Breaking News

সেমেকা স্মৃতিৰ সুবাস~১২ খণ্ড



                        মালবিকা শৰ্মা, ভুবনেশ্বৰ


পূজাৰ চুটি শেষ। সকলোৱে আগৰদৰে নিজৰ নিজৰ ঘৰলৈ গৈ দৈনন্দিন কাম-কাজত ব্যস্ত হৈ পৰিছে। মলয়ৰ গতানুগতিক জীৱন তেনেদৰেই চলিছে, ঘৰ-অফিচ-ঘৰ। তথাপিও মনটো আজিকালি ভাল লাগি থাকে। ৰাধা আৰু ববিতাৰ প্ৰায়েই ফোন আহি থাকে, ইজনে সিজনৰ দুখ-সুখৰ খবৰ-পাতি লৈ থাকে। আজিকালি ববিতাৰ গিৰিয়েকেও কেতিয়াবা ফোন কৰি খবৰ লয়। পুৰনা বন্ধুবোৰৰ মাজত আকৌ আগৰ দৰেই ঘনিষ্ঠ সম্পৰ্ক আহি গৈছে। মলয়ৰ শুকান জীৱনটো কিছু ৰঙীন যেন লগা হৈছে।

       ববিতাই তোলনীয়া জীয়েকক লৈ আত্মহাৰা হৈ আছে, কাষৰে নাম থকা স্কুল এখনত জীয়েকক নাম লগাই দিছে। ঘৰৰ মানুহখিনিয়েও জীয়েকক অতি মৰম কৰে।  আনপিনে মলয়ে টকা-পইচাৰে সহায় কৰিব লোৱাৰ পৰাই ৰাধাৰ জীয়েক মীৰায়ো মনপুতি পঢ়াত লাগিছে। তাই হেনো ভৱিষ্যতে ডাক্টৰ হৈ জনসাধাৰণৰ সেৱা কৰিব। মলয়ে প্ৰায়েই ফোন কৰি তাইৰ উৎসাহ বঢ়াই থাকে। ৰাধাই মলয়ক জনায়, গিৰিয়েকৰ মদ খোৱাটো দিনক দিনে বাঢ়ি আহিছে আৰু হাওঁফাওঁৰ ওপৰত ইয়াৰ কুপ্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। ডক্টৰে হেনো কৈছে মদ খোৱা নেৰিলে জীৱনৰ আশংকা আছে তথাপিও অবুজ গিৰিয়েকে মদকে প্ৰিয় খাদ্য হিচাপে আকোৱালি লৈছে।ৰাধায়ো গিৰিয়েকৰপৰা ভাল আশা কৰিবলৈ এৰি দিছে। একমাত্ৰ জীয়েকক কেন্দ্ৰ কৰি তাই বৰ্তমান জীৱনটো শান্তিৰে ব্যতীত কৰিব বিচাৰিছে। 

     এদিন ৰাধাই মলয়ক জনালে গিৰিয়েকক হস্পিতালত ভৰ্তি কৰা হৈছে। এসপ্তাহৰ পিছত ৰাধাৰ গিৰিয়েকৰ মৃত্যু হয়। ইয়াৰ মাজতে মলয় আৰু ববিতাই চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছে। ৰাধায়ো হয়তো মনেৰে এনে এটা দুসংবাদৰ বাবে সাজু হৈ আছিল। সেয়ে তাই বৰ বেছি একো শোক প্ৰকাশ নকৰিলে। ববিতাই মাজতে গৈ এবাৰ ৰাধা আৰু মীৰাৰ সৈতে দেখা কৰি আহিছে। ৰাধাই ফোন কৰি মলয়ক জনালে গিৰিয়েকৰ সকলো কাম-কাজ ভালদৰে সম্পন্ন হৈছে বুলি। মলয়েও সুবিধা পালে এদিন গৈ দেখা কৰি আহিব বুলি ৰাধাক ক’লে।

      দিনবোৰ পাৰ হৈ আছে। মনেৰে ইচ্ছা কৰাৰ দৰেই মীৰাই কাষৰে চহৰখনত অৱস্থিত মেডিকেলখনত নাম লগাইছে। ৰাধায়ো স্বাৱলম্বী হ’বলৈ নিজৰ ঘৰৰ এটা অংশ ভাড়া দিছে আৰু ওচৰ পাজৰৰ মহিলাসকলক চিলাই শিকাবলৈ আৰম্ভ কৰিছে। ববিতাই প্ৰায়েই ফোন কৰি দুয়োকে জীয়েকৰ দুষ্টামীবোৰৰ বৰ্ণনা দি থাকে। কেতিয়াবা জীয়েককো ফোনটো লগাই দিয়ে সিহতৰ লগত কথা পাতিবলৈ। জীয়েকৰ কথা-বাৰ্তাবোৰ বৰ মৰমলগা হৈ আহিছে। ববিতাই মলয়ক ফোন কৰি প্ৰায়েই মাতি থাকে তাইৰ ঘৰলৈ। এইবাৰ হেনো জীয়েকৰ জন্মদিন ডাঙৰকৈ পাতিব। সেয়ে ৰাধা আৰু মলয়ক ফোন কৰি তাই আগতীয়াকৈ জনাই থৈছে আহিবলৈ। 

(আগলৈ)

লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক -

https://www.facebook.com/malabika123

No comments