Breaking News

অসম আন্দোলন, আলফা-ছালফাৰ সংঘাত আৰু সেনাৰ শাসন আদিক উপজীৱ্য কৰি লিখা উপন্যাস উন্মোচন

মৰমী শৰ্মাৰ উপন্যাস 'আকাংক্ষা' উন্মোচন কৰিলে বিশিষ্ট কথাশিল্পী দেৱব্ৰত দাসে



ডিজিটেল সংবাদ,গুৱাহাটীঃ অসম আন্দোলন, আলফা-ছালফাৰ সংঘাত আৰু সেনাৰ শাসন আদিক উপজীৱ্য কৰি মৰমী শৰ্মাই লিখা 'আকাংক্ষা' নামৰ উপন্যাস এখন আজি গুৱাহাটী প্ৰেচ ক্লাৱত উন্মোচন কৰা হয়। বিশিষ্ট কথাশিল্পী দেৱব্ৰত দাসে গ্ৰন্থখন উন্মোচন কৰে। গ্ৰন্থখন উন্মোচন কৰি গল্পকাৰ-ঔপন্যাসিক দেৱব্ৰত দাসে কয় যে, মৰমী শৰ্মাই এই উপন্যাসৰ যোগেদি অসমীয়া সমাজৰ এক সংকটকালীন সময়ৰ জীয়া ছবি দাঙি ধৰিছে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, নলবাৰী জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ড০ কবিতা চৌধুৰী আদি। 

তেখেতলোকেও লেখিকাৰ বিষয়বস্তুৰ ভূয়সী প্ৰশংসা কৰে। গ্ৰন্থখনৰ প্ৰকাশক প্ৰজ্ঞা মিডিয়াহাইপ।

No comments