Breaking News

গোলাঘাট অসামৰিক চিকিৎসালয়ত ঘন্টা ঘন্টা ধৰি অৱহেলিত হৈ পৰি ৰ'ল এটা মৃতদেহ


ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত দেওবাৰে নিশা নাভূত-নাশ্ৰুত কাণ্ড।অভিভাৱকহীন এটা মৃতদেহ ঘন্টা ঘন্টা ধৰি পৰি ৰ'ল অৱহেলিত হৈ।১৯ ছেপ্টেম্বৰ তাৰিখে পুৱা ৯ বজাত অকাল মৃত্যু ঘটা অভিভাৱকহীন এজন ৰোগীৰ মৃতদেহ চিকিৎসালয়খনৰ এটা চোকত পেলাই থয়। কাষতেই থকা মৰ্গত ৰখাৰো ব্যৱস্থা নকৰিলে কৰ্তৃপক্ষই।

উল্লেখ্য যে, লোকজনে কোনো অসুখৰ বাবে নিজকে ১৮ ছেপ্টেম্বৰ তাৰিখে ভৰ্তি কৰিছিল চিকিৎসালয়খনত আৰু ১৯ ছেপ্টেম্বৰৰ পুৱা চিকিৎসকৰ অৱহেলাৰ বাবেই তেখেতৰ মৃত্যু হোৱাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ।ইফালে,ঘটনাস্থলীত সংবাদ মাধ্যম উপস্থিত হোৱাৰ উমান পাই ততাতৈয়াকৈ মৃতদেহটো মৰ্গত সযতনে ৰখাৰ ব্যৱস্থা কৰে চিকিৎসালয় কৰ্তৃপক্ষই।

সমগ্ৰ ঘটনাটোক চিকিৎসালয়খনৰ চাফাই কৰ্মীয়ে একেমুখে নস্যাৎ কৰে। ৩ বজাত মৃত্যু হোৱা বুলিহে উল্লেখ কৰে চাফাইকৰ্মীয়ে। কিন্তু প্ৰত্যক্ষদৰ্শীয়ে সমগ্ৰ ঘটনাটোক তীব্ৰ গৰিহণা দিয়ে।

No comments