দৈয়ুংমুখৰ ঘটনাই কপঁনি তুলিছে ৰাজ্যৰ প্ৰশাসনত
খেৰণি: অসম চৰকাৰে ৰাজ্যত সম্পূৰ্ণ শান্তি বিৰাজ কৰি থকা বুলি দাবী কৰি অহাৰ সময়তে বৃহস্পতিবাৰে নিশা ডিমা হাচাও জিলাৰ দৈয়ুংমুখ ৰেঞ্জৰ বিলত সংঘটিত হিংসাত্মক ঘটনাই চৰকাৰৰ দাবীক অসাৰ প্ৰতিপন্ন কৰিলে ৷ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছতে আলফাই ঘোষণা কৰিছিল একপক্ষীয় যুদ্ধ বিৰতি ৷ একেদৰে পাহাৰৰ পাচঁটাকৈ মুলতে কাৰবি আৰু কুকি জনগোষ্ঠীয় উগ্ৰপন্থী সংগঠনেও অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ বাটলৈ ঘূৰি আহিছিল ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগে স্পষ্ট কৰিছিল যে পাহাৰত আৰু কোনো উগ্ৰপন্থী সংগঠন নাই ৷ পাহাৰত এতিয়া শান্তিয়ে শান্তি ৷ পিছে চৰকাৰৰ এই দাবী বৃহস্পতিবাৰে মিছা বুলি প্ৰতিপন্ন কৰিলে ডি এন এল এ নামৰ সংগঠনটোৱে ৷ শান্ত হৈ পৰা ডিমা হাচাও জিলাত বৃহস্পতিবাৰে নিশা ৮-৯ বজাৰ ভিতৰত উগ্ৰপন্থী সংগঠটোৱে চলোৱা নিৰ্বিচাৰ গুলী বৰ্ষণত ৬ জনকৈ পেতৰ তাৰণাত ট্ৰাক চলোৱা নিৰীহ চালক-হেণ্ডিমেনে প্ৰাণ দিব লগা হয় ৷ আন দিনাৰ দৰেই ট্ৰাক সমূহে উমৰাংচ’ৰ চিমেণ্ট কাৰখানাৰ পৰা ক্লিংকাৰ আৰু কয়লা লংকালৈ আনিছিল ৷ আগৰ পৰা দৈয়াংমুখৰ ৰেঞ্জৰ বিলত খাপ পিটি আছিল ডি এন এল এৰ এটা ৭-৮ জনীয়া দলে ৷ ট্ৰাক সমূহক ৰখাই উগ্ৰপন্থী দলটোৱে ট্ৰাক সমূহলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ এই গুলীচালনাত লংকাৰ ট্ৰাক চালক প্ৰণৱ সিংহা কথমপি ৰক্ষা পৰে যদিও আনজন চালক ফাৰুক আহমেদৰ ভৰিত গুলী লাগে ৷ তেওঁলোক দুয়ো কথমপি প্ৰণৰক্ষা কৰি তেওঁলোকেই নিশা গুলীচালনা আৰু ট্ৰাক জ্বলাই দিয়াৰ খবৰ দিয়ে ৷ উগ্ৰপন্থীৰ দলটোৱে গুলীয়াই জ্বলাই দিয়া ট্ৰাকত মৃত্যু হোৱা চালক-হেণ্ডিমেন সকল হ’ল লংকাৰ বিপ্লৱ সিং , আছগৰ আলি , ছিকণ্ডৰ আলি , গৌৰ মজুমদাৰ আৰু দিলোৱাৰ হুছেইন ৷ সতীৰ্থ চালকৰ ভাষ্য অনুসৰি এগৰাকী চালক আছিল অসমৰ বাহিৰৰ ৷ জ্বলি ছাই হৈ যোৱা ৫ জন চালকৰ মৃতদেহ চিনাক্ত কৰা সহজ নহয় ৷ গুলীবৃদ্ধ হৈ নগাঁৱত চিকিৎসাধীন হৈ থকা চালক ফাৰুক আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে উগ্ৰপন্থীৰ দলটোৱে ট্ৰাক ৰখাই তেওঁৰ ভৰিত গুলী কৰে ৷ ইয়াৰ পিছতে তেওঁ ট্ৰাকৰ বাওঁফালৰ দৰ্জাৰে ওলাই এটা খালত পৰি প্ৰাণ ৰক্ষা কৰে ৷তেওঁৰ লগত থকা হেণ্ডিমেন জনক পলাবলৈ কৈছিল যদিও সি পলাব নোৱাৰিলে আৰু ট্ৰাকতে জ্বলি ছাই হয় ৷ ঘটনা সন্দৰ্ভত ডিমা হাচাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে কয় যে ৫-৬ জনীয়া দল আহি এই ঘটনা নিশা সংঘটিত কৰে ৷ এতিয়া আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান অব্যাহত ৰখা বুলি তেওঁ কয় ৷ অৱশ্যে কোন উগ্ৰপন্থী সংগঠনে এই নাৰকীয় ঘটনা সংঘটিত কৰিলে সেই সম্পৰ্কে কোনো মন্তব্য নকৰিলে বিষয়া গৰাকীয়ে ৷
২০১৬ চনত গঠন হৈছিল ডিমাছা নেচনেল লিবাৰেশন আৰ্মী ৷ কাৰবি আংলং, ডিমাপুৰ , ডিমা হাচাও , হোজাই আৰু কাছাৰ জিলাক লৈ এখন সুকীয়া ৰাজ্যৰ দাবী কৰি আহিছে সংগঠটোৱে ৷ পুৰণি ডিমাছা ৰজাৰ শাসনত থকা সকলো এলেকাক লৈ এখন ৰাজ্যৰ দাবী কৰা সংগঠটোৰ অধ্যক্ষ গৰাকীয়ে ২০১৬ চনৰ পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাবে কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ ধনশিৰি সমষ্টিৰ পৰা প্ৰতিদন্দিতা কৰিছিল ৷ ইটিকা ডিপুছা নামৰ নেতা গৰাকী নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতে নিৰুদ্দেশ হৈ পৰে ৷ পিছতহে সকলোৱে গম পাই তেওঁ উগ্ৰপন্থী সংগঠনত যোগ দিয়াৰ কথা ৷ ডিমাপুৰত বাহৰ পাতি উগ্ৰপন্থী সংগঠনটোৱে সংগঠনৰ কাম-কাজ চলাই আহিছে ৷ ইয়াৰ মাজতে কাৰবি আংলং জিলাৰ নাগালেণ্ড সীমান্তৰ মিছিবাইলামত ২৩ মাৰ্চত সংগঠনটোৰ ৭ গৰাকী কেডাৰৰ মৃত্যু হৈছিল অসম আৰক্ষীৰ কামাণ্ড বাহিনীৰ হাতত ৷ ইয়াৰ পিছতে উগ্ৰপন্থীৰ দলটোৱে কাৰবি আংলং জিলা ত্যাগ কৰি ডিমা হাছাও জিলাৰ মাইবং মহকুমাত খোপনি পুতে ৷ সংগঠনটোৱে ১৪ আগষ্টত ৩৬ ঘন্টীয়া প্ৰস্তাৱিত ৰাজ্য এলেকা বন্ধ দিয়ে ৷ ডিমা হাচাও জিলাত বন্ধ সফল হয় ৷
১৫ আগষ্টত সংগঠনটোৱে কালাচান্দত শূন্যলৈ গুলী ফুটাই বন্ধ সফল হোৱা কথাক স্বাগতম জনায় ৷ সংগঠটোত বহু কেডাৰ নাই যদিও এনে কাণ্ড সংঘটিত কৰিবলৈ বেছি লোকৰ প্ৰয়োজন নহয় ৷ ডিমা হাছাও জিলা প্ৰশাসনে সংগঠনটোৰ বিৰুদ্ধে অভিযান চলাইছে যদিও চোৰাংচোৱাৰ ব্যৰ্থতাৰ বাবেই হওঁক কিম্বা আন কাৰণত সফল হ’ব পৰা নাই ৷ ইয়াৰ পৰিণতিতে বৃহস্পতিবাৰে নিশা সংগঠনটোৱে ৰাজ্য কপাঁই যোৱা অভিযান চলাই পাচঁখনকৈ ট্ৰাক জ্বলাই দিয়াৰ লগতে ৬ গৰাকী চালক-হেণ্ডিমেনক হত্যা কৰে ৷ লক্ষণীয় যে উমৰাংচ’ত থকা ডালমিয়া চিমেণ্ট কাৰখানাকে ধৰি আন চিমেণ্ট কাৰখানা আৰু কয়লা ব্যৱসায়ী সকলৰ পৰা উগ্ৰপন্থী সংগঠনটোৱে দীৰ্ঘদিনৰ পৰা ধন দাবী কৰি আহিছিল ৷ ডিমা হাছাও জিলাৰ চূণশিল আৰু কয়লাৰ ওপৰত পুজিঁপতিৰ যি হাতোৰা চলি আছে তাক সহজে ল’ব পৰা নাই সংগঠনটোৱে ৷ দৈনিক বৃহস্পতিবাৰৰ দৰেই ট্ৰাকত ক্লিংকাৰ আৰু কয়লা আহে ৷ সেয়ে উগ্ৰপন্থীৰ সহজ লক্ষ্য হৈ পৰে নিৰীহ ট্ৰাক চালক আৰু হেণ্ডিমেন সকল ৷ ৰাজ্য চৰকাৰে ১০০ দিনীয়া সফলতাত পাহাৰত শান্তিয়ে শান্তি বিৰাজ কৰি থকা বুলি দাবী কৰি অহাৰ সময়তে ডি এন এল এ নামৰ সংগঠটোৱে গৃহ বিভাগক যেন প্ৰত্যাহ্বান জনাইছে ৷
No comments