Breaking News

আৰক্ষী সঞ্চালক প্ৰধান (বিশেষ ) জ্ঞানেন্দ্ৰ প্ৰতাপ সিংৰ সোণাৰি আৰক্ষী থানা পৰিদৰ্শন



মৃত্যুঞ্জয় দাস, সোণাৰিঃ অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ডি জি পি জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে আজি সোণাৰি আৰক্ষী থানা পৰিদৰ্শন কৰে। অসম আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকী আজি পুৱা সোণাৰি আৰক্ষী থানাত আহি উপস্থিত হোৱাত তেওঁক উষ্ম আদৰণি জনোৱা হয়। ইয়াৰ পিছতে  সিঙে সোণাৰি আৰক্ষী থানা প্ৰাঙ্গনত থকা বিভিন্ন শাখা কাৰ্যালয় সমূহ পৰিদর্শন কৰি ইয়াৰ অভাৱ অভিযোগ সমূহৰ বুজ লয়। আৰক্ষী বিষয়াজনৰ পৰিদৰ্শন কালত তেওঁক সহযোগ কৰে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে। 

No comments