Breaking News

মুকালমুৱাৰ কেকানকুচি গাঁৱত কাতি আৰু আঘোণৰ দোমাহী উপলক্ষে গাঁওবাসীয়ে কৰিলে পৰম্পৰাগত নাট প্ৰদৰ্শন



প্ৰাঞ্জল বেজবৰুৱা,নলবাৰীঃমুকালমুৱাৰ কেকানকুছি গাঁওত কাতি আৰু আঘোণৰ দোমাহী, পাল নাম উপলক্ষে পৰম্পৰাগতভাৱে গাঁও বাসীয়ে কৰিলে নাট প্ৰদৰ্শন। এইবাৰৰ নাট 'উকা দলিলৰ আচামী'। আচলতে এয়া কোনো ভ্ৰাম্যমান নাট্য দলৰ দ্বাৰা মঞ্চস্থ  কৰা নাটক নহয়। বৰক্ষেত্ৰীৰ কেকানকুছি গাঁৱৰ স্থানীয় কলা কুশলী সকলৰ অভিনয়ৰে পূৰ্ণাঙ্গ নাটকৰ ৰূপত প্ৰস্তুত কৰা সামাজিক নাট। স্থানীয় হিৰেন বৰ্মণৰ ৰচনা আৰু জ্যোতিষ ঠাকুৰীয়াৰ পৰিচালনাত প্ৰস্তুত কৰা 'উকা দলিলৰ আচামী' নামৰ নাট খনত গাঁওখনৰ লোকসকলে প্ৰতিবছৰৰ দৰে এইবাৰো অভিনয় কৰে।

উল্লেখযোগ্য যে কাতি আৰু আঘোণ মাহৰ দোমাহীৰ দিনটোত পৰম্পৰা অনুসৰি বছৰ বছৰ ধৰি ঐতিহাসিক ভাবে গাঁও খনত অনুষ্ঠিত কৰি আহিছে পাল নাম। পাল নামৰ লগত সংগতি ৰাখি কেকানকুছি অগ্ৰদূত মিলন সংঘৰ উদ্যোগত স্থানীয় কলা কুশলী সকলৰ অভিনয়েৰে গাঁওখনৰ লোক সকলে এখন পূৰ্ণাংঙ্গ নাট প্ৰদৰ্শন কৰে । শ্ৰী শ্ৰী কলীয়া ঠাকুৰ নামঘৰ প্ৰাঙ্গণত গাওঁখনৰ যুৱক যুৱতী সকলৰ প্ৰচেষ্টাত প্ৰায় এমাহজোৰা আখৰাৰ অন্তত মঞ্চস্থ কৰা হয় 'উকা দলিলৰ আচামী' নামৰ নাটখন।

স্থানীয় যুৱক যুৱতী সকলক ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনয়ৰ বাবে উৎসাহিত কৰিবলৈ তথা গাঁওবাসীৰ মাজত মিলাপ্ৰীটি বজাই ৰখাৰ স্বাৰ্থত গাওঁখনৰ যুৱক যুৱতী সকলৰ অভিনয়েৰে এনেদৰে প্ৰতি বছৰে এখন নাটক প্ৰস্তুত কৰি ৰাইজৰ মাজত মঞ্চস্থ কৰে। নাটক খন অঞ্চলবাসীয়ে অধিক আগ্ৰহেৰে উপভোগ কৰে।

No comments