Breaking News

বোকাজানত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ



ডিজিটেল সংবাদ, বোকাজানঃ বোকাজানত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ৷ বোকাজান থানাৰ অন্তৰ্গত ঘৰিয়ালডুবিত কাৰ্বি আংলং আৰক্ষী আৰু ডিমাপুৰৰ ৫নং অসম ৰাইফলচ বাহিনীৰ যৌথ অভিযান চলায়। এই অভিযানত উদ্ধাৰ এটা ০.২২ৰাইফল,এটা নাইন এম এম পিষ্টল,দুটা পইণ্ট টু টু পিষ্টল,এটা চাইনিজ গ্ৰেণেড আৰু ৰাইফলৰ পাঁচজাই সজীৱ গুলী। 

অসম নগালেণ্ড সীমান্তৰ ধনশিৰি নদী পাৰ হৈ আহি থকা অৱস্থাত উক্ত অস্ত্ৰ ভাণ্ডাৰসহ আটক কৰে চাৰি যুৱকক ৷ আটকাধীন কেইজন হ'ল ডিফু থানাৰ অন্তৰ্গত ধনশিৰিৰ ৰাজু ঘাটোৱাৰ আৰু কৃষ্ণ ওৰাং৷ ডিলাই হাটোকাজানৰ লোকাছ কাংগাৰি আৰু খটখটীৰ ৰবাৰ্ট হাৰু। আৰক্ষীয়ে এতিয়ালৈকে স্পষ্ট কৰা নাই কি কাৰণত এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰসহ দলটো সীমান্তইদি অসমত প্ৰৱেশ কৰিছিল।

No comments