Breaking News

শিশুসকল আৰু শিশুদিৱসৰ তাৎপৰ্য

 


প্ৰতিভা ভাগৱতী শৰ্মা,

 চকৰিগাওঁ



আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক।জন্মলগ্নৰে পৰা আমি শিশুসকলৰ বৌদ্ধিক, মানসিক বিকাশৰ বাবে সু-স্বাস্থ‍্য আৰু পুষ্টিকৰ আহাৰৰ প্ৰতি সদা-সচেতন হ'ব লাগে।শিশু দুৰ্বল হ'লে বিকাশত বাধাগ্ৰস্ত হ'ব আৰু তেতিয়া সেই শিশুৱে সমাজৰ উত্তৰণত নিজৰ যোগ‍্যতা প্ৰদৰ্শন কৰিব নোৱাৰিব ।আমিও এদিন শিশু আছিলোঁ যিদৰে সকলো নাগৰিকেই এদিন শিশু আছিল।এই শিশু সকলৰ ওপৰত ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্ভৰ কৰে।মৌ-মাখিয়ে যেনেকৈ ফুলে ফুলে পৰি ফুলৰ মৌ আহৰণ কৰে ঠিক তেনেকৈ শিশুসকলেও বিভিন্ন ব‍্যক্তিৰ সংস্পৰ্শলৈ আহি বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰে।যদি সু-ব‍্যক্তিৰ সংগ লয় তেন্তে শিশুৱে ভাল জ্ঞান আহৰণ কৰিব আৰু যদি কু-ব‍্যক্তিৰ সংগ লয় তেন্তে শিশুৱে বেয়া জ্ঞান আহৰণ কৰিব।যিবোৰ ভৱিষ্যতে বদঅভ‍্যাসত পৰিণত হ'ব।সেয়ে অভিভাৱক সকল সদা সচেতন হোৱাটো প্ৰয়োজন।আজিকালি এনড্ৰইদ মোবাইলৰ যুগ।মোবাইলৰ পৰাও শিশুৱে ভালে-বেয়ায়ে বিভিন্ন জ্ঞান আহৰণ কৰে।কোনো কোনো অভিভাৱকে সন্তানৰ উৎপাত সহ‍্য কৰিব নোৱাৰি হাতত মোবাইল তুলি দি নিজে আৰামত থাকিব বিচাৰে নাইবা কামত লাগে।আচলতে সেইটো ভুল সিদ্ধান্ত।যদি আমি সেই আৰাম বিচাৰোঁ তেন্তে শিশুটোৱে মোবাইলত কি চাইছে ,সি চাই থকা ভিডিঅবোৰ তাৰ বাবে উপযোগী হয়নে নহয় , তাৰ পৰা কিবা অপকাৰ হোৱাৰ সম্ভাৱনা আছে নেকি ইত্যাদি বিষয়ৰ ওপৰত ধ‍্যান দিব লাগে।সৰুৰেপৰাই সংগশিক্ষাৰ জ্ঞান দিয়াও জৰুৰী।যিটো কথা বা কাৰ্য অলাগতিয়াল বা অপ্ৰয়োজনীয় বুলি ভবা হয় সেই কাৰ্যৰ পৰা শিশুক বিৰত ৰখাৰ চেষ্টা কৰিব লাগে।যিদৰে হাঁহে গাখীৰ আৰু পানী মিহলি অংশৰ পৰা কেৱল সাৰ অংশহে অৰ্থাৎ গাখীৰ অংশহে গ্ৰহণ কৰে।


          বৰ্তমান সময়ত শিশু অপৰাধ এটা সামাজিক ব‍্যাধিত পৰিণত হোৱা দেখা গৈছে।এই শিশু অপৰাধ ৰোধ কৰিবলৈ বিভিন্ন ধৰণৰ আইনৰ প্ৰৱৰ্তন হৈছে যদিও সেই আইনৰ সফল ৰূপায়নত অসফল হোৱাহে দেখা গৈছে।শিশুৰ ভ্ৰূণ হত্যা, কন্যা সন্তান হত্যা,শিশু ধৰ্ষণ, অপহৰণ,বিভিন্ন কল-কাৰখানাত শ্ৰমিক নিযুক্তি, ঘৰে ঘৰে বনকৰা শিশুৰ প্ৰাদুৰ্ভাৱে শিশুৰ অপৰাধপ্ৰৱনতা বঢ়োৱাত সহায় কৰিছে।


          বৰ্তমান ভাৰতবৰ্ষত শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধিয়ে ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে।৬ বছৰৰ পৰা ১৪ বছৰলৈ শিশু এটিয়ে শিক্ষা গ্ৰহণ কৰাৰ উপযুক্ত সময়।কিন্তু এই মূল‍্যৱান সময়খিনি হেৰুৱাই বহুতো শিশুৱে এমুঠি আহাৰৰ বাবে কাম কৰিবলৈ ওলাই যোৱাৰ বহুতো উদাহৰণ আছে।চৰকাৰে শিশুসকলৰ বাবে বিনামূলীয়া শিক্ষা, কিতাপ তথা মধ‍্যাহ্ন ভোজনৰ ব‍্যৱস্থা কৰিলেও আজিৰ শিশুসকল কাম কৰিবলৈ ওলাই যায় কেৱল শিক্ষিত-অশিক্ষিত অৰ্ধচেতন নাগৰিকসকলৰ বাবেই।উদ‍্যোগ খুলিছে তাত নিয়োজিত কৰে শিশুক,ইটাভাটাত ইটা কঢ়িয়াই শিশুৱে।শিলৰ কুঁৱেৰীটোত পাথৰৰ পাচিটো মূৰত তুলি আনি ডাম্পাৰত ভৰ্তি কৰাজনো এজন শিশু।চাহবাগানত পাত তোলা সকলৰ মাজতো আছে শিশু।আৰু কিমান উদাহৰণ দিম ! মুঠতে সকলোতে শিশু শ্ৰমিক আৰু আমাৰ ঘৰে ঘৰে কাম কৰিবলৈ ৰখা শিশুবোৰৰ কথা নক'লেও হ'ব।এই শিশুসকল দৰিদ্ৰতা বা সমাজৰ শোষণকাৰীৰ শোষণৰ বলি হৈ শ্ৰমত নিয়োজিত হোৱা দেখা যায়।পখিলা খেদা বয়সতে ঘৰ এখনৰ আৰ্থিক দৈন‍্যতা দূৰ কৰিবলৈ উপাৰ্জনৰ পথ বিচাৰি লয় নিজৰ শিক্ষাক বিসৰ্জন দি।এইধৰণৰ সমস্যাসমূহ  দূৰ কৰিবলৈ চৰকাৰে প্ৰৱৰ্তন কৰা আইনসমূহৰ সফল ৰূপায়ণত বিফল হোৱাহে দেখা গৈছে।ৰোধ কৰিব পৰা নাই এনে গভীৰ সমস্যা ।দোষীয়ে উপযুক্ত শাস্তি পোৱা নাই।বৰ্তমান অভিভাৱক সকলক শিশুৰ প্ৰতি ধ‍্যান-ধাৰণা বৃদ্ধি কৰিবলৈ উপযুক্ত সামাজিক বাতাবৰণ গঢ়ি তোলাতো বিশেষ জৰুৰী হৈ পৰিছে।


         সমগ্ৰ বিশ্বতে  ২০ নবেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰাৰ পৰিৱৰ্তে আমাৰ দেশ ভাৰতবৰ্ষত ১৪ নবেম্বৰ তাৰিখে শিশু দিৱস পালন কৰা হয়।সেইদিনা নেহৰুৰ জন্মদিন।আমাৰ অতিকৈ মৰমৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে কম ভাল পাইছিলনে পৃথিৱীৰ শিশুবোৰক।তেওঁ এবাৰ যি ঠাইলৈ গৈছিল সেই ঠাইৰ শিশুবোৰক আপোন কৰি ল'ব পৰা গুণটো মহানতাৰ পৰিচয় আছিল।এই মৰমৰ বাবেই পালন কৰা হয় তেওঁৰ জন্ম তিথি শিশুদিৱস হিচাপে।শিশুসকলৰ সাৰ্বজনীন মংগল সাধন কৰাই হ'ল শিশু দিৱসৰ মুখ্য উদ্দেশ্য।বৰ্তমান আমি দেখিবলৈ পোৱা আন এখন ছবি হৈছে শিশুৰ কল‍্যাণ আৰু উৎকৰ্ষ সাধনত ব‍্যৰ্থ শিশু দিৱসৰ প্ৰাসংগিক অধ‍্যায়। প্ৰতিদিনে নিৰ্যাতিত হোৱা হাজাৰ হাজাৰ শিশুৰ চকুৰ পানীক ৰুধিব পাৰিব জানো বছৰটোৰ এটা দিনৰ বাবে আয়োজন কৰা শিশুদিৱসে।   কেৱল এটা দিনত শিশুসকলৰ হাতত এটা সুস্বাদু আহাৰৰ পেকেট তুলি দি পাৰিবজানো ৰুধিব শিশুৰ বছৰটোৰ ক্ষুধা ।অকল সেয়ে নহয় মাত্ৰ এটা দিনত শিশু দিৱস বুলি এষাৰ মৰমৰ মাত আগবঢ়াই পাৰিবজানো ৰুধিব শিশুৱে প্ৰতিনিয়ত শুনি অহা কঠুৱা দুৰ্ব‍্যৱহাৰ ? চৰকাৰে প্ৰৱৰ্তন কৰা সৰ্বশিক্ষা অভিযানৰ জৰিয়তে পাৰিছে জানো দেশৰ সমস্ত শিশুক এই আইনৰ বশৱৰ্তী কৰিব ? তেন্তে এই আইনৰ মূল্য ক'ত ? ক'ত হেৰাই গ'ল শিশু দিৱসৰ প্ৰাসংগিকতা।নেহৰু খুৰাইটো কেতিয়াও এনে এটা দিনৰ কল্পনা কৰা নাছিল।তেওঁ বিচাৰিছিল পৃথিৱীৰ সকলো শিশু সিহঁতৰ বয়সানোসন্ধিত পখিলা উৰাদি উৰক।সিহঁতেস্কুললৈ যাওক,পঢ়ক আৰু একোজন সুনাগৰিক হৈ দেশ,বংশৰ নামোজ্জ্বল কৰক।এদিন এইসকল শিশুৱে দুৰ্নীতিৰ বিৰোধিতা কৰিব লাগিব।জনমত গঠন কৰিব লাগিব আৰু সেয়ে সিহঁতৰ সম্ভাৱনা প্ৰকট হোৱাকৈ সিহঁতৰো বিকাশ হ'ব লাগিব।


       বৰ্তমান অসম্ভৱ হৈ পৰিছে নেহৰুৰ এই চিন্তা।কিন্তু আমি যদি সদলবলে চেষ্টা কৰোঁ তেন্তে অসম্ভৱকো এদিন সম্ভৱ কৰিব পাৰিম।শিশুৰ মাজত সোমাই থকা সম্ভাৱনাক আমিয়েই উলিয়াই আনিব লাগিব সমাজৰ সন্মুখলৈ।


        শিশু দিৱসৰ দিনা নেহৰুক প্ৰণাম জনাই,স্মৰণ কৰি,মাইক বজাই, মিটিং পাতি শিশুৰ ওপৰত ডাঙৰ ডাঙৰ ভাষণ দিলেই শিশুদিৱসৰ তাৎপৰ্য প্ৰকট হৈ নুঠে।এয়া শিশুৰ বাবে কৰণীয় নহয়।আপুনি এখন মঞ্চত ভাষণ দি থকা অৱস্থাত আপোনাৰ সন্মুখৰ ৰাস্তাত হয়তো কোনো শিশুৱে জাৱৰ খুঁচৰি আছে নাইবা বেচিবলৈ প্লাষ্টিক বটল বুটলি আছে।আপুনিযে ডাঙৰ ডাঙৰকৈ ভাষণ দি আছে সেইসময়ত হয়তো এটি শিশুৱে এসোপামান কৰ্কথনাৰে বনকৰা হিচাপে নিয়োজিত হৈ আছে আপোনাৰ ঘৰতে বা আপোনাৰ কাষৰ ঘৰতে।ইয়াকে কয় অৰ্ধসচেতন নাগৰিক।মানুহক বা সমাজক দেখুৱাই মেলে-মিটিঙে ভাষণ দি ফুৰিলে সমস্যাৰ সমাধান নহয়।সমস্যাৰ সমাধান তেতিয়াহে হ'ব যেতিয়া আমি নিজেই শিশু শ্রমিক নিয়োজিত কৰা বন্ধ কৰিম।নিজৰ কামখিনি নিজেই সমাধা কৰাৰ প্ৰয়াস কৰিম।ওচৰৰ ঘৰখনত নিয়োজিত বনকৰা ল'ৰাটো বা ছোৱালীজনীক শিশু আইনৰ সহায় লৈ শিশু শ্ৰমিক বন্ধনৰ পৰা মুক্ত কৰিম আৰু সিহঁতৰ মাজত শিক্ষাৰ পোহৰ বিলাবলৈ আহোপুৰুষাৰ্থ কৰিম।উদ‍্যোগত শিশু নিয়োজিত কৰাৰ পৰা বিৰত থাকিম।এইসমূহহে শিশুৰ বাবে কৰণীয়।ধনী-দুখীয়াৰ পাৰ্থক্য নকৰি সকলো শিশুকে মৰমেৰে আঁকোৱালি সম অধিকাৰ আৰু সম আইন প্ৰৱৰ্তন কৰাত আগভাগ ল'ম।


       এইক্ষেত্ৰত এটা কথা ক'বই লাগিব  যে নেহৰু খুৰাৰ প্ৰকৃত চিন্তাধাৰাৰ পৰা ফালৰি কাটি যাব নোৱাৰোঁ আমি।তেওঁ বিচৰা ধৰণে শিশুসকলৰ বাবে এটা নিৰাপদ আৰু ভাললগা পৰিৱেশ গঢ়ি তুলিবলৈ তৎপৰ হোৱাটো অতিকৈ প্ৰয়োজনীয়।আমাক শিশু দিৱসৰ দিনটোৱে শিশুসকলৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যক ঠিকেই সোঁৱৰাই ।কেৱল এটা দিনৰ বাবেহে আমিবোৰ সজাগ হওঁ।পিছলৈ সকলো ফুটুকাৰ ফেন হৈ পৰে ।আৰু বিভিন্ন অজুহাতত আমিও এই দায়িত্ব আৰু কৰ্তব্যৰ কথা পাহৰি যাওঁ।


       "মই হ'ম জৱাহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল"---এই মহান ব‍্যক্তিজনক মাত্ৰ এটা দিনৰ বাবে স্মৰণ কৰি কি লাভ যদিহে তেওঁৰ আদৰ্শ আমি পালন কৰিব নোৱাৰোঁ।বছৰি শিশু দিৱসৰ আয়োজন কিয় যদিহে তেওঁৰ মহান উদ্দেশ্য আমি অস্বীকাৰ কৰোঁ।বাটে-ঘাটে দেখা পোৱা শিশু শ্ৰমিকৰ দুৰ্দশা কিয় শিশু দিৱস পাতি অহা স্বত্বেও ? সমাজৰ উত্তৰণত বৰ্তমান এয়া এক ডাঙৰ প্ৰশ্ন মানৱ সমাজলৈ।


       শিশু দিৱস পালন কৰাৰ অর্থই হ’ল দেশৰ শিশু সকলক আনন্দ কৰাৰ বাট মুকলি কৰি এটা সুন্দৰ স্বাস্থ্যকৰ ভবিষ্যত গঢ়ি উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলা। যদি আপুনি আপোনাৰ শিশুক আনৰ লগত মিলা প্রীতিৰে  ভবিষ্যতে আগবাঢ়িবলৈ শিকাই,সকলো শিশুক মৰমৰ চকুৰে চাই তেন্তে সেই শিশু সকল ভবিষ্যতৰ এজন দায়িত্ববান নাগৰিক হিচাবে উঠি আহিব আৰু আন আন শিশু সকল যিসকলে হয়তু এনে ধৰনৰ শিক্ষা বা সংস্কাৰ নেপালে  সেইসকল শিশুৱে উপযুক্ত পৰিৱেশ পালে নিশ্চয় তেওঁলোকেও এক সুনাগৰিক হিচাবে নিজকে গঢ়ি তুলিব পাৰিব।


         নিজকে নাগৰিক বুলি চিনাকি দিয়া সকলো জনসাধাৰণ সচেতন হ'বৰ হ'ল।শিশুসকলৰ ওপৰত সুস্থ সবল জনমত গঠন কৰিবৰ হ'ল।অন‍্যায়ৰ প্ৰতিবাদ কৰিবৰ হ'ল।তেহে শিশু দিৱস পালনৰ মহৎ উদ্দেশ্য সফল হ'ব।কাৰণ কাইলৈ এই শিশুসকলেই সম্ভাৱনাৰ আকাশত একোপাহ বেলিফুল হৈ ফুলি উঠিব।

No comments