Breaking News

সম্পৰ্ক এল্ডাৰকেয়াৰ : আলঝেইমাৰত আক্ৰান্ত লোকসকলৰ বাবে সহায়ক মোবাইল এপ মুকলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ



দিছপুৰ: আলঝেইমাৰত আক্ৰান্ত ৰাজ্যৰ বয়োজ্যেষ্ঠ লোকসকলৰ সহায়ক হোৱাকৈ প্ৰস্তুত কৰা 'সম্পৰ্ক এল্ডাৰকেয়াৰ' (SAMPARK Eldercare) নামৰ মোবাইল এপ্ এটা আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ডিমেনছিয়া তথা আলঝেইমাৰত আক্ৰান্ত সমাজৰ বৃদ্ধলোকসকলৰ সেৱাত নিয়োজিত হৈ থকা 'আলঝেইমাৰ্ছ এণ্ড ৰিলেটেড ডিছঅৰ্ডাৰ্ছ ছ'চাইটী অব্ ইণ্ডিয়া' (আৰ্ডছি) নামৰ এনজিঅ' এটাৰ গুৱাহাটীস্থ গোটে প্ৰস্তুত কৰি উলিওৱা বিশেষ মোবাইল এপটো দেওবাৰে সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰে। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, উপ সচিব কমলজিৎ তালুকদাৰ, বিশিষ্ট চিকিৎসক তথা আৰ্ডছিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ডাঃ অজয়া মহন্ত আৰু বৰ্তমানৰ সভানেত্ৰী ডাঃ অংকুমণি শইকীয়ায়ো অংশগ্ৰহণ কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই আলঝেইমাৰ ৰোগীসকলৰ বাবে এনজিঅ'টোৱে গ্ৰহণ কৰা এই পদক্ষেপক ক'ভিড অতিমাৰীয়ে সকলোকে ভাৰাক্ৰান্ত কৰি ৰখাৰ সময়ছোৱাত অত্যন্ত আশাব্যঞ্জক আৰু ইতিবাচক মানৱদৰদী প্ৰয়াস ৰূপে অভিহিত কৰে। এইৰোগত আক্ৰান্ত হৈ স্মৃতিশক্তি অতি দুৰ্বল হৈ পৰা সমাজৰ বৃদ্ধ-অসহায় লোকসকল আৰু তেওঁলোকৰ পৰিয়ালক সকাহ দিয়াৰ ক্ষেত্ৰত আৰ্ডছিয়ে লৈ অহা ভূমিকাৰো শলাগ লৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এইক্ষেত্ৰত স্বাস্থ্য বিভাগৰ ফালৰ পৰাও এনজিঅ'টোলৈ সহযোগিতা আগবঢ়োৱাৰ উদ্যোগ ল'ব বুলি প্ৰকাশ কৰে। স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, 'আৰ্ডছিৰ উদ্যোগত আজি মুকলি কৰা মোবাইল এপটো ৰাজ্যখনৰ সকলো প্ৰান্তৰ আলঝেইমাৰ ৰোগী আৰু তেখেতসকলৰ পৰিয়ালৰ বাবে বিশেষ উপযোগী হ'ব বুলি আমি আশা কৰিছো। তদুপৰি, ৰাজ্যত আলঝেইমাৰত আক্ৰান্ত বয়োজ্যেষ্ঠ লোকসকলৰ বাবে চৰকাৰী চিকিৎসালয়ত চিকিৎসা উপলব্ধ কৰাৰ বাবে স্বাস্থ্য বিভাগেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। এইসকল লোকৰ যতন লোৱাৰ ক্ষেত্ৰত এনজিঅ'সমূহৰ প্ৰয়াসকো উদগণি যোগাব পৰাকৈ আমি ব্যৱস্থা ল'ম।' এই প্ৰসংগতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয়কে ডিজিটেল ব্যৱস্থাৰে সংযুক্ত কৰি ৰোগীসকলৰ চিকিৎসা বিষয়ক তথ্যৰাজি ভৱিষ্যতে আন কোনো এখন চিকিৎসালয়ত চিকিৎসা সেৱা গ্ৰহণৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ উপলব্ধ হোৱাকৈ মজুত কৰি ৰখাৰ বাবেও ৰাজ্যৰ স্বাস্থ্য বিভাগে চিন্তা কৰিছে।  

No comments