আলিচিঙা টেঙাণী প্ৰত্নতাত্বিক স্থান, সংৰক্ষণ অভাৱত ধ্বংসৰ দিশে বহু পৌৰাণিক সম্পদ
আলিচিঙা টেঙাণী প্ৰত্নতাত্বিক স্থান, সংৰক্ষণ অভাৱত ধ্বংসৰ দিশে বহু পৌৰাণিক সম্পদ, পৰ্য্যটন স্হলী হিচাপে গঢ়ি তুলিবলৈ ৰাইজৰ দীৰ্ঘদিনৰ দাবী
মাধুৰ্য কোঁৱৰ
পৌৰাণিক কীৰ্তিচিহ্ন আৰু বিভিন্ন ঐতিহাসিক সম্পদৰ ক্ষেত্ৰত অন্যতম চহকী হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমা। সমগ্ৰ ধনশিৰি মহকুমাৰ বিভিন্ন ঠাইত এতিয়াও সিচৰিত আছে এটা জাতিৰ প্ৰাচীন ঐতিহ্য বহন কৰা বিভিন্ন পৌৰাণিক সমল। তাৰেই ভিতৰত অন্যতম হৈছে মহকুমাটোৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত আলিচিঙা টেঙাণী অঞ্চল। 1984 চনৰ পৰা বৰ্তমানলৈকে এই আলিচিঙা টেঙাণী অঞ্চলত উদ্ধাৰ হৈছে সপ্তম অষ্টম শতিকাৰ বহু পৌৰাণিক সমল। তাৰেই ভিতৰত অন্যতম হৈছে প্ৰাচীন শিলালিপি, স্তম্ভলিপি, পকী ঘৰ, পকী বেৰ, ৰাজহাউলি, সূৰ্য্য মূৰ্তি, বিষ্ণু মূৰ্তি, শিৱ মূৰ্তি, শিৱ লিংগ, শিলৰ ভাস্কয্য, সৰু-বৰ পুখুৰী, গড়, খাৱৈ, পোৰা মাটিৰ লিপিযুক্ত মোহৰ, লো, তাম আৰু অন্যান্য ধাতুৰে নিৰ্মিত কাহী, বাতি, গিলাচ, হেতা আদি অন্যতম । 1984 চনতে অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ বিষয়া ড' হেমেন্দ্ৰনাথ দত্তৰ নেতৃত্বত চলা খনন কাৰ্যত এই অঞ্চলৰ পৰা উদ্ধাৰ হৈছিল এটি পোৰা মাটিৰ লিপিযুক্ত মোহৰ। উদ্ধাৰ হোৱা পোৰা মাটিৰ লিপিযুক্ত মোহৰত শ্ৰী ৰ্ব্বসুন্ধৰ বৰ্মণৰ নাম খোদিত হৈ আছে আৰু এই লিপি সপ্তম অষ্টম শতিকাৰ বুলি গৱেষক সকলে ঠাৱৰ কৰিছে । উল্লেখ্য যে আলিচিঙা টেঙাণী অঞ্চলত উদ্ধাৰ হোৱা পোৰা মাটিৰ লিপিযুক্ত মোহৰটোৱেই হৈছে সেই সময়ত অসমৰ ভূখণ্ডত উদ্ধাৰ হোৱা প্ৰথম আৰু একমাত্ৰ মাটিৰ মোহৰ। বৰ্তমানে এই মোহৰটি গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। এনে মাটিৰ মোহৰ প্ৰাচীন কালত স্বাধীন শাসনতন্ত্ৰ বা ৰাজতন্ত্ৰইহে ব্যৱহাৰ কৰিছিল আৰু এই অঞ্চলটো ৰাজ শাসনতন্ত্ৰৰ কেন্দ্ৰস্হল বা ৰাজধানী আৰু শ্ৰী ৰ্ব্বসুন্ধৰ বৰ্মণ সেই সময়ৰ শাসন কৰ্তা বা ৰজা আছিল বুলি গৱেষণাৰ পৰা উদ্ধাৰ হৈছে। এই অঞ্চলত উদ্ধাৰ হোৱা পৌৰাণিক সমল সমূহৰ পৰা বৰ্মণ বংশৰ কছাৰী ৰজাই ৰাজত্ব কৰিছিল বুলি প্ৰমাণ পোৱা যায় । গৱেষকসকলৰ মতে শ্ৰী ৰ্ব্বসুন্ধৰ বৰ্মণ কছাৰী সকলৰ পূৰ্বৰ ৰজা আছিল । এই আলিচিঙা টেঙাণী প্ৰত্নতাত্বিক স্থানতেই আছে মুখামুখিকৈ থকা দুটা বৃহৎ আকাৰৰ পুখুৰী। পুখুৰী দুটা ইংৰাজী ইউ (U) আকৃতিৰ । শেষতীয়াভাৱে এই পুখুৰী দুটাই আগুৰি থকা ঠাইডোখৰত 2018, 2019 আৰু 2020 বৰ্ষত অসম চৰকাৰৰ পুৰাতাত্বিক সঞ্চালকালয়ৰ সঞ্চালক ডঃ দীপি ৰেখা কৌলীৰ তত্বাৱধানত ডেক্কান বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, ইনষ্টিটিউট অব আৰ্কিঅ'লজি আৰু বিশ্ব ভাৰতীৰ এদল গৱেষকে চলোৱা খনন কাৰ্যত এটি ৰাজহাউলি আৰু আন এটি গৃহ উদ্ধাৰ হৈছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে এই অঞ্চলত কোৰ বা চিপৰাঙেৰে অকণমান মাটি খান্দিলেই বহল বহল আকাৰৰ ইটাৰ ভগ্নাৱশেষ পোৱা যায় সকলোতে । আনহাতে 42 খনৰো অধিক গাঁও থকা বৃহত্তৰ টেঙাণী অঞ্চলত এতিয়াও সিচৰিত হৈ আছে বহু পৌৰাণিক সম্পদ । কিন্তু পৰিতাপৰ কথা যে অৱহেলা আৰু সংৰক্ষণৰ অভাৱত সেইবোৰৰ অধিকাংশই এতিয়া ধ্বংস স্তুপলৈ গতি কৰিছে । সেইসমূহৰ উপযুক্ত খনন আৰু পুনৰুদ্ধাৰৰ কৰি অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে অসমৰ ইতিহাসৰ বহু পৃষ্ঠা মুকলি হোৱাৰ থল আছে ।
অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ে ইতিমধ্যে এই ঠাইডোখৰ প্ৰত্নতাত্বিক স্থান হিচাপে ঘোষণা কৰিছে । কিন্তু পৰিতাপৰ কথা যে প্ৰত্নতাত্বিক স্থান হিচাপে ঘোষণা কৰাৰ বহু বছৰ পাছতো কেৱল মাত্ৰ সংৰক্ষণৰ নামত এখন পকী বেৰহে নিৰ্মাণ কৰিছে। আনহাতে পকী বেৰৰ লগত স্হাপন কৰা দুখনকৈ লোহাৰ গেট নিৰ্মাণৰ এমাহৰ পিছতেই কোনো দুষ্কৃতিকাৰীয়ে চুৰ কৰি লৈ যায় । আজিকোপতি আৰক্ষীয়ে তদন্ত কৰি দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল । আনহাতে এই প্ৰত্নতাত্বিক স্থানৰ কাষেৰে বৈ যোৱা ধনশিৰি নদীৰ পাৰত 2002 -2003 বৰ্ষত প্ৰায় 15 ফুট বহল আৰু প্ৰায় 12 ফুট ওখৰ মাটিৰ ভিতৰত থকা এখন ইটাৰ বেৰ ৰাইছে প্ৰত্যক্ষ কৰিছিল । পকী বেৰখনৰ অৱস্হিতিলৈ চাই বহুতেই সেইয়া ঘৰ বা মন্দিৰ বুলি অনুমান কৰিছিল। আনহাতে বিভিন্ন সংবাদ মাধ্যমতো এই বিষয়ে প্ৰকাশ পাইছিল। কিন্তু উদ্ধাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্হা গ্ৰহণ নকৰাত বাৰিষা অহা বানপানীয়ে উটুৱাই লৈ যায়। এনেদৰেই বহু ৰজাদিনীয়া সম্পদ ধ্বংসস্তুপলৈ গতি কৰাৰ নিদাৰুণ অৱস্থালৈ পৰিণত হৈছে ।
কছাৰী ৰজা দিনৰ ইংৰাজী ইউ (U) আকৃতিৰ মুখামুখিকৈ থকা বৃহৎ পুখুৰী দুটা থকা ঠাইডোখৰ আছে এক সুন্দৰ প্ৰাকৃতিক মনোমোহা পৰিবেশৰ মাজত । এই পুখুৰী দুটা স্হানীয় চৰাইৰ লগতে নানা ধৰণৰ পৰিভ্ৰমী চৰাইৰ বসতিস্থল । পৰ্যটন থলী হিচাপে গঢ় দিবলৈ প্ৰাকৃতিক ভাৱে সকলোবোৰ উপাদানেই আছে এই ঠাইডোখৰত । স্থানীয় ৰাইজৰ লগতে মহকুমাটোৰ বিভিন্ন দল সংগঠনে দীৰ্ঘদিনৰ পৰা ঠাইডোখৰক পৰ্যটন থলী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই আহিছে । চৰকাৰৰ অকণমান সদিচ্ছাত এই ঠাইডোখৰ হৈ পৰিব এক সুন্দৰ পৰ্যটন স্হলীলৈ । পৌৰাণিক কীৰ্তি চিহ্ন সমূহ সংৰক্ষণ হোৱাৰ লগতে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হব এই ঠাইখিনি। লগতে অধ্যয়ন আৰু গৱেষণাৰ সমল হব এই সম্পদৰাজি । আনহাতে ধনশিৰি বাসীৰ আন এক দীৰ্ঘদিনৰ সমস্যা হৈছে এখন উদ্যানৰ । মহকুমাটোৰ ৰাইজৰ আজৰি সময় কটোৱাৰ বাবে আজিলৈকে
এখনো উদ্যান স্হাপন নহ'ল । পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিলে মহকুমাবাসীৰ উদ্যানৰ ক্ষেত্ৰত থকা পুৰণি সমস্যা সমাধান হোৱাৰ লগতে চৰকাৰী ৰাজহ আহৰণৰো এক উৎস হৈ উঠিব । অকল সেইয়াই নহয় ঐতিহাসিক পুখুৰী দুটাত মৎস পালন, হাঁহ পালন, নৌকা চালন লগতে ৰেষ্টুৰেন্ট, হোটেল, আদি ব্যৱসায়ৰ জৰিয়তে কেইবাজনো স্থানীয় নিৱনুবা যুৱক-যুৱতী সংস্হাপন লাভ কৰিব পাৰিব । লগতে স্থানীয় উৎপাদিত কৃষিজাত সামগ্ৰী বিক্ৰীৰ জৰিয়তে কৃষকসকল লাভান্বিত হ'ব পাৰিব । আনহাতে যুৱতী-মহিলা সকলেও হাতে বোৱা পৰম্পৰাত সাজ পোচাক বিক্ৰীৰ জৰিয়তে স্বাৱলম্বী হবলৈ সক্ষম হব। উল্লেখ্য যে কিছুদিনৰ আগেয়ে স্থানীয় বিধায়ক গৰাকীয়ে এই ঠাইডোখৰ পৰিদৰ্শন কৰি উপযুক্ত সংৰক্ষণ আৰু পৰ্যটন স্হলী হিচাপে গঢ়ি তুলিবলৈ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিল । এইক্ষেত্ৰত বিধায়ক গৰাকীয়ে পৰৱৰ্তী সময়ত কিদৰে কায্য প্ৰণালী গ্ৰহণ কৰে সেইয়াহে লক্ষ্যণীয় হব।
No comments