Breaking News

মূৰত গুলীয়াই আত্মহনন বনকৰ্মীৰ।

ডিজিটেল সংবাদঃ মূৰত গুলীয়াই আত্মহনন বনকৰ্মীৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ ডাফলাং বন শিবিৰত কৰ্মৰত এজন বনকর্মীৰ শনিবাৰে নিশা মৃতদেহ উদ্ধাৰ হয়। মৃত্যু হোৱা বনকৰ্মীজনৰ নাম প্ৰবীন শইকীয়া ৷ মৃত বনকৰ্মীজনৰ ঘৰ ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰে কুঠৰীৰ বাঘমাৰী গাঁৱত ৷প্ৰবীন শইকীয়াই বন শিৱিৰত নিজৰ বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে কাজিৰঙাৰ বন বিভাগে ৷

ঘটনাৰ সময়ত বন শিৱিৰত থকা সহযোগী দুজন বনকৰ্মী অন্য কামত ব্যস্ত থকাৰ সময়তেই প্ৰবীন শইকীয়াই আত্মহত্যা কৰে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ হাতত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ উপৰিও দণ্ডাধীশৰ উপস্থিতিত আজি পুৱা ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰিছে ৷

No comments