Breaking News

বৰপেটাৰ পৰা চুৰি হোৱা বাহন গোলাঘাট শালমিৰা বাইপাছত উদ্ধাৰ


ডিজিটেল সংবাদ গোলাঘাটঃ বৰপেটাৰ পৰা চুৰি হোৱা বাহন গোলাঘাট শালমিৰা বাইপাছত উদ্ধাৰ। গোলাঘাট যান বাহন আৰক্ষীয়ে উদ্ধাৰ কৰে উক্ত বাহন খন। যান বাহন আৰক্ষীৰ নিয়মীয়া তহলৰ অৱস্থাত গোলাঘাট শালমিৰা বাইপাছৰ পৰা পৰিতক্ত অৱস্থাত উদ্ধাৰ হয়  AS15AC2603 নম্বৰৰ মেক্সিমো বাহন খন।

উল্লেখ্য যে, বাহন খনৰ গৰাকী বৰপেটাৰ আব্দুল হালিমৰ বুলি জানিব পৰা গৈছে ।  যোৱা ২৭ আগষ্ট,অৰ্থাৎ শুক্ৰবাৰে দুপৰীয়া  বৰপেটাৰ পৰা চুৰি হৈছিল বাহন খন । বাহন খনৰ চুৰি সন্দৰ্ভত বৰপেটা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল বাহন খনৰ গৰাকীয়ে ।গোলাঘাট যান -বাহন আৰক্ষীয়ে বাহন খন উদ্ধাৰ কৰি গোলাঘাট সদৰ থানালৈ লৈ আনি তদন্ত আৰম্ভ কৰিছে।

No comments