালে,ৰাজ্য চৰকাৰে প্ৰতিখন জিলাত একোটাকৈ শিশু কেন্দ্ৰ মুকলি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অনাথ শিশু সকলৰ সুবিধাৰ্থে এই কেন্দ্ৰ মুকলিৰ কথা ঘোষণা কৰে মন্ত্ৰী অজন্তা নেওগে।

No comments