Breaking News

সোণাৰিত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা



মৃত্যুঞ্জয় দাস,সোণাৰিঃ অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আজি সোণাৰস্থিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত জল জীৱন মিছন, আন্তঃৰাজ্যিক সীমান্তৰ লগতে ক'ভিড পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে  চৰাইদেউ জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগত। 

এই বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত অহা এক সপ্তাহৰ ভিতৰত ৰাজ্যৰ ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ মন্তব্য কৰে। আনহাতে, প্ৰথম পৰ্যায়ত কলেজসমূহ খুলি দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক ভেকচিন প্ৰদানৰ লক্ষ্য আগত ৰখা হৈছে বুলিও মন্তব্য কৰে। সমগ্ৰ অসমতে ছাত্ৰ-ছাত্ৰী সকলক ভেকচিন প্ৰদান কৰিবলৈ সজাগতা সৃষ্টি কৰা হ'ব বুলিও মন্তব্য কৰে মুখ্য সচিব জিষ্ণু বৰুৱাই।

No comments