Breaking News

কাৰ ছত্রছাঁয়াত অসম-নাগালেণ্ড সীমান্তৰ বন বিভাগৰ ভূমিত গঢ় লৈ উঠিছে ইটা ভাটা ?


মাধুৰ্য কোঁৱৰ,ধনশিৰিঃ যিটো সময়ত সীমান্ত দণ্ডাধীশৰ অনুমতি অবিহনে সীমান্ত অঞ্চলত চৰকাৰী ঘৰ বনোৱাত চি আৰ পি এফে বাধা প্ৰদান কৰি আহিছে তেনে সময়তে ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তত বন বিভাগৰ ভূমিত গড়ি উঠিছে ইটা ভাটা । মহকুমাটোৰ  অসম নাগালেণ্ড সীমান্তৰ চুঙাজানৰ নাওঘাটত বাবুল আলি নামৰ এজন লোকে অসম ভাটা নামেৰে স্থাপন কৰিছে ইটা ভাটা। নাওজান আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নাওঘাটত বন বিভাগৰ ভূমিত  স্থাপন কৰা ইটা ভাটাটোৰ শূণ্য দূৰত্বত আছে নাওঘাট খণ্ড বন বিষয়াৰ কাৰ্যালয়। তদুপৰি ভাটাটোৰ সন্মুখতে আছে চি আৰ পি এফ আৰু অসম বেটেলিয়নৰ কেম্প। 

উল্লেখ্য যে  সীমান্ত দণ্ডাধীশৰ অনুমতি অবিহনে সীমান্ত অঞ্চলত চৰকাৰী আঁচনি ৰূপায়ণটো চি আৰ পি এফে বাধা প্ৰদান কৰে । তেনেস্থলত চি আৰ পি এফৰ কেম্পৰ সন্মুখত এনেদৰে ইটা ভাটা গড়ি উঠা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে । তদুপৰি বন বিভাগৰ ভূমিত ইটা ভাটা স্থাপন কৰি ইটা নিৰ্মাণ কৰি থকাৰ পিছতো বন বিভাগে আজি পৰ্যন্ত লোৱা নাই কোনো ব্যৱস্থা । ইটা ভাটা এটা নিৰ্মাণ কৰিবৰ বাবে বন বিভাগৰ লগতে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অনুমোদনৰ প্ৰয়োজন। এতিয়া কাৰ অনুমতি লৈ বাবুল আলিয়ে বন বিভাগৰ ভূমিত এনেদৰে ইটা ভাটা স্থাপন কৰি ইটা বনাইছে সেইয়াহে ৰহস্যৰ আৱৰ্তত। 


নাওজানৰ বাবুল আলি নামৰ লোকজনে সন্দেহজনক নাগৰিকৰ লগতে শিশু শ্ৰমিকক ইটা বনোৱাৰ কামত নিয়োগ কৰাৰ অভিযোগ উঠিছে । সীমান্তৰ বিবদমান এলেকাত কাৰ অনুমতি লৈ এনেদৰে ইটা ভাটা নিৰ্মান কৰিছে তাৰ তদন্ত কৰি বিষয়টোৰ লগত জড়িত সকলক  স্থানীয় ৰাইজে শাস্তি দিয়াৰ দাবী জনোৱাৰ লগতে ইটা ভাটাটো উচ্ছেদ কৰিবলৈ বৰ্তমানৰ চৰকাৰখনে সাহস কৰিবনে বুলিও প্ৰশ্ন উত্থাপন কৰিছে ।

No comments