Breaking News

পেঙেৰীত সাংবাদিকৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ


ৰবীন মৰাণ, পেঙেৰীঃ ফিল'বাৰী-পেঙেৰী পথত বৃহস্পতিবাৰে দুপৰীয়া দুষ্কৃতিকাৰীৰ হাতত আক্ৰমণৰ সন্মুখীন হয় 'গণ বাৰ্তা' কাকতৰ ফিল'বাৰীৰ সংবাদদাতা তথা গোৰ্খা ছাত্ৰ সন্থাৰ ফিল'বাৰী আঞ্চলিক সমিতিৰ সভাপতি ঘণশ্যাম চেত্ৰী ওৰফে বিক্কি। ঘটনাৰ বিৱৰণি মতে বৃহস্পতিবাৰে দুপৰীয়া বিজুলীবনত এখন সভাত অংশগ্ৰহণ কৰি তৰাণি সংৰক্ষিত বনাঞ্চলৰ মাজেৰে ফিল'বাৰী-পেঙেৰী পথেৰে বাইকেৰে গৈ থাকোতে বনাঞ্চলৰ গভীৰত আকস্মিকভাৱে আৱিৰ্ভাৱ হোৱা দুজনীয়া দুৰ্বৃত্তৰ দলে টাঙোনেৰে বিক্কিৰ পিঠিত প্ৰহাৰ কৰে৷ মুখত কাপোৰ বান্ধি অহা যুৱকদ্বয়ে বিক্কিৰ স্প্লেণ্ডাৰ বাইকখনৰো ক্ষতিসাধন কৰে৷ 

অৱশ্যে সাংবাদিক তথা ছাত্ৰনেতাজনে চিঞৰ-বাখৰ কৰাত যুৱকদ্বয় হাবিৰ মাজত অন্তৰ্ধান হৈ পৰে। পাছত ঘটনাস্থলীৰ কিছু নিলগত ড্ৰাগছ খোৱা কাগজৰ টুকুৰা, লাইটাৰ ইত্যাদি উদ্ধাৰ হোৱালৈ চাই উক্ত কাণ্ডৰে কোনো ড্ৰাগছ আসক্ত যুৱক জড়িত থকাৰ সন্দেহ কৰা হৈছে৷ ঘটনাস্থলীত আৰক্ষী  উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো লোককে আটক কৰাৰ তথ্য নাই৷ উল্লেখ্য যে সাংবাদিক গৰাকীয়ে ধাৰাবাহিকভাৱে ফিল'বাৰী অঞ্চলত অবাধ গতিত অব্যাহত থকা ড্ৰাগছকে ধৰি বিভিন্ন প্ৰকাৰৰ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে বা-বাতৰি পৰিৱেশন কৰি আহিছিল। তাতেই ক্ষুণ্ণ হৈ ড্ৰাগছৰে জড়িত ব্যক্তিয়েই সাংবাদিকগৰাকীক প্ৰাণে মৰাৰ অপচেষ্টা চলাইছিল বুলি সচেতন মহলে সন্দেহ ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে তৰাণী সংৰক্ষিত বনাঞ্চলৰ ডিব্ৰুজান নিকটৱৰ্তী উক্ত এলেকাত বিগত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে ডকাইতি কাণ্ড সংঘটিত হৈ থকাত চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে ভুক্তভোগী সাংবাদিকগৰাকীয়ে পেঙেৰী থানাত এজাহাৰ দাখিল কৰিছে। আজি 'আপকু'ৰ জিলা সমিতিয়েও দোষী ব্যক্তিক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবীত পেঙেৰী থানাত এজাহাৰ দাখিল কৰিছে। 

No comments