Breaking News

পদুমনি উন্নয়ন খণ্ডৰ বৰফুকনখাত গাঁৱত বিভিন্ন প্ৰজাতিৰ ধানৰ খেতিৰ অংশীদাৰীত্বমূলক মূল্যায়ন কাৰ্যসূচী সম্পন্ন



ডিজিটেল সংবাদ, গোলাঘাটঃগোলাঘাট  কৃষি উন্নয়ন বিষয়া চক্ৰৰ অধীনৰ পদুমনি উন্নয়ন খণ্ডৰ বৰফুকনখাত গাঁৱত মঙলবাৰে অসম এগ্ৰিবিজনেছ আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প চমুকৈ এপার্টৰ অধীনত একে ঠাইতে সুকীয়া সুকীয়াকৈ বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি (ৰাইচ ভেৰাইটি কেফেটেৰিয়া)ৰ এটা অংশীদাৰীত্বমূলক মূল্যায়ন কাৰ্যসূচী অনুষ্ঠিত হয় । গোলাঘাটৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু অসম এগ্ৰিবিজনেছ আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প তথা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ এপার্ট-আত্মাৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচী জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া (এগ্ৰ') তথা এপাৰ্টৰ জিলা ন'ডেল বিষয়া ৰঞ্জন বৰুৱাই শুভাৰম্ভ কৰে । তেওঁ কয় যে একে ঠাইতে সুকীয়া সুকীয়াকৈ বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি (ৰাইচ ভেৰাইটি কেফেটেৰিয়া)ৰ পৰা কৃষকসকলে উৎপাদন কৰিবলগীয়া শস্য সন্দৰ্ভত এটা নিশ্চিত পূৰ্বানুমান তথা কি প্ৰজাতিৰ খেতি কৰিব এই সম্পৰ্কে এটা সিদ্ধান্তত উপনীত হ'ব পাৰে । ব্যক্তিগত অংশীদাৰীত্বৰে ইয়াৰ দ্বাৰা তেওঁলোকে ভৱিষ্যত সময়ত বিজ্ঞানসন্মত আৰু অৰ্থনৈতিকভাৱে উৎপাদন সুনিশ্চিত কৰিব পাৰে । এইক্ষেত্ৰত কৃষি উৎপাদক প্ৰতিষ্ঠানসমূহক জিলা কৃষি বিভাগে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱাৰ লগতে সহায়-সহযোগিতা আগবঢ়াই যাব বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত মহকুমা কৃষি বিষয়া অনুপম গগৈয়ে ধান খেতিৰ বিভিন্ন শৈলী আৰু প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা কৰে । অনুষ্ঠানত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া জয়া গোস্বামী, সদৌ অসম পথাৰ পৰিচালনা সমিতিৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক হৰি নাৰায়ণ বৰা, আন্তৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ কনিষ্ঠ গৱেষক অংকিতা চাহু আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় কৃষকসকল উপস্থিত আছিল । অনুষ্ঠানৰ অংশৰূপে বিভিন্ন ঠাইৰ পৰা অহা ৩৫ গৰাকী কৃষকে বিভিন্ন প্ৰজাতিৰ ধানৰ মূল্যায়ন কৰে ।উল্লেখযোগ্য যে বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে গোলাঘাট জিলাৰ চাৰিটা কৃষি উন্নয়ন বিষয়া চক্ৰৰ অধীনত ৰূপায়িত এই এপার্ট প্ৰকল্পৰ দ্বাৰা খেতিয়কসকলে নিজে খেতিৰ বাবে উপযুক্ত প্ৰজাতি নিৰ্ধাৰণ কৰিব পাৰিব । ২,২০০ বৰ্গ মিটাৰ এলেকাত উদ্যমী কৃষক বীৰেন গগৈৰ পথাৰত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ আৰু গোলাঘাট জিলা কৃষি বিভাগৰ তত্বাৱধানত এই একে ঠাইতে সুকীয়া সুকীয়াকৈ বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰা হৈছে ।

No comments