Breaking News

বিহালী স্নাতক মহাবিদ্যালয়ত মানৱ অধিকাৰৰ ওপৰত সজাগতা সভা সম্পন্ন

  


অম্লান কাশ্যপ চাহা, বিহালীঃ আভ্যন্তৰীণ মানদণ্ড নিশ্চিতকৰণ কোষ, বিহালী  স্নাতক মহাবিদ্যালয়ত যুৱ বহনক্ষম উন্নয়ন আৰু বিহালী স্নাতক মহাবিদ্যালয় উদ্যোগত  শনিবাৰে  বিহালী স্নাতক মহাবিদ্যালয়  প্ৰেক্ষাগৃহত এখনি সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয় । মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জীৱন চন্দ্র নাথে সভাপতিত্ব কৰা অনুষ্ঠানটিত আন্তৰ্জাতিক মানৱ অধিকাৰ ফেডাৰেচনে  সহযোগ কৰে । আন্তৰ্জাতিক মানৱ অধিকাৰ ফেডাৰেচনৰ মুখ্য সঞ্চালক ড. বর্নালী শৰ্মা বৰুৱাই অতিথি  হিচাপে কাৰ্যসূচীটোত উপস্থিত থকাৰ লগতে বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা নির্বাচনী বিষয়া দেৱাশীস গোস্বামীয়ে অংশগ্ৰহণ কৰে এই সজাগতা সভাত‌ । সভাত আন্তর্জাতিক মানৱ অধিকাৰ ফেডাৰেচনৰ সঞ্চালিকাই ছাত্র ছাত্রী সকলে মানৱ অধিকাৰ সম্পর্কত জ্ঞাত হব লাগে বুলি কৈ বিশেষকৈ কিশোৰ অৱস্থা অতি জটিল সময় এই সময়ত অপৰাধ প্রৱনতা বৃদ্ধি পায় আৰু সমাজত কিশোৰী সকলৰ ওপৰত ঘটি থকা নানান ধৰণৰ বিষয়েও অৱগত কৰে । তেওঁ সচেতন লোকক মানৱ অধিকাৰ সমিতিৰ সদস্য হবলৈও আহ্বান জনায় । আনহাতে নির্বাচনী বিষয়া গৰাকীয়ে বিহালী মহাবিদ্যালয়ত এ চি এচ পৰীক্ষাৰ বাবে প্রশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ আগ্রহ প্রকাশ কৰে ।  

No comments