Breaking News

মাতৃহাৰা হ'ল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ।


মৃত্যুঞ্জয় দাস,সোণাৰিঃ মাতৃহাৰা হ'ল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ। চৰাইদেউ জিলাৰ সোণাৰিৰ ৰজাপুখুৰী স্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন  অৱস্থাত সাংসদ গৰাকীৰ মাতৃ সৰুমাই গগৈ (৮০) ৰ মৃত্যু হয়। তেখেতৰ মৃতদেহ বৰ্তমান বিমলাপুৰস্থিত সাংসদ গৰাকীৰ বাসগৃহত সকলোৰে শেষ দৰ্শনৰ বাবে ৰখা হৈছে। সাংসদ গগৈৰ মাতৃৰ বিয়োগত সমগ্ৰ চৰাইদেউ জিলাত শোকৰ ছাঁ পৰিছে।

No comments