Breaking News

যুৱ সংগঠন ইকুইনক্সৰ ব্যতিক্ৰমী প্ৰয়াস 'আলোৱান'


সিদ্ধাৰ্থ সন্দিকৈ,গোলাঘাটঃ এটা কুইজ ক্লাৱ হিচাপে জন্মলাভ কৰা আৰু পৰৱৰ্তী সময়ত বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক দিশৰ উত্তৰণৰ ক্ষেত্ৰত কাম কৰি এক সক্ৰিয় আৰু জনপ্ৰিয় যুৱ সংগঠন হিচাপে পৰিচিত হোৱা  গোলাঘাটৰ দ্য ইকুইনক্স নামৰ সংস্থাটোৱে এইবাৰ আন এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। শীতৰ ৰাতিবোৰত এক দুৰ্বিসহ জীৱন সংগ্ৰাম কৰা পদপথৰ লোক সকলৰ বাবে ইকুইনক্সে 'আলোৱান' নামেৰে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে। 

এই প্ৰচেষ্টাৰ জৰিয়তে বিভিন্ন লোকৰ পুৰণি অব্যৱহৃত উমাল বস্ত্ৰসমূহ লৈ যোৱা হ'ব শীতৰ নিশা ঠেঁটুৱৈ ধৰা জাৰত পদপথত জীৱন নিৰ্বাহ কৰা লোকসকলৰ বাবে । দ্য ইকুইনক্স ৰ তৰফৰ পৰা এই বস্ত্ৰ সঞ্চয় আৰু বিতৰণৰ প্ৰচেষ্টাত ৰাইজৰ সহায় সহযোগিতা কামনা কৰা হৈছে যাতে পদপথত দুৰ্বিসহ জীৱন সংগ্ৰাম কটোৱা আৰ্তজনক কিছু সকাহ দিব পৰা যায়। বস্ত্ৰ সংগ্ৰহ কৰাৰ বাবে দ্য ইকুইনক্সে  গোলাঘাটৰ বিভিন্ন স্থানত নিজৰ প্ৰতিনিধি নিয়োজিত কৰিছে । 

গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়,  টোকানী চাৰ্কোল, মৰঙী, ৰঙাজান, থূৰামুখ, পুলিবৰ আদিত নিয়োজিত ইকুইনক্স ৰ কৰ্মকৰ্তাৰ সৈতে যোগাযোগ কৰি ইচ্ছুক ব্যক্তিয়ে নিজৰ অব্যৱহৃত উমাল বস্ত্ৰসমূহ দান কৰিব পাৰিব। দান কৰিবলৈ চায়েদ নেকিব(৭০০২৩৬৫০০৬), ঋত্বিজ ঠাকুৰ (৮৪৮৬০৫৫৫৩২), সাগৰিকা গোস্বামী (৭৬৩৭৯২৪৫৮২), হিমাংশু বৰা (৭০৯৯৪৮৪৭২১) আদিৰ সৈতে যোগাযোগ কৰিব পাৰে।

No comments