Breaking News

কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীলৈ স্মাৰক পত্র পৰিৱেশকৰ্মী অপূর্ব বল্লভ গোস্বামীৰ



কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সংৰক্ষণৰ স্বাৰ্থতে চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ কলিয়াবৰৰ পৰা তেজপুৰ, গহপুৰ হৈ নুমলীগড়ত পুনৰ পথটো সংযোজন কৰাৰ ব্যৱস্থা লৈছিল কেন্দ্ৰীয় চৰকাৰৰ  পথ পৰিবহন বিভাগে। বিগত প্ৰায় ১৫ বছৰ ধৰি তেজপুৰৰ পৰা গহপুৰ-নুমলীগড় সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য শামুকীয়া গতিত চলিব ধৰিছে। কেন্দ্ৰীয় ৰাষ্ট্ৰীয় পথ উন্নয়ন প্ৰাধিকৰণে গহপুৰ, নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া দলঙৰ কাম আজি পৰ্যন্ত আৰম্ভ কৰা নাই। উক্ত অঞ্চলত ভাৰতীয় সেনাবাহিনী সুৰংগ নিৰ্মাণ কৰি নুমলীগড় গহপুৰৰ লগত সংযোজন হ’ব বুলিও সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছিল। কেন্দ্ৰীয় চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্বাৰ্থত উক্ত চাৰিলেনযুক্ত পথটো ক্ষীপ্ৰতাৰে নিৰ্মাণ কৰিবলৈ আজি গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। 



উক্ত স্মাৰক পত্ৰখনৰ জৰিয়তে গোস্বামীয়ে চাৰিলেনযুক্ত পথটোৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনায়। উক্ত পথটো নিৰ্মাণ হৈ উঠিলে সততে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোঁতে দ্ৰুতবেগী বাহনৰ খুন্দাত মৃত্যুমুখত পৰা কাজিৰঙাৰ বন্যপ্ৰাণীসমূহ সুৰক্ষিত হ’ব বুলি মত প্ৰকাশ কৰে।



No comments