Breaking News

গোলাঘাটত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এইবাৰৰ বাণী "সংবাদ মাধ্যমক সমীহ নকৰে কোনে" শীৰ্ষক বিষয় লৈ এটা আলোচনা অনুষ্ঠিত হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক আৰু বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে । সভাত সাংবাদিক পেঞ্চনাৰ তথা জ্যেষ্ঠ সাংবাদিক দ্বীপেন দত্তই কয় যে সংবাদ মাধ্যমে মুক্তভাৱে আত্মসংযমেৰে নিজৰ দায়বদ্ধতাৰ পৰিচয় দি স্বাধীনতা উপভোগ কৰিব লাগে যাতে গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী হয় । চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংবাদ মাধ্যমে এটা সেঁতুৰ দৰে কাম কৰে বুলি উল্লেখ কৰি তেওঁ বাক স্বাধীনতা আৰু দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ সাংবাদিকসকলৰ প্ৰতি আহ্বান জনায় । 



সভাত আন এগৰাকী সাংবাদিক পেঞ্চনাৰ তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে গোলাঘাট জিলাৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকক স্মৰণ কৰি কয় যে মফচলীয় বহু সাংবাদিকে যথেষ্ট নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰি আছে । তেওঁ সাংবাদিকসকলৰ স্বাৰ্থত গ্ৰহণ কৰা বিভিন্ন আঁচনি বা সা-সুবিধাসমূহৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । সভাত তথ্য আৰু জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক জিতেন কাকতিয়ে কয় যে সংবাদ মাধ্যমৰ সৈতে জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হৈছে দায়বদ্ধতা । কলমৰ শক্তি আৰু দায়বদ্ধতাই এজন সাংবাদিকৰ নিষ্ঠা আৰু সততাৰ পৰিচয় দিয়ে বুলি তেওঁ কয় । অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক মাখন লাল বাঢ়ৈয়ে চাহ বাগিচাৰ লোকসকলৰ বিভিন্ন সমস্যাৰাজি উলিয়াই অনাৰ লগতে চৰকাৰ-প্ৰশাসনৰ আগত উপস্থাপন কৰাৰ ক্ষেত্ৰত সাংবাদিকসকলক নিজৰ দায়বদ্ধতাৰ পৰিচয় দিবলৈ সাংবাদিকসকলৰ প্ৰতি আহ্বান জনায় । 

সভাত জিলা উপায়ুক্তগৰাকীয়ে সভাপতিৰ আসনৰ পৰা কয় যে ৰাইজ আৰু চৰকাৰৰ মাজত সংযোগ স্থাপনৰ আটাইতকৈ সহজ মাধ্যম হৈছে সাংবাদিকসকল । তেওঁ লগতে প্ৰতিটো পক্ষৰে মতামত বা প্ৰতিক্ৰিয়াক গুৰুত্ব আৰোপ কৰি এটা বাতৰি প্ৰকাশ কৰিলেহে সেই বাতৰি নিৰপেক্ষ হয় বুলি মত প্ৰকাশ কৰে । তেওঁ বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৱেব পৰ্টেলসমূহৰ বাবেও অনাগত সময়ত নীতি-নিৰ্দেশনা যুগুত কৰা হ'ব বুলি আশা প্ৰকাশ কৰে । সভাত সাংবাদিক পেঞ্চনাৰ দুগ্ধ দত্ত, জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, নবীন গোহাঁই, দ্বীপমনি খাটনিয়াৰ আৰু কেইবাগৰাকীও সাংবাদিকে বক্তব্য আগবঢ়ায় । 



অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা আৰু ভালেসংখ্যক সাংবাদিকে অংশ লয় । সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্জলন কৰাৰ পাছত জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । 

No comments