Breaking News

গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ সহকাৰী আৰক্ষী বিষয়া মনিৰাম দুৱৰা বিদায় সম্বৰ্ধনা অনুষ্ঠান



ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ সহকাৰী আৰক্ষী বিষয়া মনিৰাম দুৱৰাৰ  বিদায় সম্বৰ্ধনা অনুষ্ঠান বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হৈ যায়। সেই উপলক্ষে জামুগুৰি থানা সমিতিৰ সভাপতি খগেন বৰাই আঁত ধৰা অনুষ্ঠানটোত জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোবিন্দ চন্দ্ৰ দাস,জামুগুৰি নাগৰিক সমিতিৰ সভাপতি নিৰোদ ৰাজবংশী,জামুগুৰি প্ৰেছ ক্লাবৰ সভাপতি প্ৰসেনজিৎ শইকীয়া ,কাৰ্যকৰী সভাপতি মৃদুল বৰা,সম্পাদক ৰিতুপন দত্ত আটছা ফৰকাটিং উপশাখাৰ সভাপতি অকন গোৱালা ,শিক্ষক ব্ৰজেন ফুকন,পদ্মেশ্বৰ নাগ আদিৰ উপস্থিতিত জামুগুৰি আৰক্ষী থানাৰ সহকাৰী আৰক্ষী বিষয়া মনিৰাম দুৱৰাক জামুগুৰি থানা সমিতি, জামুগুৰি প্ৰেছ ক্লাব,আটছা ফৰকাটিং উপ শাখাৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আৰক্ষী বিষয়া গৰাকীক গামোচা, সঁফুৰা, সম্বৰ্ধনা পত্ৰ,স্মাৰক আদিৰে বিদায় সম্ভাসন জনোৱা হয়।অনুষ্ঠানত গাঁওৰক্ষী বাহিনীৰ সদস্য সকল উপস্থিত থাকে।ইফালে সহকাৰী বিষয়াজনে পদোন্নতি হোৱাত জামুগুৰি থানা সমিতিৰ ভাৰপ্ৰাপ্ত বিষয়া গোবিন্দ চন্দ্ৰ দাসে বিশেষ পদক্ষেপ লৈ এই অনুষ্ঠানটো আয়োজন কৰাত বিশেষ সহযোগিতা কৰাত সকলোৱে ধন্যবাদ আৰু কৰ্তৃজ্ঞতা জ্ঞাপন কৰে।

No comments