Breaking News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত


ডিজিটেল সংবাদ,কাজিৰঙাঃ বিগত কেইবাদিনো ধৰি একেৰাহে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানৰ কবলত। উদ্যানখনত জলপৃষ্ঠ  বৃদ্ধিৰ  প্ৰতি লক্ষ্য ৰাখি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষই। 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় হাতীসমূহ বাহিৰলৈ উলিয়াই আনিছে আৰু জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এতিয়ালৈ প্ৰায় ১৩০ টা বন শিবিৰৰ তলেৰে পানী বৈছে। 

অন্যহাতে,উদ্যানখনৰ ঘাঁহনি পানীৰ তল যোৱাৰ বাবে খাদ্যৰ সন্ধানৰ লগতে সুৰক্ষিত স্থান বিচাৰি বন্য জীৱ-জন্তু  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশৰ কৰ্বি পাহাৰলৈ ঢাপলি মেলিছে। জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্রীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বেৰীকেটৰ লগতে তহল আৰু টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে, প্ৰতি বছৰে বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বহুতো বন্যপ্ৰাণী গাড়ীৰ আগত পৰি দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হয়।এই বছৰো এতিয়ালৈকে তিনিটা বন্যপ্ৰাণী পথ দুৰ্ঘটনা আৰু অন্য কাৰণত এটাকে ধৰি মুঠ চাৰিটা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ তথ্য বিভাগে প্ৰকাশ কৰিছে।

No comments